কোন ইছমাইল হানিয়েহ ? ইজৰাইলৰ হাতত মৃত্যু হামাছৰ মুৰব্বীৰ…!

Hamas chief killed in Iran :ইৰাণত ইজৰাইলী বুলি সন্দেহ কৰা এক অভিযানত নিহত হৈছে হামাছৰ মুৰব্বী ইছমাইল হানিয়েহ । ইতিমধ্যে এক বিবৃতিৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে । বিবৃতিটোত প্ৰকাশ তথ্য অনুসৰি, বুধবাৰে পুৱা ভাগতে হামাজৰ মুৰব্বী ইছমাইল হানিয়েহৰ তেহৰাণত থকা তেওঁৰ বাসগৃহত এক বৃহ আক্ৰমণ সংঘটিত হয় ।

কোন ইছমাইল হানিয়েহ ? ইজৰাইলৰ হাতত মৃত্যু হামাছৰ মুৰব্বীৰ...!

ইছমাইল হানিয়েহ

Updated On: 

31 Jul 2024 11:10 AM

ইজৰাইল হামাছৰ যুদ্ধ চলি থাকৰ মাজতে প্ৰকাশ পাইছে এটা ডাঙৰ খবৰ । ইৰাণত ইজৰাইলী বুলি সন্দেহ কৰা এক অভিযানত নিহত হৈছে হামাছৰ মুৰব্বী ইছমাইল হানিয়েহ । ইতিমধ্যে এক বিবৃতিৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে । বিবৃতিটোত প্ৰকাশ তথ্য অনুসৰি, বুধবাৰে পুৱা ভাগতে হামাজৰ মুৰব্বী ইছমাইল হানিয়েহৰ তেহৰাণত থকা তেওঁৰ বাসগৃহত এক বৃহ আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণতে নিহত হৈছে হানিয়েহ ।

IRGC ৰ উপৰিও গাজাত ইজৰাইলৰ সৈতে যুদ্ধত লিপ্ত হোৱা পেলেষ্টাইনী সংগঠন হামাছে কয় যে, তেহৰাণত থকা বাসগৃহত চলা ইজৰাইলী বুলি সন্দেহ কৰা এক অভিযানত ইছমাইল হানিয়াহৰ মৃত্যু হৈছে । এই আক্ৰমণত হানিয়েহৰ এজন দেহৰক্ষীও নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । উল্লেখ্য যে, মঙলবাৰে মঙলবাৰে হানিয়েহে ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি ইৰাণৰ শীৰ্ষ নেতাক সাক্ষাৎ কৰিছিল।

কি ক’লে হামাছে ?

ইছমাইল হানিয়েহৰ হত্যাকাণ্ডৰ পিছত হামাছে বিবৃতিৰ জৰিয়তে কয় যে, হামাছে আমাৰ মহান পেলেষ্টাইনী জনসাধাৰণ, আৰব আৰু ইছলামিক জাতিৰ পুত্ৰক হেৰুৱাই শোক প্ৰকাশ কৰিছে। ভাতৃ নেতা, শ্বহীদ, সংগ্ৰামী ইছমাইল হানিয়েহে ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেহৰাণত থকা নিজৰ বাসগৃহত জায়নিষ্ট অভিযানৰ ফলত মৃত্যুবৰণ কৰে । হানিয়েহৰ হত্যাৰ শাস্তি নিশ্চিতভাৱে পাব বুলি সকিয়াই দিয়ে হামাছে ।

ইছমাইল হানিয়েহ কোন?

পেলেষ্টাইনী নেতা ইছমাইল হানিয়েহৰ জন্ম হৈছিল ১৯৬২ চনত গাজা ষ্ট্ৰিপৰ আল-শাতী শৰণাৰ্থী শিবিৰত। ইছমাইলে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে, ২০০৬ চনৰ পেলেষ্টাইনৰ বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল হামাছে। কিন্তু প্ৰতিদ্বন্দ্বী ফাটাহৰ সৈতে দলীয় যুদ্ধৰ পিছত চৰকাৰ ভংগ কৰা হয় আৰু গাজা ষ্ট্ৰিপত হামাছৰ নেতৃত্বত স্বায়ত্তশাসিত প্ৰশাসন স্থাপন কৰা হয়। ইয়াৰ পাছতে হানিয়েহে ২০০৭ চনৰ পৰা ২০১৪ চনলৈ গাজা ষ্ট্ৰিপৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত ২০১৭ চনত খালেদ মেছালৰ ঠাইত হামাছৰ ৰাজনৈতিক ব্যুৰোৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয় ইছমাইল হানিয়েহ।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension