১১৬ বছৰ বয়সত মৃত্যু বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলাৰ…

১১৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে টমিকো ইটোকাই। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা ইটোকাৰ নাম বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা হিচাপে ৰেকৰ্ড কৰা হৈছিল।

১১৬ বছৰ বয়সত মৃত্যু বিশ্বৰ আটাইতকৈ বয়সীয়াল জাপানী মহিলাৰ...

শেষ নিশ্বাস ত্যাগ কৰিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা গৰাকীয়ে

Published: 

04 Jan 2025 20:53 PM

বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা টমিকো ইটোকা আৰু নাই । ১১৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে টমিকো ইটোকাই। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা ইটোকাৰ নাম বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা হিচাপে ৰেকৰ্ড কৰা হৈছিল। ৪ জানুৱাৰী শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ লগতে অন্যান্য বিষয়াই তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে । জাপানী সংবাদ মাধ্যমৰ মতে, ইটোকাৰ মৃত্যু হয় ৯:০৩ বজাত। তেখেত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল, যাৰ বাবে তেওঁক নাৰ্চিং হোমত ভৰ্তি কৰা হৈছিল।

কিয়’ডো নিউজে প্ৰকাশ কৰা অনুসৰি, হ্য’গো প্ৰিফেকচাৰ চৰকাৰে জনোৱা মতে, চলিত সপ্তাহৰ আৰম্ভণিতে পশ্চিম জাপানৰ আছিয়া চহৰৰ এখন নাৰ্চিং হোমত ইটোকাৰ মৃত্যু হয়। ১৯০৮ চনৰ ২৩ মে’ত ওছাকাত জন্মগ্ৰহণ কৰিছিল জাপানী মহিলা ইটোকাই। তিনি গৰাকী ভাই-ভনীৰ ভিতৰত তেওঁ আছিল ডাঙৰ।

২০২৩ চনৰ ডিচেম্বৰ মাহত ওছাকা প্ৰিফেকচাৰৰ কাছিৱাৰাত ১১৬ বছৰীয়া ফুছা টাটছুমিৰ মৃত্যুৰ পিছত ইটোকা জাপানৰ আটাইতকৈ বয়সীয়াল মহিলা হিচাপে পৰিগণিত হয়। ১৯০৭ চনৰ ২৫ এপ্ৰিলত জন্মগ্ৰহণ কৰা ফুছা টাটছুমি ২০২২ চনৰ এপ্ৰিল মাহত ফুক’কাত ১১৯ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যুৰ পিছত জাপানৰ আটাইতকৈ বয়সীয়াল মহিলা হিচাপে পৰিগণিত হয়।

স্পেইনৰ ১১৭ বছৰীয়া মাৰিয়া ব্ৰানিয়াছ মৰেইৰাৰ মৃত্যুৰ পিছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ইটোকাক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মহিলা হিচাপে স্বীকৃতি দিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি মৰেইৰাৰ জন্ম হৈছিল ১৯০৭ চনৰ ৪ মাৰ্চত।

জীৱনৰ শেষ সময়ত তেওঁ থকা নাৰ্চিং হোমত ইটোকাই নিজৰ প্ৰিয় লেক্টিক এচিড পানীয় খাই ভাল পাইছিল আৰু প্ৰায়ে হাস্পতালখনৰ কৰ্মচাৰীসকলক ধন্যবাদ জনাইছিল। ইটোকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আছিয়াৰ মেয়ৰ ৰিয়াছুকে তাকাছিমাই । তেওঁ কয় যে,  দীৰ্ঘ জীৱনৰ সময়ছোৱাত ইটোকাই আমাক বহুত সাহস আৰু আশা দিছিল।

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?