মাইক্ৰ’ RNAৰ গৱেষণালৈ স্বীকৃতিঃ আমেৰিকান বিজ্ঞানীদ্বয়লৈ চিকিৎসা বিজ্ঞানৰ নোবেল

মাইক্ৰ’ মাইক্ৰ’ RNAৰ ওপৰত কৰা গৱেষণাৰ বাবে আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনলৈ এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মাইক্ৰ’ RNAৰ ওপৰত কৰা এই গৱেষণাই মানৱ শৰীৰৰ ভিতৰত জিনে কেনেদৰে কাম কৰে আৰু ই কেনেকৈ মানৱ শৰীৰৰ বিভিন্ন কলাৰ জন্ম দিয়ে সেই বিষয়ে বুজাত সহায় কৰিছে।

মাইক্ৰ’ RNAৰ গৱেষণালৈ স্বীকৃতিঃ আমেৰিকান বিজ্ঞানীদ্বয়লৈ চিকিৎসা বিজ্ঞানৰ নোবেল

চিকিৎসা বিজ্ঞানৰ নোবেল ঘোষণা

Published: 

07 Oct 2024 | 05:42 PM

আজি ঘোষণা কৰা হৈছে এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বিজয়ীৰ নাম। মাইক্ৰ’ মাইক্ৰ’ RNAৰ ওপৰত কৰা গৱেষণাৰ বাবে আমেৰিকাৰ বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনলৈ এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। মাইক্ৰ’ RNAৰ ওপৰত কৰা এই গৱেষণাই মানৱ শৰীৰৰ ভিতৰত জিনে কেনেদৰে কাম কৰে আৰু ই কেনেকৈ মানৱ শৰীৰৰ বিভিন্ন কলাৰ জন্ম দিয়ে সেই বিষয়ে বুজাত সহায় কৰিছে।

দুইগৰাকী বিজ্ঞানীয়ে কয় যে তেওঁলোকৰ এই আৱিষ্কাৰে জিন নিয়ন্ত্ৰণৰ এক নতুন নীতি উন্মোচন কৰিছে আৰু ই মানুহকে ধৰি বহুকোষী জীৱৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। তেওঁলোকৰ গৱেষণাত দেখা গৈছে যে মানুহৰ জিনমে হাজাৰতকৈও অধিক মাইক্ৰ’ RNAৰ ক’ড কৰে। একে ধৰণৰ জেনেৰিক মূলৰ পৰা আৰম্ভ কৰাৰ পিছতো মানৱ শৰীৰৰ কোষবোৰৰ আকাৰ আৰু কাৰ্যৰ ক্ষেত্ৰত বহু পৰিমাণে পাৰ্থক্য দেখা যায়।

ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনৰ নাম বঁটাৰ বাবে ঘোষণা কৰি নোবেল সমিতিয়ে কয় যে বিজ্ঞানীসকলৰ আৱিষ্কাৰসমূহ জীৱৰ বিৱৰ্তন আৰু কাৰ্যকৰী পদ্ধতিৰ বাবে মৌলিকভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। উল্লেখ্য যে বঁটা বিজয়ী ভিক্টৰ এম্ব্ৰ’জ বৰ্তমান ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুলৰ প্ৰাকৃতিক বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।

আনহাতে আনগৰাকী বঁটা বিজয়ী গেৰী ৰুভকুন মেছাচুচেটছ জেনেৰেল হস্পিতাল আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ জেনেটিক্স বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। উল্লেখ্য যে বিগত বৰ্ষত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল হাংগেৰী-আমেৰিকান কেটালিন কাৰিকো আৰু আমেৰিকান ড্ৰু ৱেইছমেনক।

নিউক্লিঅ’চাইড বেছ মডিফিকেচনৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁলোকৰ এই আৱিষ্কাৰৰ ফলত ক’ভিড মহামাৰীৰ বিৰুদ্ধে এটা ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুত কৰা হয়। ক’ভিড মহামাৰীৰ গতি হ্ৰাস কৰাত এই ভেকচিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...