মোদী ভ্ৰমণৰ পাছতে বাংলাদেশৰ বাবে আগবঢ়োৱা অনুদান বন্ধ কৰিলে আমেৰিকাই…

আমেৰিকাই আৰ্থিক সাহাৰ্য কৰ্তনৰ পাছতে দেশখনৰ সহায়ৰ প্ৰয়োজনীয়তাক অনুভৱ কৰিছে বাংলাদেশে । দেওবাৰে দিনটোত আমেৰিকাৰ উদ্যোগপতি আৰু চৰকাৰী দক্ষতা বিভাগৰ(USA Department of Government Efficiency) মুৰব্বীৰে বৈঠকত মিলিত হৈছিল মহম্মদ ইউনুছ ।

মোদী ভ্ৰমণৰ পাছতে বাংলাদেশৰ বাবে আগবঢ়োৱা অনুদান বন্ধ কৰিলে আমেৰিকাই...

বাংলাদেশৰ বাবে আগবঢ়োৱা অনুদান বন্ধ কৰিলে আমেৰিকাই

Published: 

17 Feb 2025 | 01:31 PM

আমেৰিকাৰ সহায়ৰ প্ৰয়োজন হৈছে ৰাজনৈতিক অস্থিৰতাত ভুগি থকা বাংলাদেশক । আমেৰিকাই আৰ্থিক সাহাৰ্য কৰ্তনৰ পাছতে দেশখনৰ সহায়ৰ প্ৰয়োজনীয়তাক অনুভৱ কৰিছে বাংলাদেশে । দেওবাৰে দিনটোত আমেৰিকাৰ উদ্যোগপতি আৰু চৰকাৰী দক্ষতা বিভাগৰ(USA Department of Government Efficiency) মুৰব্বীৰে বৈঠকত মিলিত হৈছিল মহম্মদ ইউনুছ ।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক অনুষ্ঠিত কৰিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে । এই বৈঠকত দেশৰ ইণ্টাৰনেট সেৱাকে ধৰি কেইবাটাও দিশৰ উন্নয়ন সন্দৰ্ভত আলোচনা হৈছিল বুলি খবৰ প্ৰকাশ পাইছে ।

কিন্তু এই বৈঠকৰ ২৪ ঘণ্টাৰ আগতেই বাংলাদেশৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য কৰ্তন কৰিছিল আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগে । ইলন মাস্ক মূল দায়িত্বত থকা আমেৰিকাৰ এই বিভাগটোৱে এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত অনুদান কৰ্তন কৰা দেশসমূহৰ নাম উল্লেখ কৰিছে আমেৰিকাই । এই তালিকাত উল্লেখ কৰা দেশসমূহৰ ভিতৰত আছে বাংলাদেশ ।

একেদৰে এই তালিকাত আছে নেপাল, কম্বোডিয়া, ছাৰ্বিয়া আদি দেশ । ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত আমেৰিকাই বিশ্বৰ কেইবাখনো দেশলৈ আৰ্থিক সাহায্য বন্ধ কৰি দিছে ।

সূত্ৰ অনুসৰি, বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ কৰিবলৈ পূৰ্বে প্ৰায় ২৫১ কোটি টকা ব্যয় কৰিছিল আমেৰিকাই। এতিয়া সেয়াও বন্ধ কৰি দিছে মাস্কে । শেহতীয়াকৈ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই বাংলাদেশৰ সকলো কাম বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব