ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি নাথাকে জো বাইডেন ! তেওঁ ক’লে, ‘গণতন্ত্ৰ বচাবলৈ উভতি আহিম’

US President Election 2024: পুনৰ নিৰ্বাচনী প্ৰচাৰলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে । এক বিবৃতিত তেওঁ কয়, গণতন্ত্ৰ বচাবৰ বাবে অহা সপ্তাহত পুনৰ নিৰ্বাচনী প্ৰচাৰলৈ অভতি আহিব । লগতে মিলৱাকিত অনুষ্ঠিত হোৱা ৰিপাব্লিকান নেশ্যনেল কনভেনচনত দিয়া ট্ৰাম্পৰ ভাষণক ভৱিষ্যতৰ বাবে ভাবুকি বুলি অভিহিত কৰে বাইডেনে ।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি নাথাকে জো বাইডেন ! তেওঁ কলে, গণতন্ত্ৰ বচাবলৈ উভতি আহিম

জো বাইডেন আৰু ড'নাল্ড ট্ৰাম্প

Published: 

20 Jul 2024 19:50 PM

এইবাৰ নিৰ্বাচনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি থাকিব জো বাইডেন ! এই চৰ্চাৰ মাজতে অহা সপ্তাহত পুনৰ নিৰ্বাচনী প্ৰচাৰলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে । এক বিবৃতিত তেওঁ কয়, গণতন্ত্ৰ বচাবৰ বাবে অহা সপ্তাহত পুনৰ নিৰ্বাচনী প্ৰচাৰলৈ অভতি আহিব । লগতে মিলৱাকিত অনুষ্ঠিত হোৱা ৰিপাব্লিকান নেশ্যনেল কনভেনচনত দিয়া ট্ৰাম্পৰ ভাষণক ভৱিষ্যতৰ বাবে ভাবুকি বুলি অভিহিত কৰে বাইডেনে ।

তেওঁ কয় যে, ড’নাল্ড ট্ৰাম্পৰ কোনো দৃষ্টিভংগী নাই । ট্ৰাম্পে আমেৰিকাৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছে বুলি অভিযোগ কৰে বাইডেনে । উল্লেখ্য যে, কভিডত আক্ৰান্ত হৈ নিজৰ বাসগৃহতে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰি আছে বাইডেনে । যোৱা ১৭ জুলাই কভিডত আক্ৰান্ত হৈছিল বাইডেন ।

বাইডেনে আৰু কয় যে, ‘ড’নাল্ড ট্ৰাম্পৰ ‘প্ৰজেক্ট ২০২৫’ এজেণ্ডাৰ বিপদৰ ওপৰত আলোকপাত কৰিবলৈ মই নিৰ্বাচনী প্ৰচাৰলৈ উভতি যাম। এই সময়ছোৱাত আমি নিজকে ৰক্ষা কৰা এখন আমেৰিকাৰ বাবে মোৰ দৃষ্টিভংগী শ্বেয়াৰ কৰিম। আমাৰ অধিকাৰ আৰু স্বাধীনতা ৰক্ষা কৰা আৰু সকলোৰে বাবে সুযোগ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম ।’

মনকৰিবলগীয়া যে, যোৱা কিছু দিনৰ পৰা বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি থকাৰ কথা প্ৰায়ে চৰ্চা চলি আছে । প্ৰকাশিত খবৰ অনুসৰি, কেৱল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতাসকলেহে তেওঁৰ প্ৰাৰ্থীত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে। চৰ্চা হৈছে যে, নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনত দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিবলৈ বাইডেনে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্বৰ পৰা আঁতৰি আন কাৰোবাক থিয় কৰাব বিচাৰে। অৱশ্যে বাইডেনৰ প্ৰচাৰ দলে কয় যে, তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা পিছুৱাই যোৱা নাই।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension