বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ পৰা ভোটাৰ তালিকাৰ খচৰালৈ… দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এই খচৰা সন্দৰ্ভত আপত্তি থকা সকলে অহা ২২ জানুৱাৰীলৈকে জনাব পাৰিব অভিযোগ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ পৰা ভোটাৰ তালিকাৰ খচৰালৈ... দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

দিনটোৰ শীৰ্ষ খবৰ

Published: 

27 Dec 2025 20:41 PM

দুদিনীয়াকৈ অনুষ্ঠিত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি অন্তিম দিন। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিটো নিৰ্বাচনেই ৰক্ষাৰ যুঁজ। ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এই খচৰা সন্দৰ্ভত আপত্তি থকা সকলে অহা ২২ জানুৱাৰীলৈকে জনাব পাৰিব অভিযোগ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

১. দুদিনীয়াকৈ অনুষ্ঠিত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আজি অন্তিম দিন। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিটো নিৰ্বাচনেই ৰক্ষাৰ যুঁজ। প্ৰতিটো নিৰ্বাচনেই জীয়াই থকাৰ যুঁজ। ছাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ যাতে ছাদুল্লালৈকে নাযায় তথা অসম আৰু অসমীয়াৰ মংগলৰ বাবে ভাৰতীয় জনতা পাৰ্টি জয়ী হ’ব লাগিব।

২. ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনটোত আজি উপস্থিত থাকে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ। ২০২৬ ৰ নিৰ্বাচনত দলটো কিদৰে যুঁজত নামিব তাৰ ৰণকৌশল সন্দৰ্ভত আলোকপাত কৰে দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই। এই অনুষ্ঠানত আন কেবাগৰাকীও দলীয় শীৰ্ষ নেতা উপস্থিত থাকে।

৩. ৰাজ্যৰ পৰিৱৰ্তিত জনগাঁথনিক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে ২০১১ চনৰ লোকপিয়লত হিন্দু আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ পাৰ্থক্য এটি চিন্তাৰ বিষয়। ৩% অসমীয়া মুছলমানক বাদ দিলে ২০১১ চনত বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১% ৷ ২০২৭ৰ লোকপিয়লত অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ বৰ্ধিত সংখ্যা কিমান বাঢ়িব সেয়া চিন্তনীয়।

৪. ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এই খচৰা সন্দৰ্ভত আপত্তি থকা সকলে অহা ২২ জানুৱাৰীলৈকে জনাব পাৰিব অভিযোগ। অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব বিশেষ কেম্প। এই কেইটা দিনত আপত্তি দৰ্শাব পাৰিব ইচ্ছুকসকলে। কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ ১.৬৩ শতাংশ ভোটাৰৰ সংখ্যা বৃদ্ধি।

৫. আজি পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। মা কামাখ্যাৰ আশিস বিচাৰি পূজা-অৰ্চনা আগবঢ়ায় নেতাগৰাকীয়ে। নীতিন নবীনক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই।

৬. আজি নতুন দিল্লীত অনুষ্ঠিত হয় কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক। এই বৈঠকত অংশ লয় দলটোৰ বহু সংখ্যক জ্যেষ্ঠ নেতাই। এমজিএনৰেগা আঁচনিৰ নাম সলনি কৰি চৰকাৰে নতুন আঁচনি ৰূপায়ন কৰা কাৰ্যক গৰিহণা কংগ্ৰেছৰ। অহা ৫ জানুৱাৰীৰ পৰা চেভ এমএনৰেগা অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।

৭. ভয়ংকৰ কূটাঘাটৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ উপত্যকা। শ্ৰীনগৰ-বাৰমূলা ৰাজপথত উত্তৰ কাশ্মীৰৰ ছোপোৰ অঞ্চলত আইইডি উদ্ধাৰৰ খবৰে আতংকিত কৰি তোলে সকলোকে। অৱশ্যে এই তথ্য লাভ কৰাৰ লগে লগেই নিৰাপত্তাৰক্ষী উপস্থিত হৈ নিষ্ক্ৰীয় কৰে আইইডিটো। ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিৰাপত্তাৰক্ষীয়ে।

৮. আজি বলীউডৰ ভাইজান ছলমান খানৰ জন্মদিন। জীৱনৰ ৬০ টা বসন্ত অতিক্ৰম কৰিলে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। এই উপলক্ষে ছলমানক শুভেচ্ছা জনালে বিভিন্ন জনে। জন্মদিন উপলক্ষে ছলমানে তেওঁৰ আহিবলগীয়া ছবি বেটল অৱ গালৱানৰ টীজাৰ মুকলি কৰে। ২০২৬ চনৰ ১৭ এপ্ৰিলত মুক্তিপাব এই ছবিখনে।

৯. ২০২৬ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অখিল গগৈৰ ৰাইজৰ দলে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত ৰাজনৈতিক কাৰ্যকলাপ অব্যাহত ৰাখিছে দলটোৱে। আজি নাওবৈচা সমষ্টিত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে দলটোৱে। এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক অখিল গগৈও। ভাষণৰ মাজতে নাওবৈচা সমষ্টিৰ বাবে হৰিকান্ত দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে অখিল গগৈয়ে।

এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...