এখন বাৰত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে নিহত ১১জন…

ঘটনা সংঘটিত হোৱাৰ পাছতেই উক্তস্থানত আৰক্ষী উপস্থিতি হৈ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এখন বাৰত খুন্দা তীব্ৰবেগী ট্ৰাকৰ, থিতাতে নিহত ১১জন...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

02 Sep 2024 | 08:52 AM

এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল কেইবাজনলোকৰ, লগতে আহত হয় বহুতো। এখন ট্ৰাকে বাৰত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয়। অসামৰিক প্ৰতিৰক্ষা সঞ্চালক জুয়ান চালাছে জনোৱা মতে, দেওবাৰে  ৰাজধানী ছান্টো ডমিংগোৰ পশ্চিমে অৱস্থিত আজুয়াৰ দক্ষিণী সমূহায়ত এই দুৰ্ঘটনা সংঘটিত হয় বুলি বিষয়াসকলে জনায়।

আৰক্ষীৰ মুখপাত্ৰ ডিয়েগো পেস্কেৰাই জনোৱা মতে, মৃতসকলৰ ভিতৰত আছিল এজন আৰক্ষী চাৰ্জেণ্ট। বিভাগীয় কৰ্তৃপক্ষই চিচিটিভি কেমেৰা পৰীক্ষা কৰি আছে যদিও দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কেৰিবিয়ান দেশ ডমিনিকান ৰিপাব্লিকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

জানিব পৰা মতে ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকে উক্ত স্থানৰ পৰা পলায়ন কৰে আৰু বৰ্তমানলৈকে আৰক্ষীয়ে তেওঁৰ কোনো শু- সূত্ৰ পোৱা নাই। অৱশ্যে এভোকেডো কঢ়িয়াই অনা ট্ৰাকখনত থকা এজন যাত্ৰীক আৰক্ষীয়ে আটক কৰিছে। ঘটনা সংঘটিত হোৱাৰ পাছতেই উক্তস্থানত আৰক্ষী উপস্থিতি হৈ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব