Muhammad Yunus: পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে ? বাংলাদেশত হাহাকাৰ

Bangladesh: ৰাজনৈতিক দলৰ হেঁচা আৰু তাৰ ওপৰত কিছুদিন পূৰ্বে সেনা প্ৰধান জেনেৰেল ৱায়াকাৰ-উজ-জামানেও ডিচেম্বৰৰ মাজভাগত নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰে। ইয়াৰ বাবে মহম্মদ ইউনুছৰ পদত্যাগৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

Muhammad Yunus: পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে ? বাংলাদেশত হাহাকাৰ

পদত্যাগ কৰিব নেকি ইউনুছে ?

Updated On: 

23 May 2025 15:30 PM

পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে ? বাংলাদেশত আৰম্ভ চৰ্চা। বৃহস্পতিবাৰে মহম্মদ ইউনুছক সাক্ষাৎ কৰিবলৈ যায় নেশ্যনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামে। তেওঁ ওলাই আহি ঘোষণা কৰে যে মহম্মদ ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে । ইয়াৰ পিছতে কাইলৈ ​​অৰ্থাৎ শনিবাৰে মহম্মদ ইউনুছে পদত্যাগ কৰিব পাৰে বুলি আৰম্ভ হৈছে চৰ্চা ।

যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশত বৈষম্যৰ বিৰুদ্ধে ছাত্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ পতন ঘটিছিল শ্বেখ হাছিনাৰ চৰকাৰৰ । শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি যাবলৈ বাধ্য হয় । তাৰ পিছত প্ৰতিবাদকাৰীসকলে একেলগে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ । নোবেল বিজয়ী মহম্মদ ইউনুছক সেই চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ।

দেশৰ সংস্কাৰৰ প্ৰতিশ্ৰুতিৰে এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’লেও বাংলাদেশত এনে কোনো সংস্কাৰ ৰূপায়ণ হোৱা নাই । কেৱল হাছিনাৰ সমৰ্থক প্ৰশাসনিক বিষয়াকহে পদৰ পৰা অপসাৰণ কৰি ইউনুছৰ ঘনিষ্ঠ বিষয়াক নিযুক্তি দিয়া হয় । ইয়াৰ মাজতে বাংলাদেশত দাবী উত্থাপন হৈছে সাধাৰণ নিৰ্বাচনৰ । কিন্তু ২০২৬ চনৰ মাজভাগৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইচ্ছুক নহয় ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখন ।

ৰাজনৈতিক দলৰ হেঁচাৰ উপৰিও সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানেও ডিচেম্বৰৰ মাজভাগত নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰে । যাৰ ফলত মহম্মদ ইউনুছৰ পদত্যাগৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । আৱামী লীগ সমৰ্থক বেৰিষ্টাৰ নিজুম মজুমদাৰৰ দাবী, মহম্মদ ইউনুছে পদত্যাগ কৰিবলৈ শনিবাৰলৈকে অপেক্ষা কৰিছে ।

অৱশ্যে আৱামী লীগৰ সমৰ্থক এজন বেৰিষ্টাৰৰ দাবী, ইউনুছে পদত্যাগ কৰাৰ কথা ঘোষণা কৰাটো নাটক! আচলতে ইউনুছ ক্ষমতা লোভী আৰু তেওঁ নিজৰ পদ এৰিব নিবিচাৰে । এইবোৰ তেওঁ কৰি থকা ‘আৱেগিক নাটক’।

চৰাইৰ মল শৰীৰত পৰাটো শুভ নে অশুভ? চাওঁ আহক জ্যোতিষে কি কয়…
আই পি এল ২০২৫ত কোন কোন আছে অ’ৰেঞ্জ কেপৰ দৌৰত? অন্তত জয়ী হ’ব কোন!
গেছৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব? আজিয়েই অৱলম্বন কৰক এই ঘৰুৱা উপায়
আপোনাৰো ঘৰত মেকুৰী আছে নেকি? তেন্তে জানক ঘৰত মেকুৰী ৰখাটো শুভ নে অশুভ