কিয় সন্ত্ৰাসবাদীসকল মুছলমান হয়ঃ ৰাষ্ট্ৰসংঘত পাকিস্তান, ভাৰতকো কৰিলে টাৰ্গেট…

সন্ত্ৰাসবাদ সন্দৰ্ভত ডাঙৰ মন্তব্য চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। দেশখনৰ ৰাষ্ট্ৰদূতে কয় যে, সকলো সন্ত্ৰাসবাদী মুছলমান কিয় হয়। ইয়াৰোপৰি তেওঁ এই সময়চোৱাত ভাৰতকো লক্ষ্য কৰি লয়।

কিয় সন্ত্ৰাসবাদীসকল মুছলমান হয়ঃ ৰাষ্ট্ৰসংঘত পাকিস্তান, ভাৰতকো কৰিলে টাৰ্গেট...

অসীম ইফতিয়াৰ

Published: 

22 Aug 2025 | 01:30 PM

সন্ত্ৰাসবাদী কেৱল মুছলান কিয় হয়! ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানে প্ৰদান কৰা এক মন্তব্য আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফতিখাৰে কয় যে, বিশ্ব সন্ত্ৰাসবাদীৰ তালিকাত অ-মুছলমান নাম নথকা নিজৰ মাজতে এক ডাঙৰ প্ৰশ্ন। পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই মন্তব্যই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে।

তেওঁ অভিযোগ উত্থাপন কৰি কয় য়ে, অমুছলমান সন্ত্ৰাসবাদীসকলেও সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদ আৰু মৌলবাদক প্ৰচাৰ কৰে। কিন্তু তেওঁলোকক আঁতৰাই ৰখা হয়। আনহাতে এই ক্ষেত্ৰত মুছলমান লোকসকলক একপক্ষীয়ভাৱে লক্ষ্য কৰি লোৱা হয়। এনে ধৰণৰ ধাৰনাই কেৱল অন্যায় কৰাই নহয়, ই প্ৰকৃত সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক দুৰ্বল কৰি তোলে।

যুৱক-যুৱতী মৌলবাদত সোমাই পৰিছে

তেওঁ কয় যে, ডিজিটেল জগততো এতিয়া সন্ত্ৰাসবাদী সক্ৰিয় হৈ পৰিছে। ছচিয়েল মিডিয়া আৰু আধুনিক প্ৰযুক্তিয়ে যুৱক-যুৱতীসকলক মৌলবাদৰ দিশলৈ টানি আনিছে। পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আৰু কয় যে, সন্ত্ৰাসবাদ বিৰোধী নীতিবোৰ আন্তঃৰাষ্ট্ৰীয় আইন আৰু মানৱ অধিকাৰৰ নীতি অনুসৰি হ’ব লাগে, যাতে সকলোৰে ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰে।

ডাঙৰ ভাবুকিৰ সন্মুখীন হৈছে পাকিস্তান

তেওঁ আৰু কয় যে, বৰ্তমান সময়ত পাকিস্তান ডাঙৰ ভাবুকিৰ সন্মুখীন হৈ আছে। আফগানিস্তানৰ মাটিৰ পৰা সহায় লাভ কৰি টিটিপি, বেলুচ লিবাৰেচন আৰ্মী আৰু মজিদ ব্ৰিগেডে ষড়যন্ত্ৰ ৰচি আছে। এইসমূহে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক শান্তি সম্প্ৰীতিৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। তেওঁ আইছিচ খোৰাছানৰ কথা উল্লেখ কৰি কয় যে, এই সংগঠনটো এতিয়াও ইৰাক, ছিৰিয়া আৰু আফগানিস্তানত হাজাৰ হাজাৰ লোকৰ সৈতে সক্ৰিয় হৈ আছে।

ভাৰতৰ বিৰুদ্ধে কি কয়

এইবাৰো ভাৰত বিৰোধী মন্তব্য দিয়াৰ পৰা বিৰত নাথাকিল পাকিস্তান। তেওঁ কয় যে, ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদৰ প্ৰচাৰ কৰাৰ লগতে বিশ্বত পাকিস্তানক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰে। সন্ত্ৰাসবাদৰ নামত ষ্টেট টেৰৰজিম কৰা এক ডাঙৰ ষড়যন্ত্ৰ আৰু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে মৌনতা অৱলম্বন কৰা ঠিক নহয়। যদি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন ন্যায়ৰ সৈতে যুঁজা যায় তেতিয়াহে বিশ্বত শান্তি বিৰাজ কৰিব।

 

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ সকীয়নিক আওকান! ৰাছিয়াত উপস্থিত এছ জয়শংকৰ, লক্ষ্য ১০০ আৰৱ ডলাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...