বিশ্বৰ ১০টা বৃহৎ ভূমিকম্প, আছে ভাৰতৰো নাম, কিমান প্ৰাবল্যৰ ভূমিকম্প বিপজ্জনক জানক…

ৰাছিয়াৰ কামচাটকাত সংঘটিত হোৱা ভূমিকম্পটো বিশ্বৰ ১০টা বৃহৎ ভূমিকম্পৰ ভিতৰত অন্যতম। কামচাটকা হৈছে সেই অঞ্চল য'ত প্ৰথম ৯.০ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পটো ১৯৫২ চনত সংঘটিত হৈছিল।বিশ্বৰ ১০ টা ভয়াৱহ ভূমিকম্পৰ ভিতৰত ২ টা ভূমিকম্পই ভাৰতকো প্ৰভাৱিত কৰিছিল।

বিশ্বৰ ১০টা বৃহৎ ভূমিকম্প, আছে ভাৰতৰো নাম, কিমান প্ৰাবল্যৰ ভূমিকম্প বিপজ্জনক জানক...

বিশ্বৰ ১০টা বৃহৎ ভূমিকম্প

Published: 

30 Jul 2025 11:31 AM

বুধবাৰে পুৱতি নিশা ৰাছিয়াৰ সুদূৰ পূৰ্বাঞ্চলত সংঘটিত হয় বিশ্বৰ অন্যতম শক্তিশালী ভূমিকম্প। ৮.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ পিছত উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বহু দেশত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হঐচে। ৰাছিয়াৰ বাহিৰেও জাপান, আমেৰিকাৰ আলাস্কা, হাৱাই, নিউজিলেণ্ড, ইণ্ডোনেছিয়াকে ধৰি বহু দেশেও ইয়াৰ প্ৰভাৱৰ প্ৰতি সজাগ হৈ পৰিছে।

সাধাৰণতে প্ৰতিদিনে  বিশ্বজুৰি ৫৫টা কম্পন অনুভূত হয়। ৰাছিয়াৰ পূব উপকূলত সংঘটিত হোৱা এই ভূমিকম্পটো বিশ্বৰ ভিতৰতে ষষ্ঠ ভয়াৱহ ভূমিকম্প। অৱশ্যে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়াও প্ৰকাশ পোৱা নাই। কিমান প্ৰাবল্যৰ ভূমিকম্প কিমান বিপজ্জনক হ’ব পাৰে সেয়া জানিবলৈ চেষ্টা কৰোঁ আহক। যদি ৮ মাত্ৰাৰ ভূমিকম্প হয়, তেন্তে ইয়াৰ ফলত কিমান ক্ষতি হ’ব পাৰে?

ভূমিকম্প কেতিয়া অনুভৱ কৰা হয়?

যদি ৰিখটাৰ স্কেলত ০-১.৯ প্ৰাবল্যৰ ভূমিকম্প হয়, তেন্তে কোনেও ইয়াৰ বিষয়ে গম নাপায়, কেৱল ছিছমোগ্ৰাফতহে অনুভৱ কৰা হয়। যদি ২ৰ পৰা ২.৯ প্ৰাবল্যৰ ভূমিকম্প হয় তেন্তে সামান্য কম্পন অনুভৱ কৰা হয়। মানুহে এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিব পাৰে। একেদৰে ৩ৰ পৰা ৩.৯ প্ৰাবল্যৰ ভূমিকম্প এখন ট্ৰাক পাৰ হৈ যোৱাৰ দৰে অনুভৱ হয়। যদি ৪ প্ৰাবল্যতকৈ অধিক ভূমিকম্প হয়, তেন্তে ইয়াৰ প্ৰভাৱ আৰম্ভ হয়। ৪ৰ পৰা ৪.৯ প্ৰাবল্যৰ ভূমিকম্পত খিৰিকী ভাঙিব পাৰে। লগতে বেৰত ওলমি থকা ফ্ৰেমবোৰ পৰিব পাৰে। ৫ৰ পৰা ৫.৯ প্ৰাবল্যৰ ভূমিকম্প হ’লে আচবাবৰ দৰে গধুৰ বস্তুবোৰ লৰচৰ কৰিব পাৰে। আৰু এই মাত্ৰাৰ ভূমিকম্পত  প্ৰাণ-সম্পত্তি হেৰুৱাব পৰাৰ সম্ভাৱনা থাকে।

৬ তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প ধ্বংসাত্মক

যদি ক’ৰবাত ৬ তকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প হয়, তেন্তে ই বিধ্বংসী বুলি প্ৰমাণিত হ’ব পাৰে। ৬ৰ পৰা ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই আনকি ডাঙৰ ডাঙৰ অট্টালিকাৰ ভেটি ফাটিব পাৰে। লগতে ওপৰৰ মহলাবোৰো ক্ষতিগ্ৰস্ত হ’ব পাৰে। আনহাতে ৭ৰ পৰা ৭.৯ প্ৰাবল্যৰ ভূমিকম্পত অট্টালিকাও ভাঙি পাৰে। মাটিৰ তলত পাইপ ফাটি যায়। এই ভূমিকম্প ধ্বংসাত্মক হ’ব পাৰে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ বিশাল ভূমিকম্প সংঘটিত হৈছিল আৰু ইয়াৰ ফলত বিপুল ধ্বংসলীলা হৈছিল। ৫০ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে লাখ লাখ লোক আহত হয়।

যদি ভূমিকম্পৰ প্ৰাবল্য ৮তকৈ অধিক হয় তেন্তে সমগ্ৰ চহৰখনৰ ক্ষতি হ’ব পাৰে। অট্টালিকা আৰু ডাঙৰ দলঙে ৮ৰ পৰা ৮.৯ প্ৰাবল্যৰ ভূমিকম্প সহ্য কৰিব নোৱাৰে আৰু ভাঙি যায়। কেৱল এয়াই নহয়, সাগৰত ছুনামীৰ আশংকা থাকে। আটাইতকৈ ধ্বংসাত্মক ভূমিকম্প হ’ল ৯ ৰ প্ৰাবল্যৰ ভূমিকম্প। ৯ বা তাতকৈ অধিক ভূমিকম্প হ’লে মাটিত থিয় হৈ থকা ব্যক্তিয়ে ভূমি দোল খাই থকা দেখিব আৰু বিশাল ছুনামীৰ আশংকা থাকে। এনে ভূমিকম্প মাজে মাজেহে হয়। এতিয়ালৈকে ৯ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প বিশ্বত মাত্ৰ ৫ বাৰহে সংঘটিত হৈছে।

পৃথিৱীত কেতিয়া সংঘটিত হৈছিল ধ্বংসাত্মক ভূমিকম্প?

এতিয়া পৃথিৱীৰ ১০টা ভয়াৱহ ভূমিকম্পৰ কথা কওঁ। ৰাছিয়াৰ পূব উপকূলত এই ভূমিকম্পটো এতিয়ালৈকে বিশ্বৰ ভিতৰতে ষষ্ঠ বিধ্বংসী ভূমিকম্পৰ ভিতৰত অন্যতম। ইয়াৰ আগতেও এই প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে। ৰাছিয়াৰ কামচাটকাত হোৱা এই ভূমিকম্পটো আটাইতকৈ ডাঙৰ ভূমিকম্প নহয়। ৭৩ বছৰ আগতে ১৯৫২ চনৰ ৪ নৱেম্বৰত কামচাটকাত ৯.০ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। কিন্তু হাৱাইত ৯.১ মিটাৰ উচ্চতাৰ ঢৌ উঠাৰ পোৱাৰ পিছতো কোনো লোকৰ মৃত্যু হোৱা নাছিল।

ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভে (USGS)ৰ তথ্য অনুসৰি ১৯৬০ চনত বিশ্বৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পটো সংঘটিত হৈছিল, তেতিয়া ইয়াৰ প্ৰাবল্য ৯.৫ বুলি জুখিছিল। তাৰ পিছত চিলিৰ বায়’বিঅ’ত এই ভয়াৱহ ভূমিকম্পৰ অনুভূত হৈছিল। ইয়াক গ্ৰেট চিলি ভূমিকম্প বুলিও স্মৰণ কৰা হয়। এই ভূমিকম্পত প্ৰায় ১৬৫৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ লাখৰো অধিক লোক গৃহহীন হৈ পৰে। ইয়াৰ পিছত ১৯৬৪ চনত দ্বিতীয় বিধ্বংসী ভূমিকম্প সংঘটিত হয়।আমেৰিকাৰ আলাস্কাত ৯.২ প্ৰাবল্যৰ ভূমিকম্পত ১৩০ জন লোকৰ মৃত্যু হয়। তেতিয়া ২.৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰ ক্ষতি হৈছিল।

শীৰ্ষ দহটা ভূমিকম্পৰ ভিতৰত ভাৰতৰ নাম

তৃতীয় বিধ্বংসী ভূমিকম্প ২০০১ চনত সংঘটিত হৈছিল।ইণ্ডোনেছিয়াৰ সুমাট্ৰাত এই ভূমিকম্পই বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। ইয়াৰ প্ৰভাৱ ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈকে দেখা গৈছিল। বিশাল ছুনামীৰ ঢৌৰ সৃষ্টি হৈছিল। বহু দেশত ছুনামীয়ে আঘাত হানিছিল। য’ত ২.৮০ লাখৰো অধিক লোকৰ মৃত্যু হয়। দক্ষিণ এছিয়া আৰু পূব আফ্ৰিকাত ১১ লাখ লোক গৃহহীন হ’বলগীয়া হৈছিল।

চতুৰ্থ সৰ্বাধিক ধ্বংসাত্মক ভূমিকম্প জাপানত সংঘটিত হয়। ২০১১ চনত জাপানৰ টোহোকুত ৯.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলটোত ছুনামীৰ সৃষ্টি হয়। ১৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১.৩০ লাখৰো অধিক লোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হয়। তাৰ পিছত ৰাছিয়াত সংঘটিত হৈছিল পঞ্চমটো বৃহত্তম ভূমিকম্প। ১৯৫২ চনত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৯.০। এইটোৱেই আছিল বিশ্বৰ ভিতৰতে ৯.০ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প। এই সময়ছোৱাত ছুনামীৰ সৃষ্টি হয় আৰু কোটি কোটি টকাৰ সম্পত্তি ধ্বংস হয় ।

১৯০৬ত ৮.৮ প্ৰাবল্যৰ সপ্তমটো ডাঙৰ ভূমিকম্প হৈছিল ইকুৱেডৰৰ এছমেৰাল্ডাছত। ২০১০ চনত অষ্টমটো বৃহৎ ভূমিকম্প হৈছিল চিলিৰ বায়’বিঅ’ত। যাৰ প্ৰাবল্য আছিল ৮.৮। ১৯৬৫ চনত আমেৰিকাৰ অলাস্কাত সংঘটিত নৱমটো ডাঙৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৭। । ১৯৫০ চনত ভাৰতৰ অৰুণাচল প্ৰদেশত সংঘটিত হৈছিল বিশ্বৰ দশমটো বৃহত্তম ভূমিকম্প। যাৰ প্ৰাবল্য আছিল ৮.৬।

কামচাটকাত দ্বিতীয়বাৰৰ বাবে ৮ ৰ ওপৰত ভূমিকম্প

এই ভূমিকম্পটো ৰাছিয়াৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছিল।  ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা ৮.৮। ভূমিকম্পৰ প্ৰচণ্ড কম্পনৰ ফলত ৰাছিয়াৰ বহু অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। ভূমিকম্পৰ কম্পন ইমানেই বিপজ্জনক আছিল যে ঘৰৰ ভিতৰত ৰখা বস্তুবোৰ দ্ৰুতগতিত কঁপিবলৈ ধৰিলে। আনকি আলমাৰীত ৰখা বস্তু আৰু কিতাপবোৰো পৰিবলৈ ধৰিছিল।

ৰাছিয়াৰ পূব উপকূলত ৪ মিটাৰ পৰ্যন্ত চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ বিপৰীতে জাপানত ৩ মিটাৰ পৰ্যন্ত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। এই সতৰ্কবাণীৰ পৰিপ্ৰেক্ষিতত জাপানে ফুকচিমা পাৰমাণৱিক কেন্দ্ৰটো খালী কৰিছে। তাত কৰ্মৰত কৰ্মচাৰীক খালী কৰা হৈছে। ৰাছিয়া আৰু জাপানৰ বাহিৰেও আমেৰিকা, নিউজিলেণ্ড, ইণ্ডোনেছিয়াকে ধৰি বহু দেশে নিজৰ দেশত সতৰ্কবাণী জাৰি কৰিছে।

কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে
সপোনত সূৰ্যাস্তৰ দৃশ্য দেখিছে নেকি? জানেনে এনে সপোনে কিহৰ ইঙ্গিত দিয়ে?
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...