সুৰক্ষিত নহয় ভাৰত! ভ্ৰমণৰ বাবে দেশৰ এই সমূহ ৰাজ্যলৈ নোযোৱাৰ আহ্বান আমেৰিকাৰ…

ভাৰতত কাম কৰা আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীসকলে চিক্কিম আৰু অৰুণাচল প্ৰদেশৰ লগতে অসম, মিজোৰাম, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰাৰ ৰাজধানী চহৰ বা যিকোনো অঞ্চললৈ যোৱাৰ পূৰ্বে অনুমতি ল'ব লাগিব।

সুৰক্ষিত নহয় ভাৰত! ভ্ৰমণৰ বাবে দেশৰ এই সমূহ ৰাজ্যলৈ নোযোৱাৰ আহ্বান আমেৰিকাৰ...

ভ্ৰমণ

Published: 

25 Jul 2024 | 07:45 AM

ভাৰতত সংঘটিত হৈ অহা হিংসাত্মক ঘটনা বা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই নিজ দেশৰ নাগৰিকৰ বাবে ভ্ৰমণ সম্পৰ্কীয় এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত ভাৰতৰ কিছু ৰাজ্যলৈ যোৱাত বাধা আৰোপ কৰিছে। আমেৰিকাই দেশৰ নাগৰিকসকল মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত অঞ্চল , দেশৰ মধ্য আৰু পূব অংশলৈ নোযোবাৰ বাবে আহ্বান জনাইছে। ইয়াৰ সমান্তৰালকৈ মাওবাদী সক্রিয় হৈ থকা অঞ্চলবোৰলৈ যোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে।

ভাৰত ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শ আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে সংশোধন কৰে। ইয়াত নতুনকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিষয়ে আপডেট কৰা বুলি জানিব পৰা গৈছে। আমেৰিকাৰ বিভাগীয় কৰ্তৃপক্ষই কৈছে যে, ‘অপৰাধ, সন্ত্ৰাসবাদ আৰু মাওবাদীৰ বাবে ভাৰতত অধিক সাৱধানতা অৱলম্বন কৰা উচিত। ইয়াৰ সমান্তৰালকৈ কিছু অঞ্চলত এই বিপদ যথেষ্ট বৃদ্ধি পোৱা বুলিও কোৱা হৈছে। সামগ্ৰিকভাৱে ভাৰতক লেভেল 2’ত ৰখা হৈছে যদিও দেশৰ বহু ঠাই জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত, মণিপুৰ আৰু মধ্য আৰু পূব ভাৰতৰ কিছু অংশক লেভেল  ৪’ত ৰখা হৈছে।

ক’ত যোৱাত বাধা

বিদেশ বিভাগে  জনোৱা মতে, কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ (পূব লাডাখ অঞ্চল আৰু ইয়াৰ ৰাজধানী লেহৰ বাহিৰে),  ভাৰত-পাকিস্তান সীমান্তৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত অৱস্থিত অংশ, মধ্য আৰু পূব ভাৰত আৰু মণিপুৰৰ কিছু অংশলৈ যাত্ৰা নকৰাৰ পৰামৰ্শ দিছে। এই ঠাইত মাওবাদী আৰু উগ্ৰবাদকে ধৰি সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত লোৱা হৈছে।

উত্তৰ- পূৱৰ ৰাজ্য

সন্ত্ৰাসবাদ আৰু হিংসাৰ কাৰণে উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্য ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা গৈছে। এই ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ আগত চিন্তা কৰা উচিত বুলি আমেৰিকাই কৈছে। ট্ৰেভেল এডভাইজাৰীত উল্লেখ কৰা হৈছে যে ভাৰতত ধৰ্ষণৰ ঘটনা যথেষ্ঠ বৃদ্ধি পাইছে। পৰ্যটনস্থলী আৰু অন্যান্য ঠাইত যৌন নিৰ্যাতনৰ দৰে হিংসাত্মক অপৰাধ সংঘটিত হৈছে। সন্ত্ৰাসবাদীয়ে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে। সন্ত্ৰাসবাদীয়ে পৰ্যটনস্থলী, পৰিবহণ কেন্দ্ৰ, বজাৰ, শ্বপিং মল আৰু চৰকাৰী প্ৰতিষ্ঠানক লক্ষ্য কৰি লয় যাৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত।

বিদেশ মন্ত্ৰালয়ে কয় যে গ্ৰাম্য অঞ্চলত আমেৰিকাৰ নাগৰিকক জৰুৰীকালীন সেৱা প্ৰদানৰ ক্ষেত্ৰত আমেৰিকাৰ ক্ষমতা সীমিত। এই অঞ্চলসমূহ পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা  পশ্চিম বংগলৈকে বিস্তৃত হৈ আছে। গতিকে এনে অঞ্চলসমূহলৈ যোৱাৰ আগতে পৰামৰ্শ ল’ব লাগিব বুলি কয় আমেৰিকাই।

বিদেশ বিভাগে যাত্ৰাৰ আগতে সকলো দিশ চালি জাৰি চাবলৈ আহ্বান জনাইছে। লগতে কৈছে যে, ভাৰতত কাম কৰা আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীসকলে চিক্কিম আৰু অৰুণাচল প্ৰদেশৰ লগতে অসম, মিজোৰাম, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰাৰ ৰাজধানী চহৰ বা যিকোনো অঞ্চললৈ যোৱাৰ পূৰ্বে অনুমতি ল’ব লাগিব।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...