১০ বছৰ ধৰি ৫১ জন লোকৰ যৌন নিৰ্যাতনৰ বলি এগৰাকী ফৰাচী মহিলা, এই গোচৰত মূল অভিযুক্ত তেওঁৰ স্বামী

স্বামীয়ে প্ৰথমে মহিলা গৰাকীক খাদ্যত ড্ৰাগছ মিহলাই খুৱাইছিল । ইয়াৰ পাছত অন্য লোকক ঘৰলৈ মাতি আনিছিল আৰু তাৰ পাছত সেই লোক সকলৰ হতুৱাই মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল ।

১০ বছৰ ধৰি ৫১ জন লোকৰ যৌন নিৰ্যাতনৰ বলি এগৰাকী ফৰাচী মহিলা, এই গোচৰত মূল অভিযুক্ত তেওঁৰ স্বামী
Published: 

02 Sep 2024 | 06:22 PM

ফ্ৰান্সৰ এটা নাৰকীয় ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে। আমি স্বামী-স্ত্ৰী সম্পৰ্কৰ কথা ক’লেই মৰম, ভালপোৱা আদিৰে ভৰি থকা এক মধুৰ সম্পৰ্কৰ কথা মনলৈ আহে । স্বামী-স্ত্ৰীৰ এই মধুৰ সম্পৰ্ককো লজ্জাজনক কৰি তুলিছে এই ঘটনাই । প্ৰকাশিত খবৰ অনুসৰি, এগৰাকী ধুৰন্ধৰ স্বামীৰ বাবেই প্ৰায় এটা দশক ধৰি যৌন নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ফৰাচী মহিলা ।

স্বামীয়ে প্ৰথমে মহিলা গৰাকীক খাদ্যত ড্ৰাগছ মিহলাই খুৱাইছিল । ইয়াৰ পাছত অন্য লোকক ঘৰলৈ মাতি আনিছিল আৰু তাৰ পাছত সেই লোক সকলৰ হতুৱাই মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল । সূত্ৰ খবৰ অনুসৰি, ৫০ বছৰীয়া ডমিনিক পেলিকটে খাদ্য-মদত টোপনিৰ বড়ি মিহলাই পত্নীক শুবলৈ দিছিল । আৰক্ষীয়ে সদৰী কৰিছে যে, মহিলা গৰাকী টোপনি যোৱাৰ পাছত তেওঁ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল ।

অভিযোগ অনুসৰি, আনকি পত্নীয়ে মদ্যপান কৰাৰ পাছত তেওঁ স্বামীয়ে ৯-১০ জন বাহিৰৰ লোকক ঘৰলৈ মাতি আনিছিল আৰু তেওঁলোকক যৌন নিৰ্যাতন চলাবলৈ কোৱা হৈছিল । ফৰাচী মহিলা গৰাকীৰ ওপৰত এই নিৰ্যাতন প্ৰায় এটা দশক ধৰি চলি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

অবিৰতভাৱে খাদ্যত ড্ৰাগছ মিহলি কৰা আৰু যৌন নিৰ্যাতন চলোৱাৰ ফলত মহিলা গৰাকীৰ দেহত বিভিন্ন লক্ষণে দেখা দিছিল । এই লক্ষণবোৰৰ ভিতৰত আছিল মহিলাগৰাকীৰ চুলি সৰিবলৈ ধৰিছিল আৰু অস্বাভাৱিক ওজন হ্ৰাস পাইছিল । তেওঁৰ স্মৃতিশক্তিৰ অৱনতি ঘটিছিল আৰু কথা পাহৰিবলৈ আৰম্ভ কৰিছিল।

তেখেতৰ ল’ৰা-ছোৱালী আৰু বন্ধু-বান্ধৱীয়ে ভাবিছিল যে, মহিলাগৰাকীয়ে এলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছে। কিন্তু ২০২০ চনৰ শেষৰ ফালে যেতিয়া তেওঁক দক্ষিণ ফ্ৰান্সৰ এখন থানালৈ মাতি অনা হৈছিল তেতিয়া এই চাঞ্চল্যকৰ কাহিনী পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, ৫০ বছৰীয়া স্বামী ডমিনিক পেলিকটে তেওঁক গভীৰভাৱে টোপনি যাবলৈ মাদক বড়ি খোৱাইছিল আৰু প্ৰত্যেক দিনে স্বামীয়ে মাতি অনা বাহিৰৰ ৯-১০ জন লোকৰ হতুৱাই যৌন নিৰ্যাতন চলোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, ধুৰন্ধৰ স্বামীয়ে আনকি ৯-১০ জন লোকে মহিলা গৰাকীক কৰা যৌন নিৰ্যাতনৰ ভিডিঅ’ও প্ৰস্তুত কৰিছিল।

স্বামীৰ পৰা উদ্ধাৰ হোৱা ফটো, ভিডিঅ’ আৰু অনলাইন মেছেজৰ সহায়ত আৰক্ষীয়ে মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৫১জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কৰিছে । ট্ৰাক চালক, জোৱান, কাঠমিস্ত্ৰী আৰু ব্যৱসায়িক কৰ্মচাৰী, জেল গাৰ্ড, বেংকত কাম কৰা আই টি বিশেষজ্ঞ আৰু স্থানীয় সাংবাদিককে ধৰি বিভিন্ন স্তৰৰ ৫১ জন লোক এই গোচৰত অভিযুক্ত হৈছে । অভিযুক্তৰ বয়স ২৬ৰ পৰা ৭৪ বছৰৰ ভিতৰত আৰু বহুতৰে সন্তান আছে আৰু প্ৰায় সংখ্যকে বিবাহিত ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব