ঘনিষ্ঠতা বৃদ্ধি! পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰিব আমেৰিকাই, ভাৰত সন্দৰ্ভত ক’লে…

বিগত সময়চোৱাত আমেৰিকা আৰু পাকিস্তানৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে আমেৰিকাই আন এক মন্তব্য কৰিছে যে, আমেৰিকাই পাকিস্তানৰ সৈতে কৌশলগত সম্পৰ্ক সম্প্ৰসাৰণ কৰিব পাৰে।

ঘনিষ্ঠতা বৃদ্ধি! পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰিব আমেৰিকাই, ভাৰত সন্দৰ্ভত কলে...

ভাৰত-পাক-আমেৰিকা

Updated On: 

26 Oct 2025 22:11 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে বহু পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ আমেৰিকাই পাকিস্তানৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰি আহিছে। শেহতীয়াকৈ আমেৰিকাই পুনৰ এনে এক মন্তব্য কৰিছে যাৰ দ্বাৰা ক’ব পাৰি যে দুই দেশৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিছে। সোমবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এক বিশেষ মন্তব্য কৰে।

ৰুবিঅ’ই কয় যে, আমেৰিকাই পাকিস্তানৰ সৈতে কৌশলগত সম্পৰ্ক বৃদ্ধিৰ সুযোগ দেখিছে। মাৰ্কো ৰুবিঅ’ৰ এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। অৱশ্যে তেওঁ কয় যে, ”এয়া আমেৰিকাৰ ভাৰতৰ সৈতে থকা ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কৰ মূল্যত নহয়”। তেওঁ কয় যে, আমেৰিকাৰ পাকিস্তানৰ সৈতে সম্পৰ্কক লৈ ভাৰত স্পষ্টভাৱে চিন্তিত হৈ পৰিছে। কিন্তু ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষতি নকৰাকৈয়ে ইছলমাবাদৰ সৈতে আমেৰিকাই সম্পৰ্ক গঢ়িব।

ভাৰত কূটনৈতিক ক্ষেত্ৰত পৰিপক্ক

তেওঁ কয় যে,ভাৰতে বুজিব লাগিব যে আমি বিভিন্ন দেশৰ সৈতে সম্পৰ্ক ৰাখিব লগাত পৰে। পাকিস্তানৰ সৈতে আমাৰ কৌশলগত সম্পৰ্ক বৃদ্ধি হোৱাৰ আমি সুযোগ দেখা পাইছো। তেওঁ লগতে কয় যে, কূটনৈতিৰ ক্ষেত্ৰত ভাৰত অতি পৰিপক্ক। আমেৰিকাই পাকিস্তানৰ সৈতে যি কৰি আছে, সেয়া ভাৰতৰ সৈতে থকা গভীৰ, ঐতিহাসিক, গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ক্ষতি বুলি গণ্য কৰা উচিত নহয়। ভাৰতৰ এনে বহু দেশৰ সৈতে সম্পৰ্ক আছে যাৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই।

আমেৰিকা-পাকিস্তানৰ সম্পৰ্ক

তেওঁ কয় যে, যোৱা ৬ মাহত পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্কৰ উন্নতি হৈছে। মে’ মাহত ট্ৰাম্প আৰু পাকিস্তানৰ সেনা প্ৰধান মুনিৰৰ বৈঠকৰ পাছত সম্পৰ্ক উন্নত হ’বলৈ আৰম্ভ কৰিছিল। ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজত দুয়োৰে সাক্ষাৎ হৈছিল। যুদ্ধবিৰতিৰ বাবে পাকিস্তানে ট্ৰাম্পক কৃতিত্ব দিছিল যদিও ভাৰতে সেয়া নাকচ কৰি আহিছিল।

উল্লেখ্য যে, বিগত সময়চোৱাত আমেৰিকাই পাকিস্তানৰ কাষ চাপিছে যদিও ভাৰতৰ বিৰুদ্ধে বহু মন্তব্য কৰি আহিছে। ইয়াৰ মাজতে এতিয়া আমেৰিকা-পাকিস্তানৰ বন্ধুত্বই আন এক দিশলৈ গতি কৰিছে। নিসন্দেহেঃ এয়া ভাৰতৰ বাবে ভাল খবৰ নহয় বুলি কব পাৰি।

অন্য খবৰ পঢ়কঃ জুবিনৰ ন্যায়ৰ বাবে…সন্ধিয়া ঘৰৰ পৰা ওলাই গ’ল শৰৎ, পুৱা এক ভয়ংকৰ কাণ্ড…

কাণৰ বিষ আৰু জ্বৰ... মান ধনিয়াৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক