Top News: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

বিটিচি নিৰ্বাচনৰ পূৰ্বেই সংঘাতৰ সূত্ৰপাত বিজেপি আৰু ইউপিপিএলৰ মাজত। বিজেপিয়ে অকলেই বিটিচি নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাচত এইবাৰ ইউপিপিএলে সকীয়নি দিছে গেৰুৱা দলটোক। ইয়াৰোপৰি পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।

Top News: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

গুৰুত্বপূৰ্ণ খবৰ

Updated On: 

05 Aug 2025 19:41 PM

৫ আগষ্টৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) বেদখল ভূমি মুক্ত কৰাৰ অভিযান চৰকাৰৰ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অসমৰ ৰাইজে উচ্ছেদি লোকক আশ্ৰয় দিয়া উচিত নহয়। নহ’লে উচ্ছেদ চলোৱা কোনো অৰ্থ নাথাকিব। তেওঁৰ দাবী, বেদখলৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানসমূহ অসমীয়া “জাতি”ৰ স্বাৰ্থ আৰু পৰিচয় ৰক্ষাৰ এক বহল অভিযানৰ অংশ।

B) বিটিচি নিৰ্বাচনৰ পূৰ্বেই সংঘাতৰ সূত্ৰপাত বিজেপি আৰু ইউপিপিএলৰ মাজত। বিজেপিয়ে অকলেই বিটিচি নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাচত এইবাৰ ইউপিপিএলে সকীয়নি দিছে গেৰুৱা দলটোক। নিৰ্বাচনী লাভালাভৰ বাবে বিটিআৰৰ ৰাজনীতিকলৈ হেতালি নেখেলিবলৈ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিক সকীয়াই দিলে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে।

C) আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিলে কৰ্মশ্ৰী বঁটা। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্য তিথিত আয়োজন এই অনুষ্ঠানৰ। মন্ত্ৰী ৰঞ্জিত দাসে ১২টা বিষয়াৰ দলক দলীয় তথা এককভাৱে কৰ্মশ্ৰী বঁটা প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই অনুষ্ঠান অনুষ্ঠিত হয়।

D) গুৱাহাটীৰ গেষ্ট হাউচত পুনৰ নিষিদ্ধ বেহা। নাম সাঙোৰ খাইছে জয়ানগৰৰ বেপ্তিছ ইন গেষ্ট হাউচৰ। প্ৰায় ১০ গৰাকী যুৱতীক দেহ ব্যৱসায়ত জড়িত কৰাৰ তথ্য। বৰ্তমানলৈকে অন্তৰ্ধান গেষ্ট হাউচৰ পৰিচালক আৰু স্বতাধিকাৰী। কিন্তু এতিয়ালৈ সংবাদ মাধ্যমৰ আগত মুখ খুলা নাই তাত কৰ্মৰত লোকসকলে ।

E) উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি। উত্তৰকাশীত হৈছে এই বিস্ফোৰণ। এই ঘটনাত প্ৰায় ১২ জন লোক ধ্বংসাৱশেষৰ তলত আৰু ৬০ জন লোক নিৰুদ্দেশ হোৱাৰ খবৰো পোৱা গৈছে। সামাজিক মাধ্যমত ভাইৰেল এই ডাৱৰ বিস্ফোৰণৰ ভিডিঅ’।

F) মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কোনো মহিলাক নিশা কাম কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে। ওড়িশাৰ শ্ৰম আৰু ই এছ আই বিভাগে জাৰি কৰা এই অধিসূচনা। এক নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই অধিসূচনা জাৰি।

G) ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰত্যুত্তৰ দিলে নতুন দিল্লীয়ে। দাঙি ধৰিলে আমেৰিকাৰ ‘দুমুখীয়া’ স্থিতি। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাক লৈ ট্ৰাম্পে দি আহিছিল ভাবুকি। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিযোগে ট্ৰাম্পৰ অবিৰত আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে।

H) ভাৰত নহয় বিদেশী ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাৰে। শচীন তেণ্ডুলকাৰৰ কন্যা হৈ পৰিছে ব্ৰেণ্ড এম্বেছাদৰ। অষ্ট্ৰেলিয়াৰ নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা। এতিয়া ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।

I) গৌতম গম্ভীৰক লৈ ক্ষোভ অনুৰাগীৰ। অভাল জয় কৰাৰ পিছত টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকে বিৰাট-ৰোহিতক ঠাট্টা কৰাৰ অভিযোগ। দুয়োগৰাকী খেলুৱৈয়ে বিশ্বৰ শ্ৰেষ্ঠ বেটাৰৰ ভিতৰত অন্যতম। বিচিচিআইয়ে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা এটা ভিডিঅ হৈ পৰিছে এতিয়া ভাইৰেল।

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...