ৰাছিয়াত ৯/১১ কাণ্ডৰ পুনৰাবৃত্তি! ৮টাকৈ ড্ৰোনেৰে ৬টা অট্টালিকাত আক্ৰমণ…

ৰাছিয়াৰ কাজানত আমেৰিকাৰ 9/11 কাণ্ডৰ পুনৰাবৃত্তি। কাজানত ছিৰিয়েল ড্ৰোন(UAV) আক্ৰমণ। চহৰখনৰ ৬টাকৈ অট্টালিকাত ড্ৰোনেৰে আক্ৰমণ।

ৰাছিয়াত ৯/১১ কাণ্ডৰ পুনৰাবৃত্তি! ৮টাকৈ ড্ৰোনেৰে ৬টা অট্টালিকাত আক্ৰমণ...

ৰাছিয়াত ড্ৰোন আক্ৰমণ ইউক্ৰেনৰ

Updated On: 

21 Dec 2024 | 05:40 PM

ৰাছিয়াৰ চহৰসমূহত নিৰন্তৰভাৱে বোমা বিস্ফোৰণ সংঘটিত কৰি আহিছে ইউক্ৰেনে। কিন্তু এইবাৰৰ আক্ৰমণ আছিল অধিক ভয়াৱহ। কিয়নো এইবাৰ ইউক্ৰেনে সংঘটিত কৰিছিল ৯/১১ পুনৰাবৃত্তি।  আমেৰিকাৰ সহায় আৰু ধ্বংসাত্মক মিছাইল ব্যৱহাৰ কৰিবলৈ বাইডেন প্ৰশাসনৰ পৰা অনুমতি পোৱাৰ পিছত অধিক মাৰাত্মক হৈ উঠিছে ইউক্ৰেইন। বাতৰি অনুসৰি, শনিবাৰে ইউক্ৰেনে ৰাছিয়াত ৯/১১ ৰ দৰে আক্ৰমণ সংঘটিত কৰিছে। ইউক্ৰেইনৰ সেনাই কাজানৰ ৬টা অট্টালিকাত ড্ৰোন আক্ৰমণ চলাই। আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হৈছিল।

আক্ৰমণৰ পিছত অট্টালিকাবোৰ খালি কৰাৰ লগতে বিদ্যালয়সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আক্ৰমণৰ পিছত উদ্ধাৰ অভিযান চলি থকাৰ সময়তে আন এটা আক্ৰমণ সংঘটিত হৈছিল।বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ।

প্ৰাথমিক তথ্য অনুসৰি, ইউক্ৰেইনৰ সেনাই প্ৰায় ৮টা ড্ৰোনেৰে ৬টা অট্টালিকাত আক্ৰমণ কৰে।  এই নিৰন্তৰ আক্ৰমণৰ ফলত ৰাছিয়ানসকলে ভূগৰ্ভস্থ আশ্ৰয়স্থলত বাস কৰিবলৈ বাধ্য হৈ পৰিছে। ইফালে সকলোকে সুৰক্ষিত স্থানত থাকিবলৈ কৈছে কাজান চহৰৰ মেয়ৰে ।

আক্ৰমণ ক’ত সংঘটিত হৈছিল?

প্ৰাথমিক তথ্য অনুসৰি, ড্ৰোন আক্ৰমণৰ বাবে কামলেভ এভিনিউ, ক্লাৰা জেটকিন ষ্ট্ৰীট, য়ুকোজিনস্কায়া, খাদী তকতাছ আৰু ক্ৰাচনায়া পজিটচিয়াৰ অট্টালিকাসমূহক লক্ষ্য কৰি লৈছিল। আন দুটা ড্ৰোনে অৰেনবাৰ্গস্কি ট্ৰেক্ট ষ্ট্ৰীটৰ এটা ঘৰক লক্ষ্য কৰি লৈছিল।

এতিয়ালৈকে কোনো হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। প্ৰশাসনৰ বিষয়াসকলে কোৱা মতে, আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোত থকা সকলো লোকক স্থানান্তৰ কৰা হৈছে।

এই আক্ৰমণৰ পিছত ৰাছিয়াৰ তাতাৰস্তান অঞ্চলৰ চৰকাৰে ৰাজ্যখনৰ সকলো গণ কাৰ্যসূচী অহা দুদিনৰ বাবে বাতিল কৰাৰ ঘোষণা কৰে । নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। এই সিদ্ধান্তই প্ৰমাণ কৰিছে যে ৰাছিয়াই ইউক্ৰেইনৰ আক্ৰমণাত্মক শক্তিক সহজভাৱে লোৱা নাই আৰু অধিক আক্ৰমণৰ আশংকা কৰিছে। অৱশ্যে, ৰাছিয়াই সদায় কৈ আহিছে যে তেওঁলোকে প্ৰতিটো আক্ৰমণৰ সঁহাৰি দিব। এতিয়া এই আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাছিয়াই কি কৰিব সেয়া চাব লগা বিষয় হ’ব!

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...