অৱশেষত আপোনাক বিচাৰি পালো…! ২৪ বছৰৰ অন্তত পিতা-পুত্ৰৰ পুনৰ মিলন, ভিডিঅ’ ভাইৰেল

বহুদিনৰ মূৰত হেৰুৱা আপোনজনক লগ পোৱাটোৱেই আটাইতকৈ আৱেগিক মুহূৰ্ত। ২৪ বছৰৰ বহু অপেক্ষাৰ অন্তত পিতৃক  লগ পোৱাটো এই পুত্ৰৰ বাবে সপোনৰ দৰেই আছিল। এয়া যেন এক বুজাব নোৱাৰ অনুভৱ। একে সময়তে পিতৃৰ আৱেগত বিস্ময়, সুখ আৰু প্ৰেমৰ মিশ্ৰণ ঘটিছিল।

অৱশেষত আপোনাক বিচাৰি পালো...! ২৪ বছৰৰ অন্তত পিতা-পুত্ৰৰ পুনৰ মিলন, ভিডিঅ’ ভাইৰেল

২৪ বছৰৰ অন্তত পিতা-পুত্ৰৰ পুনৰ মিলন

Updated On: 

13 Mar 2025 | 10:21 AM

পিতা-পুত্ৰৰ মাজৰ সম্পৰ্কৰ অতিকৈ বিশেষ। কোনো স্বার্থ জড়িত হৈ নথকা সম্পৰ্কটোৱেই হৈছে পিতা-পুত্ৰৰ। পিতাৰ পাছত পুত্ৰই লয় এখন ঘৰৰ দ্বায়িত্ব। সময় সময়ে বাক বিতণ্ডা হ’লেও এই সম্পৰ্কক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। পিতৃ অবিহনে যেন একেবাৰেই নিথৰুৱা হৈ পৰে এজন পুত্ৰ। আজি আমি আপোনাৰ বাবে এনে এটা কাহিনী লৈ আহিছো যিয়ে কান্দিবলৈ বাধ্য কৰাব আপোনাক। ২৪ বছৰে পিতৃক বিচাৰি হাবাথুৰি খায় থকা এজন পুত্ৰৰ কাহিনী এয়া…

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। যাৰ আঁৰত আছে এটা হৃদয়স্পৰ্শী কাহিনী। জানিব পৰা মতে এগৰাকী পুত্ৰই যোৱা ২৪ বছৰে ফটোৰ সহায়ত পিতৃক বিচাৰি আছিল। অৱশেষত যেতিয়া পিতৃ-পুত্ৰৰ লগ হ’ল, তেতিয়া দুয়োজনে ইজনে সিজনক দেখাৰ পিছত আৱেগিক হৈ পৰিল। এই পুনৰ মিলনৰ সময় অতি আৱেগিক আছিল। যাৰ বাবে সকলোৰে ওলাই আহিছিল চকুলো।

ভাইৰেল হোৱা ভিডিঅ’টোত আপুনি দেখা পাব যে বহুদিনৰ মূৰত পিতৃক দেখাৰ পিছত পুত্ৰই কান্দি উঠিছে। মানুহজনে (পিতৃ) প্ৰথমে যুৱকজনক সন্দেহ কৰিছিল যদিও পৰিয়াল আৰু নিজৰ কথা কোৱাৰ লগে লগে মানুহজনো আৱেগিক হৈ পৰিল। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনক জোৰেৰে সাৱটি ধৰিলে। এই দৃশ্যটো সঁচাকৈয়ে আৱেগিক।

ভিডিঅ’টোত আপুনি দেখা মতে, মানুহজন এখন দোকানত আছিল, যেতিয়া যুৱকজনে তেওঁক এখন ফটো দেখুৱাই কয়, ‘এই ফটোখন আপুনি ক’ৰবাত দেখা যেন নালাগেনে? পুত্ৰৰ সৈতে বহু বছৰ পুৰণি ফটোখন দেখি মানুহজন স্তম্ভিত হৈ পৰে। তেওঁ আচৰিত  হৈ এবাৰ যুৱকজনৰ ফালে চাই আকৌ ফটোখনলৈ উভতি চায়। ইয়াৰ পিছত যুৱকজনে কয়, “ইয়াত থকা শিশুটি মই, আৰু আপুনি মোৰ দেউতা। বছৰ বছৰ ধৰি আপোনাক বিচাৰি আছো।”

প্ৰথমতে মানুহজনে যুৱকজনে কোৱা কথাবোৰ একেবাৰে বিশ্বাস কৰা নাছিল যদিও মাতৃ লেচি, পিতৃ জাষ্টিন আৰু নিজৰ নাম এলেক্সৰ কথা কোৱাৰ লগে লগে মানুহজনৰ চকুজুৰি সেমেকি উঠিল। যুৱকজনে ক’লে যে, তেওঁৰ মাতৃ এতিয়া এই পৃথিৱীত নাই। এই কথা শুনি মানুহজনে পুত্ৰক সাৱটি ধৰে।

এই ভিডিঅ’টো @insidehistory য়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। যিটো এতিয়ালৈকে ১ লাখতকৈ অধিক লোকে লাইক কৰিছে। আনহাতে বহু লোকে কমেণ্ট কৰিছে। ভিডিঅ’টো চোৱাৰ পিছত বেছিভাগ লোকে আৱেগিক হৈ পৰিছে যদিও কিছুমানৰ মতে ইয়াৰ চিত্ৰনাট্য হ’ব পাৰে। এই ভিডিঅ’টোৰ সত্যতা TV9-এ নিশ্চিত কৰা নাই।

কিন্তু বহুদিনৰ মূৰত হেৰুৱা আপোনজনক লগ পোৱাটোৱেই আটাইতকৈ আৱেগিক মুহূৰ্ত। ২৪ বছৰৰ বহু অপেক্ষাৰ অন্তত পিতৃক  লগ পোৱাটো এই পুত্ৰৰ বাবে সপোনৰ দৰেই আছিল। এয়া যেন এক বুজাব নোৱাৰ অনুভৱ। একে সময়তে পিতৃৰ আৱেগত বিস্ময়, সুখ আৰু প্ৰেমৰ মিশ্ৰণ ঘটিছিল। এই ঘটনাই দেখুৱাইছে যে পাৰিবাৰিক সম্পৰ্ক কিমান শক্তিশালী যে বহুদিন লগত নথকাৰ পাছতো প্ৰেম আৰু পৰিচয় স্থায়ী হৈ থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...