মহিলাৰ দেহত গাহৰিৰ বৃক্ক সংৰোপন, ১৩০ দিন পাছত হ’ল এই ঘটনা…

এক আচৰিত ঘটনা। গাহৰিৰ বৃক্ক লগাই ১৩০ দিন জীয়াই থাকে এগৰাকী মহিলা। জানিব পৰা মতে, মহিলাগৰাকীৰ কিডনী বিকল হৈছিল আৰু তাৰ পাছতে শৰীৰত গাহৰিৰ কিডনী সংৰোপন কৰা হৈছিল।

মহিলাৰ দেহত গাহৰিৰ বৃক্ক সংৰোপন, ১৩০ দিন পাছত হল এই ঘটনা...

গাহৰিৰ বৃক্ক

Published: 

14 Apr 2025 | 02:03 PM

গাহৰিৰ বৃক্ক লগাই ১০০ ৰো অধিক দিন জীয়াই থাকিল এগৰাকী মহিলা। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই আচৰিত কৰি তুলিছে বিভিন্নজনক। পোহৰলৈ অহা তথ্য অনুসৰি আমেৰিকাৰ ৫৩ বছৰীয়া মহিলা টোবানা লুনীৰ শৰীৰত ২০২৪ চনৰ এপ্ৰিল মাহত জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপন কৰা হৈছিল। প্ৰথম অৱস্থাত সকলো ঠিকে আছিল। অস্ত্ৰোপচাৰৰ পাছত ১৩০ দিন অৰ্থাৎ প্ৰায় ৫মাহ মহিলাগৰাকী গাহৰিৰ বৃক্কৰ সহায়ত জীয়াই আছিল।

আচৰিত কৰা এয়াই যে, ইয়াৰ পূৰ্বে কোনোৱে গাহৰিৰ বৃক্কৰ সৈতে ইমান দিনলৈ জীয়াই থকা নাছিল। কিন্তু তাৰ পিছত এনে এক ঘটনা সংঘটিত হয় যে, চিকিৎসকো চিন্তিত হৈ পৰে। লাহে লাহে মহিলাগৰাকীৰ শৰীৰে এই বৃক্ক সমৰ্থন নকৰা হয়। বৃক্কটোৱে কিয় হঠাতে কাম কৰা বন্ধ কৰি দিলে সেয়া এতিয়াও জানিব পৰা নাই চিকিৎসকে।

ঘটনাটো কি

আমেৰিকাৰ অলাবামাৰ বাসিন্দা টোবানা লুনী নামৰ মহিলাগৰাকী। তেওঁৰ বৃক্ক বিকল হৈ পৰিছিল যাৰ বাবে ডায়লাছিচ কৰি আছিল। পৰৱৰ্তী সময়ত তেওঁৰ জীৱনক নতুন গতি প্ৰদান কৰিব পাৰে বুলি আশা কৰি জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপন কৰা হৈছিল।

সংৰোপন সফল হয় আৰু বৃক্কটোৱে কাম কৰা আৰম্ভ কৰে। কিন্তু ১৩০ দিন পাছত তেওঁৰ শৰীৰত প্ৰতিৰোধক প্ৰক্ৰিয়া আৰম্ভ হয়। ৰোগ প্ৰতিৰোধ ক্ষমতাই বৃক্কটোক স্বীকাৰ কৰা নাছিল। ইয়াৰ পাছত চিকিৎসকে সেই বৃক্কটো আঁতৰাবলৈ বাধ্য। এতিয়া মহিলাগৰাকীয়ে পুনৰ ডাইলাছিচ কৰি আছে।

গাহৰিৰ বৃক্ক

মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও আমেৰিকাত বহু ৰোগীৰ জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছে। কিছুমান সংৰোপন সফল হোৱাৰ বিপৰীতে কিছুমান ৰোগীৰ ইতিমধ্যে ইতিমধ্যে মৃত্যু হৈছে। শেহতীয়াকৈ ৬৬ বছৰীয়া এজন ব্যক্তিক গাহৰিৰ বৃক্ক সংৰোপণ কৰি মাত্ৰ এসপ্তাহতে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হয়। এতিয়ালৈকে আমেৰিকাত ৫ জন লোকৰ এই ধৰণৰ বৃক্ক সংৰোপণ কৰা হৈছে। ইয়াৰে দুজন ৰোগীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

বিশেষজ্ঞই কি কয়?

বিশেষজ্ঞসকলৰ মতে, এই সংৰোপন সম্পূৰ্ণ বিফল নাছিল। ১৩০ দিন মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক ৰখাটো ডাঙৰ সফলতা। ইয়াৰ দ্বাৰা ভৱিষ্যতে কিডনী বিকল ৰোগীক নতুন জীৱন দিব পৰা যাব। বৃক্ক দাতাৰ অভাৱত ভোগা লোকসকলৰ বাব ই ডাঙৰ বিকল্প হ’ব পাৰে বুলি কয় তেওঁ।

গাহৰিৰ বৃক্ক সংৰোপনৰ এই প্ৰক্ৰিয়াৰ ফলত ৰোগীসকলে বছৰ বছৰ ধৰি বৃক্কৰ বাবে অপেক্ষা কৰিব নালাগে বা পৰিয়ালৰ কোনো সদস্যই বৃক্ক দান কৰিব নালাগে। কিন্তু বৰ্তমান এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে মানৱ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা। গাহৰিৰ বৃক্কক জেনেটিক ইঞ্জিনিয়াৰিঙৰ জৰিয়তে মানুহৰ শৰীৰৰ সৈতে মিলাই তোলা হয় যদিও শৰীৰে বহু সময়ত ইয়াক নাকচ কৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...