Gallantry Awards List: গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্ব বঁটা ঘোষণা, অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

Gallantry Awards Full List: এইবাৰ ৯৪২জন সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে । ইয়াৰ ভিতৰত ৯৫ জন জোৱানক বীৰত্ব বঁটা, ১০১ জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে পদক প্ৰদান কৰা হ'ব। বীৰত্ব বঁটা লাভ কৰা ৯৫ জন জোৱানৰ ভিতৰত ৭৮ জন আৰক্ষী কৰ্মী আৰু ১৭ জন অগ্নি নিৰ্বাপক বিভাগৰ জোৱান।

Gallantry Awards List: গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্ব বঁটা ঘোষণা, অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

ৰাষ্ট্ৰপতিৰ পদক

Updated On: 

25 Jan 2025 | 12:50 PM

গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হৈছে বীৰত্ব বঁটা। এইবাৰ ৯৪২জন সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে । ইয়াৰ ভিতৰত ৯৫ জন জোৱানক বীৰত্ব বঁটা, ১০১ জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে পদক প্ৰদান কৰা হ’ব। বীৰত্ব বঁটা লাভ কৰা ৯৫ জন জোৱানৰ ভিতৰত ৭৮ জন আৰক্ষী কৰ্মী আৰু ১৭ জন অগ্নি নিৰ্বাপক বিভাগৰ জোৱান।

একে সময়তে, ১০১গৰাকী সৈনিকক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত আছে ৮৫ জন আৰক্ষী সেৱা, ৫ গৰাকী অগ্নি নিৰ্বাপক সেৱা, ৭ গৰাকী অসামৰিক প্ৰতিৰক্ষা-গৃহৰক্ষী আৰু ৪ গৰাকী সংশোধনী সেৱাৰ কৰ্মী।

ইয়াৰ উপৰিও,  ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে বীৰত্ব বঁটা প্ৰদান কৰা, ৬৩৪ গৰাকীক আৰক্ষী সেৱক, ৩৭ জনক অগ্নি নিৰ্বাপক সেৱক, ৩৯টা বঁটা অসামৰিক প্ৰতিৰক্ষা/গৃহৰক্ষীবাহিনীক আৰু ৩৬টা বঁটা সংশোধনী সেৱাৰ জোৱানকসকলক প্ৰদান কৰা হ’ব। সম্পূৰ্ণ তালিকাখন চাওক

বীৰত্ব পদক লাভ কৰা জোৱানসকল

ৰাজ্য জোৱান
ছত্তীশগড় ১১
ওড়িশা
উত্তৰ প্ৰদেশ ১৭
জম্মু-কাশ্মীৰ আৰক্ষী ১৫
BSF
CRPF ১৯
SSB
অসম ৰাইফলছ
উত্তৰ প্ৰদেশ অগ্নি নিৰ্বাপক বিভাগ ১৬
জম্মু-কাশ্মীৰ অগ্নি নিৰ্বাপক বিভাগ

 

ৰাষ্ট্ৰপতিৰ পদক

ইয়াৰ উপৰিও অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পদক। আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে।  লগতে ৰাজ্যৰ ১৪গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে । তেওঁলোকৰ ভিতৰত আছে IGP ৰফিকুল ইছলাম, প্লাটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, SP উপেন কলিতা, SI খগেন্দ্ৰ ৰয়, SI চিত্ৰমোহন ৰাভা, ASI হেমেন ভূঞা, পৰিদৰ্শক বলুৰাম চাউদাং, হাবিলদাৰ হেৰম্ব নাথ, SI বিবেকানন্দ শর্মা, ASI বিষ্ণুপ্রসাদ চেত্রী, কনিষ্টবল দীপক কাকতি, কনিষ্টবল শংকু চৌধুৰী, কনিষ্টবল গজেন মৰাণ, নায়ক বাপধন ৰাজবংশী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...