ঢাকাত কাৰবাবে অস্থায়ী কাৰাগাৰ সাজিছে ইউনুছ চৰকাৰে?
দেওবাৰে বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, "ঢাকা কেণ্টনমেণ্টৰ বছাৰ ৰোডৰ কাষতে থকা এম ই এছ বিল্ডিংটো সাময়িকভাৱে ৰূপান্তৰিত কৰা হৈছে কাৰাগাৰলৈ। কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে এই আদেশ। যিটো তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে।"

বাংলাদেশত অস্থায়ী কাৰাগাৰ
বাংলাদেশৰ ৰাজধানী ঢাকাৰ কেণ্টনমেণ্টৰ এটা অট্টালিকাক অস্থায়ী কাৰাগাৰ হিচাপে ঘোষণা কৰিছে ইউনুছ চৰকাৰে। কিন্তু তেওঁলোকে কিয় হঠাতে ছাউনীটোক কাৰাগাৰলৈ ৰূপান্তৰিত কৰিবলগীয়া হ’ল? বহুতে বিশ্বাস কৰে যে এই অস্থায়ী কাৰাগাৰ নিৰ্মাণৰ আঁৰৰ কাৰণ হ’ল শ্বেখ হাছিনাৰ কাৰ্যকালত ‘গোপনভাৱে নিৰ্যাতন’ আৰু জুলাইৰ বিদ্ৰোহৰ সময়ত ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ সৈতে জড়িত বুলি অভিযুক্ত ১৫ জন সেনা বিষয়াক জিম্মাত লোৱা।
ইতিমধ্যে বাংলাদেশৰ সেনাই এই অভিযুক্ত সেনা বিষয়াসকলক জিম্মাত লৈছে। তাৰ পিছত নিৰ্মাণ হ’ল অস্থায়ী কাৰাগাৰ।
দেওবাৰে বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, “ঢাকা কেণ্টনমেণ্টৰ বছাৰ ৰোডৰ কাষতে থকা এম ই এছ বিল্ডিংটো সাময়িকভাৱে ৰূপান্তৰিত কৰা হৈছে কাৰাগাৰলৈ। কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে এই আদেশ। যিটো তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে।” কিন্তু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই অস্থায়ী কাৰাগাৰত কাক বন্দী হিচাপে ৰখা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰদান কৰা নাই।
যোৱা বুধবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৩টা গোচৰত ২৫জন কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত বাংলাদেশী সেনা বিষয়াৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰৰ পৰোৱানা। ইয়াৰে ১৫ জন এতিয়াও সেনাবাহিনীত কৰ্মৰত আৰু এজন অৱসৰৰ পূৰ্বে ছুটীত আছে।
এই ১৬ জনৰ ভিতৰত পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ সামৰিক সচিব মেজৰ জেনেৰেল কবীৰ আহমেদৰ বাহিৰে সকলোকে জিম্মাত লোৱা হৈছে। অৱশ্যে সেনাৰ এডজুটেণ্ট জেনেৰেল মেজৰ হাকিমুজ্জামানে সংবাদমেলত কয় যে কবীৰ ‘লুকাই’ আছে। সেয়ে তেওঁৰ অৱস্থান বিচাৰি পোৱা নগ’ল।
কিন্তু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কি? বাংলাদেশৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে, শ্বেখ হাছিনাৰ কাৰ্যকালত ‘গোপনে নিৰ্যাতন’ আৰু জুলাই বিদ্ৰোহৰ সময়ত ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ অভিযোগত তেওঁলোকক জিম্মাত লৈছে সেনাই।
অৱশ্যে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে একাংশই। হাছিনাৰ কাৰ্যকালত ‘নিষ্ঠুৰতা’ৰ অভিযোগ উত্থাপন কৰি বহুতে বাংলাদেশৰ সেনাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ ফলত বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানৰ ওপৰতো ক্ৰমাৎ চাপ বৃদ্ধি পোৱা দেখা গৈছে।