World Lung Cancer Day: কেৱল ধূমপান নহয়,এই কেইটা হ’ব পাৰে হাওঁফাওঁ কৰ্কট ৰোগৰ কাৰক
প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনত ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১.৪৬ মিলিয়ন আছিল। এই সংখ্যা ২০২৫ চনলৈ বৃদ্ধি হৈ ১.৫৭ মিলিয়ন হোৱাৰ সম্ভাৱণা আছে।

কৰ্কট ৰোগ বিশ্ব বাসীৰ বাবে এক ডাঙৰ সমস্যাত পৰিণত হৈছে। এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাই আছে। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ থাকে। তাৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম। এই কৰ্কট ৰোগ সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ প্ৰতি বছৰৰ ১ আগষ্টৰ দিনটোত World Lungs Cancer day (বিশ্ব হাওঁফাওঁৰ কৰ্কট ৰোগ দিৱস) পালন কৰা হয়।যোৱা বছৰ মেডিকেল জাৰ্নেল দ্য লেন্সেটত এটা প্ৰতিবেদন প্ৰকাশ পাইছিল য’ত উল্লেখ আছিল যে ধুমপান নকৰা লোকসকলেও এই ৰোগত আক্ৰান্ত হয়। আনকি শিশুৰ শৰীৰতো কেতিয়াবা এই ৰোগে দেখা দিয়ে।
ইতিহাস
প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনত ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১.৪৬ মিলিয়ন আছিল। এই সংখ্যা ২০২৫ চনলৈ বৃদ্ধি হৈ ১.৫৭ মিলিয়ন হোৱাৰ সম্ভাৱণা আছে। এনে পৰিস্থিতিত মানুহৰ হাওঁফাওঁৰ প্ৰয়োজনীয়তা আৰু কেনেকৈ হাওঁফাওঁ ভালে ৰাখিব পাৰিব তাৰ বিষয়ে সজাগ কৰিবলৈ বিশ্ব হাওঁফাওঁ দিৱস পালন কৰা হয়।
লং কেন্সাৰ ফাউণ্ডেশ্যন অফ আমেৰিকাৰ মতে প্ৰথমবাৰৰ বাবে বিশ্ব হাওঁফাওঁ দিৱস ২০১২ চনত পালন কৰা হৈছিল। তেতিয়াৰ পৰা আজিলৈ ১ আগষ্টত এই দিৱস পালন কৰা অহা হৈছে। এই দিনটোত হাওঁফাওঁৰ কৰ্কট ৰোগ সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বহু পদক্ষেপ গ্ৰহণ কৰা হয়।
লক্ষণ
হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ বহু কাৰণ আছে। কিন্তু ধঁপাতজাত সামগ্ৰী সেৱন ইয়াৰ এক ডাঙৰ কাৰণ বুলি ক’ব পাৰি। বিশেষজ্ঞসকলৰ মনতে হাওঁফাওঁক কৰ্কট ৰোগৰ মৃত্যু হোৱা ৰোগীৰ ৮০ শতাংশই ধূমপানৰ সৈতে জড়িত।
- যদি বহু দিন ধৰি কাহ হৈ থাকে আৰু ঔষধ খোৱাৰ পাছতো ঠিক নহয় তেন্তে ই এক কাৰণ হ’ব পাৰে।
- কাহৰ লগত তেজ অহা।
- বুকুত বিষ অনুভৱ কৰা।
- উশাহ লোৱাত কষ্ট পোৱা।
- মাতৰ পৰিৱৰ্তন। মাতটো অধিক কৰ্কশ হৈ পৰা।
- অস্বাভাৱিকভাৱে ওজন কমি যোৱা।
- সকলো সময়তে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা।
- হাওঁফাওঁৰ সংক্ৰমণ সঘনাই হোৱা। যেনে ব্ৰংকাইটিছ, নিউমোনিয়া আদি বাৰে বাৰে হোৱা।
- উশাহ লোৱাৰ সময়ত বুকুৰ মাত ওলোৱা।
- মুখ, ডিঙি, বাহু বা বুকুৰ ওপৰৰ অংশ ফুলি যোৱা।
- ভোক কমি যোৱা।
- কমকৈ ঘাম ওলোৱা।
এয়া মাত্ৰ কেইটামান লক্ষণ। ইয়াৰোপৰি আৰু বহু সৰু- বৰ সমস্যাই দেখা দিয়ে। এইবোৰ লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।
কাৰণ
হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ বহু কাৰণ আছে। ধূমপান নকৰা, শিশুসকলৰ মাজতো এই ৰোগ দেখা দিয়ে। তলত কেইটামান কাৰণ উল্লেখ কৰা হ’ল-
- ধূমপানঃ হাওঁফাওঁৰ কৰ্কট ৰোগৰ মুখ্য কাৰণ ধূমপান বুলি কোৱা হয়। হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৮০ শতাংশ ৰোগী ধূমপানৰ বাবে মৃত্যু মুখত পৰে। চিগাৰেটৰ ধোঁৱাত থকা কাৰ্চিনোজেনে হাওঁফাওঁৰ কোষৰ ক্ষতি কৰে। ইয়াৰ বাবে কোষ বৃদ্ধি হবলৈ আৰম্ভ কৰে, ই কেন্সাৰৰ কাৰণ হৈ পৰে।
- এছবেষ্টছৰ এক্সপোজাৰ (Asbestos exposure)ঃ এছবেষ্টছৰ শ্বীট প্ৰস্তুত কৰাৰ সময়ত নিৰ্গত হোৱা ধূলি আৰু আঁহবোৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি পায়। ইয়াৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এছবেষ্টছ হৈছে এবিধ খনিজ, যি বতাহত দীৰ্ঘদিন ধৰি থাকে। ইয়াৰ পৰা আঁহ গঠন হয়। যিসকল লোকে খনন, উৎপাদন আৰু নিৰ্মাণত কাম কৰে তেওঁলোক বেছিভাগেই ইয়াৰ সংস্পৰ্শলৈ আহে।
- বায়ু প্ৰদূষণঃ তথ্য অনুসৰি বায়ু প্ৰদূষণো হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ। ৰেডন গেছৰ সংস্পৰ্শলৈ আহিলে হাওঁফাওঁৰ কোষৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ঘৰৰ ভিতৰত পোৱা এই গেছত সৰু সৰু তেজস্ক্রিয় কণা পোৱা যায়, যাৰ বাবে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও বাহিৰৰ ক্ষতিকাৰক গেছেও ক্ষতি কৰে।
- পাৰিবাৰিকঃ তথ্য অনুসৰি এই কৰ্কট ৰোগ পাৰিবাৰিক কাৰণতো হয়। অৰ্থাত পৰিয়ালৰ কোনো লোক যদি এই ৰোগত আক্ৰান্ত হৈছে পাছত অন্য লোকো আক্ৰান্ত হব পাৰে।
- ইয়াৰোপৰি উশাহজনিত সমস্যা, নিচাযুক্ত দ্ৰব্য সেৱন আদি বিভিন্ন কাৰণত এই ৰোগ হব পাৰে।
প্ৰকাৰ আৰু পৰ্যায়
হাওঁফাওঁৰ কৰ্কট ৰোগৰ সাধাৰণতে দুটা প্ৰকাৰ থাকে। সেই কেইটা- non-small cell lung cancer (অক্ষুদ্ৰ কোষীয় হাওঁফাওঁৰ কৰ্কট ৰোগ) and small cell lung cancer (ক্ষুদ্ৰ কোষীয় হাওঁফাওঁৰ কৰ্কট ৰোগ)। ইয়াৰোপৰি হাওঁফাওঁৰ ভিতৰত বা আশে পাশেও এই কৰ্কট ৰোগ হব পাৰে। এই সমূহৰ ভিতৰত আছে লিম্ফোমাছ. চাৰকোমা, প্লুৰাল, মেছথেলিঅমা আদি।
হাওঁফাওঁ কৰ্কট ৰোগৰ পৰ্যায়সমূহ-
- ষ্টেজ ০ : এই সময়ত কেন্সাৰ হাওঁফাওঁ বা ব্ৰংকাছৰ ওপৰৰ আৱৰণত থাকে। আন অংশলৈ ই নিবিয়পে।
- ষ্টেজ ১ঃ ৰোগ হাওঁফাওঁৰ বাহিৰলৈ যোৱা নাই।
- ষ্টেজ ২ঃ এই পৰ্যায়ত ৰোগ হাওঁফাওঁৰ ভিতৰৰ লিম্ফ নডলৈ বিয়পি পৰে। কেতিয়াবা হাওঁফাওঁৰ এটা লোবত এটাতকৈ অধিক টিউমাৰ থাকে।
- ষ্টেজ ৩ঃ এই পৰ্যায় ডাঙৰ। ইয়াত হাওঁফাওঁৰ লিম্ফ নডলৈ বিয়পি পৰে। লোবত এটাতকৈ অধিক টিউমাৰ হয়।
- ষ্টেজ ৪ঃ এই পৰ্যায়ত হাওঁফাওঁৰ চাৰিওফালে থকা তৰল পদাৰ্থলৈ, হৃদযন্ত্ৰৰ চাৰিওফালে থকা তৰল পদাৰ্থ বা দূৰৈৰ অংগলৈ বিয়পি পৰিছে।