গাজাত মৃত্যুৰ কিৰিলি ! এতিয়ালৈকে ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৪৫ হাজাৰো অধিক পেলেষ্টাইনীয়ে…

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, ডোহাত চলি থকা যুদ্ধবিৰতি আলোচনাৰ মাজতে নৱবৰ্ষৰ মাত্ৰ ৫ দিনৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৪৫,৮০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে আৰু ১০৯,০০০ লোক আহত হৈছে।

গাজাত মৃত্যুৰ কিৰিলি ! এতিয়ালৈকে ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ৪৫ হাজাৰো অধিক পেলেষ্টাইনীয়ে...

গাজা যুদ্ধ

Updated On: 

06 Jan 2025 15:42 PM

বিশ্ববাসী সাক্ষী হোৱা ভয়াবহ গাজা যুদ্ধই এবছৰতকৈ অধিক সময় অতিক্ৰম কৰিলে । এই যুদ্ধই সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে পেলেষ্টানীসকলক । গাজাত বাস কৰাৰ পেলেষ্টাইনীসকলে হয়নো নাভাৱে যে, কাইলৈ তেওঁলোকে সূৰ্যোদয় দেখিব নে নেদেখে । গোলো-বাৰুদৰ ক’লা ধোঁৱাই আৱৰি থকা গাজাত এতিয়া হয়তো চাৰিওফালে মৃত্যুৰ কিৰিলি । জীৱন উদযাপনৰ হাবিয়াস হয়তো নাইকীয়া হৈ পৰিছে পেলেষ্টাইনী সকলৰ ।

শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, ডোহাত চলি থকা যুদ্ধবিৰতি আলোচনাৰ মাজতে নৱবৰ্ষৰ মাত্ৰ ৫ দিনৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৪৫,৮০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে আৰু ১০৯,০০০ লোক আহত হৈছে।

মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ সৈন্যৰ আক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা ৪৫,৮০৫ জনলৈ বৃদ্ধি পাইছে, য’ত ১০৯,০৬৪ জন আহত হৈছে। মন্ত্ৰালয়ে লগতে কয় যে, যোৱা ২৪ ঘন্টাত যুদ্ধবিধ্বস্ত অঞ্চলটোত ইজৰাইলৰ আক্ৰমণত ৮৮ জন পেলেষ্টাইনী নিহত আৰু ২০৮ জন আহত হৈছে।

২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী গোট হামাছৰ বিদ্ৰোহীয়ে ইজৰাইলৰ ভূখণ্ডত হঠাৎ আক্ৰমণ কৰাৰ পিছত এই যুদ্ধ আৰম্ভ হৈছিল। হামাছৰ আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী নিহত হোৱাৰ লগতে ২৪০ৰো অধিক লোকক পণবন্দী কৰি ৰখা হয়। ইয়াৰ পাছতে ইজৰাইলে যুদ্ধ ঘোষণা কৰি ২৩ লাখ পেলেষ্টাইনী বসবাস কৰা গাজা ষ্ট্ৰিপত সন্ত্ৰাসবাদ বিৰোধী অভিযান বুলি অবিহিত কৰি নিজ সামৰিক কাৰ্যকলাপ অব্যাহত ৰাখিছে ।

ইয়াৰ উপৰিও ইজৰাইলে লেবানন আৰু ছিৰিয়াৰ কিছু অংশত বিমান আক্ৰমণ আৰম্ভ কৰিছে আৰু পশ্চিম পাৰতো সামৰিক অভিযান অব্যাহত ৰাখিছে ।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...