World’s Most Expensive Cow: বিশ্বৰ আটাইতকৈ দামী গৰু বিক্ৰী হ’ল ৪৮ লাখ ডলাৰত…

আপুনি ভাবক এটা গৰু কিমান টকাত বিক্ৰী হ'ব পাৰে ? শেহতীয়াকৈ ব্ৰাজিলৰ ভিয়াটিনা-১৯ নামৰ এটা নেল’ৰ গৰুৱে আচৰিত ধৰণৰ মূল্য লাভ কৰিছে ।

Worlds Most Expensive Cow: বিশ্বৰ আটাইতকৈ দামী গৰু বিক্ৰী হল ৪৮ লাখ ডলাৰত...

ভিয়াটিনা-১৯ নামৰ নেল’ৰ গৰু

Published: 

04 Feb 2025 | 05:27 PM

অসমৰ কৃষিভিত্তিক সমাজ ব্যৱস্থাত গৰু এক অবিচ্ছেদ্য অংশ । বৰ্তমানৰ কৃষি কাৰ্যত যদিও যান্ত্ৰিকতাৰ প্ৰভাৱ পৰিছে তথাপিও গৰুৰ গুৰুত্ব নোহোৱা হোৱা নাই । অসমৰ পশু পালকসকলে গৰুৰ গাখীৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লৈছে । একে সময়তে গৰু গোবৰ জৈৱিক খেতিৰ বাবে অতি উপযোগী । ইফালে গৰুৰ এখন বৃহৎ বজাৰ আছে, য’ত নেকি জাত অনুসৰি নিদিষ্ট মূল্যত গৰু কিনা-বেচা হয় ।

আপুনি ভাবক এটা গৰু কিমান টকাত বিক্ৰী হ’ব পাৰে ? টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ ব্ৰাজিলৰ ভিয়াটিনা-১৯ নামৰ এটা নেল’ৰ গৰুৱে আচৰিত ধৰণৰ মূল্য লাভ কৰিছে । ইতিমধ্যে এই বিশেষ জাতৰ গৰুটো বিশ্ব সৰ্বাধিক মূল্যৰ গৰু হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে । এই গৰুটো বিক্ৰী কৰা হৈছে ৪৮ লাখ ডলাৰত ।

ব্ৰাজিলৰ মিনাছ গেৰাইছত বিশ্বৰ আটাইতকৈ দামী নেল’ৰ গৰু হিচাপে ভিয়েটিনা-১৯য়ে ইতিহাস ৰচনা কৰিছে। ১,১০১ কিলোগ্ৰাম ওজনৰ ভিয়াটিনা-১৯য়ে সৰ্বাধিক মূল্যৰ গৰু হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে ।

একে সময়তে জেনেটিক্স আৰু পেশীবহুল সৌন্দৰ্য্যৰ বাবে এই গৰুটোৱে চেম্পিয়নছ অৱ দ্য ৱৰ্ল্ডত মিছ দক্ষিণ আমেৰিকাৰ মুকুটতো লাভ কৰিছে । ভিয়েটিনা-১৯ হৈছে এবিধ বিশুদ্ধ জাতৰ নেল’ৰ গৰু যি নিজৰ সুকীয়া শাৰীৰিক বৈশিষ্ট্যৰ বাবে পৰিচিত। মূলতঃ ভাৰতত উৎপত্তি নেল’ৰ জাতৰ গৰুৰ তাপ সহনশীলতা, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্ৰজনন ক্ষমতাৰ বাবে অধিক মূল্য দিয়া হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...