গৰ্ভৱতী হ’ল বিশ্বৰ প্ৰথমগৰাকী AI মন্ত্ৰী, জন্ম দিব ৮৩টা সন্তান! প্ৰধানমন্ত্ৰীৰ ঘোষণা…
কেৱল এজন বা দুটা নহয়, ৮৩টা এআই সন্তান জন্ম দিব মন্ত্ৰীগৰাকীয়ে। আলবেনিয়াত চৰকাৰত এআইৰ চাহিদা কেনেদৰে ক্ৰমান্বয়ে বৃদ্ধি পাইছে সেয়া স্পষ্টভাৱে প্ৰমাণিত হৈছে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাই। এই ৮৩টা এআই শিশুৱে প্ৰতিজন ছ’চিয়েলিষ্ট পাৰ্টিৰ সাংসদক প্ৰতিনিধিত্ব কৰিব।

গৰ্ভৱতী হ’ল বিশ্বৰ প্ৰথমগৰাকী AI মন্ত্ৰী
শেহতীয়াকৈ আলবেনিয়াৰ প্ৰধানমন্ত্ৰী এডি ৰামাই কৰিছে এক আচৰিত ঘোষণা। পিএন গোস্বামীয়ে ঘোষণা কৰে যে দেশৰ প্ৰথমগৰাকী এআই চৰকাৰৰ মন্ত্ৰী ডিয়েলা গৰ্ভৱতী। কেৱল এজন বা দুটা নহয়, ৮৩টা এআই সন্তান জন্ম দিব মন্ত্ৰীগৰাকীয়ে। আলবেনিয়াত চৰকাৰত এআইৰ চাহিদা কেনেদৰে ক্ৰমান্বয়ে বৃদ্ধি পাইছে সেয়া স্পষ্টভাৱে প্ৰমাণিত হৈছে প্ৰধানমন্ত্ৰীৰ এই ঘোষণাই। এই ৮৩টা এআই শিশুৱে প্ৰতিজন ছ’চিয়েলিষ্ট পাৰ্টিৰ সাংসদক প্ৰতিনিধিত্ব কৰিব।
জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা গ্ল’বেল ডাইলগ (বিজিডি) সন্মিলনত ভাষণ দি ৰামাই কয়, “আজি আমি ডিয়েলাৰ সৈতে ডাঙৰ ৰিস্ক লৈছো, আৰু আমি সফল হ’লোঁ। গতিকে, প্ৰথমবাৰৰ বাবে ডিয়েলা গৰ্ভৱতী আৰু তেওঁৰ ৮৩টা সন্তান হ’ব।”
কেনেকৈ গৰ্ভৱতী হ’ল?
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, এআই মন্ত্ৰীগৰাকী কেনেকৈ গৰ্ভৱতী হ’ল? এই কথাটো বহুতৰে বাবে আচৰিত যেন লাগে। আচলতে ডিয়েলা কোনো প্ৰকৃত মানুহ নহয়; তেওঁ এগৰাকী AI। যেতিয়া প্ৰধানমন্ত্ৰী ৰামাই কয় যে, ডিয়েলা গৰ্ভৱতী আৰু ৮৩টা সন্তান জন্ম দিবলৈ ওলাইছে, তেতিয়া ইয়াৰ দ্বাৰা প্ৰকৃত গৰ্ভাৱস্থাৰ কথা কোৱা হোৱা নাই, বৰঞ্চ ডিয়েলাৰ ৮৩ জন এআই সহায়কে সংসদত কাম কৰিব বুলি ইংগিত দিয়াৰ এক প্ৰতীকাত্মক আৰু ৰূপক উপায়হে বুজাইছে।
অৰ্থাৎ এই শিশু প্ৰকৃত মানুহ নহয়, বৰঞ্চ এটা AI প্ৰগ্ৰেম/চিষ্টেমৰ সহায়ক এজেণ্ট হ’ব যিয়ে সাংসদসকলক সহায় কৰিব আৰু তথ্য অনুসৰণ কৰিব। প্ৰধানমন্ত্ৰী ৰামাই ইচ্ছাকৃতভাৱে আগবঢ়াইছে এই প্ৰতীকাত্মক বক্তব্য। বাস্তৱত কোনেও শাৰীৰিকভাৱে গৰ্ভধাৰণ কৰা নাই। এয়া কেৱল চৰকাৰৰ ভিতৰত এআই ব্যৱস্থাৰ প্ৰসাৰতা বৃদ্ধিৰ এক সৃষ্টিশীল উপায়।
৮৩টা এআই শিশুৱে কি কৰিব?
ৰামাই বুজাই দিলে যে, এই শিশু অৰ্থাৎ সহায়কসকলে সকলো সংসদীয় কাৰ্যবিধিৰ নথিভুক্ত কৰিব আৰু কোনো আলোচনা বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা বিধায়কসকলক আপডেট প্ৰদান কৰিব। তেওঁ কয় যে, প্ৰতিটো এআই শিশুৱে সংসদীয় অধিৱেশনত অংশগ্ৰহণ কৰা সাংসদসকলৰ সহায়ক হিচাপে কাম কৰিব, প্ৰতিটো অনুষ্ঠানৰ ৰেকৰ্ড ৰাখিব, লগতে সাংসদসকলক পৰামৰ্শও আগবঢ়াব।
ৰামাই লগতে কয়, “উদাহৰণস্বৰূপে, যদি আপুনি কফি খাবলৈ ওলাই যায়, তেন্তে এই শিশুটিয়ে আপোনাক ক’ব যে আপুনি হলত নথকা সময়ত কি কোৱা হৈছে আৰু কোনটোৰ উত্তৰ দিব লাগে। যদি পৰৱৰ্তী সময়ত আপোনাকে মোক নিমন্ত্ৰণ কৰে, তেন্তে আপোনাৰ ওচৰত ডিয়েলাৰ সন্তানৰ বাবে ৮৩খন পৰ্দা থাকিব।” ২০২৬ চনৰ শেষৰ ফালে এই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৰামাই।
ছেপ্টেম্বৰ মাহত মুকলি কৰা হয় AI মন্ত্ৰী
দেশখনৰ ৰাজহুৱা ক্ৰয় প্ৰক্ৰিয়া (Public Procurement) সম্পূৰ্ণ স্বচ্ছ আৰু দুৰ্নীতিমুক্ত হোৱাটো নিশ্চিত কৰিবলৈ আলবেনিয়াই ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে এআই মন্ত্ৰী আৰম্ভ কৰিছিল। প্ৰথমতে জানুৱাৰী মাহত e-Albania পৰ্টেলত ভাৰ্চুৱেল সহায়ক হিচাপে প্ৰৱৰ্তিত ডিয়েলাই নাগৰিক আৰু ব্যৱসায়ীসকলক চৰকাৰী নথি-পত্ৰ লাভ কৰাত সহায় কৰে। এআই মন্ত্ৰীগৰাকীক পৰম্পৰাগত আলবেনিয়ান সাজ-পোছাক পৰিধান কৰা এগৰাকী মহিলা হিচাপে চিত্ৰিত কৰা হৈছে।
প্ৰথমে ডিয়েলাক জনসাধাৰণৰ আগত চিনাকি কৰাই দি ৰামাই তেওঁক কেবিনেট সদস্য বুলি অভিহিত কৰে। যি শাৰীৰিকভাৱে উপস্থিত নাথাকে কিন্তু এআইৰ জৰিয়তে উপস্থিত থাকে। ৰামাৰ মতে ডিয়েলাৰ প্ৰধান উদ্দেশ্য হৈছে চৰকাৰী মন্ত্ৰালয়ৰ পৰা নিবিদা (tender) সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব আঁতৰাই দুৰ্নীতিমুক্ত এআই ব্যৱস্থাৰ হাতত গতাই দিয়া। তেওঁ কয় যে তেওঁ ৰাজহুৱা ক্ৰয়ৰ সেৱিকা।