২৯ জনৰ মৃত্যু, ৬ লাখ ঘৰৰ বিদ্যুৎ বিচ্ছিন্ন…আমেৰিকাত ধুমুহাৰ বিধ্বংসী ৰূপ
ধুমুহা ইমানেই ভয়াৱহ আছিল যে দেশৰ প্ৰায় ১৩০০ মাইল এলেকা ধৰি এক ফুটতকৈও অধিক দ বৰফ জমা হয়। যাৰ ফলত অসংখ্য ঘাইপথ বন্ধ হৈ পৰিছিল, বিমান সেৱা বাতিল হৈছিল আৰু অসংখ্য বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পিটচবাৰ্গৰ উত্তৰ অঞ্চলত ২০ ইঞ্চি পৰ্যন্ত তুষাৰপাত হৈছে।

আমেৰিকাত তুষাৰপাত
আমেৰিকাত প্ৰবল ধুমুহাই বিপৰ্যস্ত কৰি তুলিছে জনসাধাৰণৰ জীৱন। এই পৰ্যন্ত ২৯ জন লোকৰ মৃত্যু হৈছে। ধুমুহাৰ ফলত দেশখনৰ বহু অংশত প্ৰচণ্ড তুষাৰপাত আৰু শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। তুষাৰপাতৰ ফলত বিদ্যুৎ বিচ্ছিন্ন আৰু যাতায়ত ব্যাঘাতৰ বাবে লাখ লাখ লোক সমস্যাৰ সন্মুখীন হৈছে। বিষয়াসকলে জনোৱা মতে, আৰ্কান্ সাছৰ পৰা নিউ ইংলেণ্ডলৈ ধুমুহা বিয়পি পৰাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।
ধুমুহা ইমানেই ভয়াৱহ আছিল যে দেশৰ প্ৰায় ১৩০০ মাইল এলেকা ধৰি এক ফুটতকৈও অধিক দ বৰফ জমা হয়। যাৰ ফলত অসংখ্য ঘাইপথ বন্ধ হৈ পৰিছিল, বিমান সেৱা বাতিল হৈছিল আৰু অসংখ্য বিদ্যালয় বন্ধ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পিটচবাৰ্গৰ উত্তৰ অঞ্চলত ২০ ইঞ্চি পৰ্যন্ত তুষাৰপাত হৈছে। সোমবাৰে গভীৰ নিশাৰ পৰা মঙলবাৰলৈকে মাইনাছ ২৫ ডিগ্ৰী ফাৰেনহাইটলৈ হ্ৰাস পাইছে তাপমাত্ৰা।
কেইবাজনো মৃত্যু
প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাখনো ৰাজ্যত মৃত্যুৰ খবৰ পোৱা গৈছে। মাছাচুচেটছ আৰু অহাইঅ’ত স্নোপ্ল’ৰ খুন্দাত দুজন লোকৰ মৃত্যু হয়। আৰ্কান্ সাছ আৰু টেক্সাছত স্লেডিং দুৰ্ঘটনাত কিশোৰ-কিশোৰীসকলে প্ৰাণ হেৰুৱাইছিল।
৬ লাখৰো অধিক ঘৰত বিদ্যুৎ বিচ্ছিন্ন
কেনছাছত আৰক্ষীয়ে স্নিফাৰ কুকুৰৰ সহায়ত বৰফেৰে আবৃত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। নিউয়ৰ্ক চহৰত বিষয়াসকলে জনোৱা মতে, সেই সপ্তাহত আঠজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তুষাৰপাতৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ ফলত বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। poweroutage.com ৰ তথ্য অনুসৰি সোমবাৰে সন্ধিয়ালৈকে সমগ্ৰ দেশৰ ৬ লাখ ৭০ হাজাৰতকৈ অধিক স্থানত বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। এই বিজুলী বিচ্ছিন্নতাৰ অধিকাংশই দক্ষিণৰ ৰাজ্য। য’ত গছৰ ডাল আৰু বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যায়।
ইয়াৰ ফলত উত্তৰ মিচিচিপি আৰু টেনেচিৰ কিছু অংশত তীব্ৰ আৰু দীৰ্ঘদিনীয়া বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। মিচিচিপিৰ বিষয়াসকলে কয় যে ৰাজ্যখনে ১৯৯৪ চনৰ পিছত আটাইতকৈ ভয়াৱহ বৰফৰ ধুমুহাৰ সন্মুখীন হৈছে।জৰুৰীকালীন দলসমূহে দ্ৰুতগতিত উষ্ণতা কেন্দ্ৰ স্থাপন কৰি কম্বল, পানী আৰু জেনেৰেটৰ বিতৰণ কৰে। অক্সফৰ্ডৰ মিচিচিপি বিশ্ববিদ্যালয়ৰ বিদ্যালয়সমূহ গোটেই সপ্তাহটোৰ বাবে বন্ধ আছিল। মেয়ৰ ৰবিন টেনেহিলে কয় যে, সকলোতে ক্ষয়-ক্ষতি দেখা গৈছে। তেওঁ লিখিছে, “প্ৰতিটো ৰাস্তাৰে টৰ্নেডো পাৰ হৈ যোৱা যেন লাগিছে।”
বহু বিমান বাতিল
বিমান যাতায়ততো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ফ্লাইটএৱেৰৰ তথ্য অনুসৰি সোমবাৰে দেশজুৰি ৮ হাজাৰৰো অধিক বিমান হয় পলম হয় নহয় বাতিল কৰা হয়। বিমান কোম্পানী চিৰিয়ামে প্ৰকাশ কৰা অনুসৰি দেওবাৰে আমেৰিকাৰ সকলো বিমান সেৱাৰ প্ৰায় আধা বাতিল কৰা হয়, যিটো কোভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পিছত এদিনতে সৰ্বাধিক সংখ্যা।
নিউয়ৰ্ক চহৰত বছৰ বছৰ ধৰি সৰ্বাধিক বৰফ পৰিছে। চেণ্ট্ৰেল পাৰ্কত ১১ ইঞ্চি পৰ্যন্ত তুষাৰপাত হৈছে। ধুমুহাৰ পিছত হোৱা প্ৰচণ্ড ঠাণ্ডাৰ ফলত পৰিস্থিতি আৰু বেয়া হৈ পৰে। মধ্য পশ্চিম, দক্ষিণ আৰু উত্তৰ-পূবৰ বৃহৎ অংশত তাপমাত্ৰা শূন্যৰ তললৈ আহিছে। এন অ’ এ এৰ প্ৰাক্তন বিজ্ঞানী ৰিয়ান মাউৱে কয় যে ২০১৪ চনৰ পিছত আমেৰিকাৰ নিম্ন ৪৮খন ৰাজ্যই গড় নূন্যতম উষ্ণতাৰ সৰ্বনিম্ন দিশলৈ আগবাঢ়িছে।