সৰুতে পঢ়াত কেনে আছিল বিশ্বৰ ধনী ব্যক্তি ইলন মাস্ক? সামাজিক মাধ্যমত ভাইৰেল মাৰ্কশ্বিট, দেখি হ’ব আচৰিত…
বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্ক। কিন্তু সৰুতে পঢ়াত কেনে আছিল ইলন? এই সন্দৰ্ভত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট ভাইৰেল হৈ পৰিছে। য'ত ইলনে পোৱা নম্বৰ উল্লেখ আছে।

ইলন মাস্ক
প্ৰায় প্ৰত্যেকৰে চিনাকী এটা নাম ইলন মাস্ক। প্ৰযুক্তি জগত তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্ক (Elon Musk) সন্দৰ্ভত বিভিন্ন সময়ত বহু খবৰ প্ৰকাশ পায়। কিন্তু কিশোৰ অৱস্থাত কম্পিউটাৰ বিষয়টোত কেনে আছিল ইলন মাস্ক ? এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট পোহৰলৈ আহিছে। মাস্কৰ মাতৃ মেয় মাস্কে সামাজিক মাধ্যম এস্কত পোষ্ট কৰি ইলন মাস্কৰ ৩৬ বছৰ পুৰণি স্ক’ৰকাৰ্ড অৰ্থাৎ নম্বৰ শ্বেয়াৰ কৰে। যি দেখি সকলো স্তম্ভিত হৈ পৰিছে। টেছলাৰ চিইঅ’ ইলন মাস্কে ১৭ বছৰ বয়সত কম্পিউটাৰ এপ্টিটিউড টেষ্ট (Computer Aptitude Test) দিছিল। সেই ফলাফল এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ইলম মাস্কৰ মাতৃয়ে এই ফলাফল সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লিখিছে যে, “মই কিছুমান ফটো চাই আছিলো আৰু তেতিয়া এইখন লাভ কৰো। এজন ‘জিনিয়াছ পুত্ৰ’ৰ গৌৰৱান্বিত মাতৃ”। ১৯৮৯ চনৰ এই নথিখনত প্ৰিট’ৰিয়া বিশ্ববিদ্যালয়ৰ তথ্য ব্যৱস্থাপনা সঞ্চালকৰ স্বাক্ষৰ আছে। এই শিক্ষানিষ্ঠানখনত ইলনে কানাডা যোৱাৰ পূৰ্বে কিছু সময়ৰ বাবে অধ্যয়ন কৰিছিল।
ফলাফল অনুসৰি টেছলাৰ চি ই অ’ আৰু এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে অপাৰেটিং চিষ্টেম আৰু প্ৰগ্ৰেমিং দুয়োটা বিষয়তে A+ গ্ৰেড লাভ কৰিছিল। তেতিয়া ইলনৰ বয়স মাত্ৰ ১৭ বছৰ আছিল। এতিয়ালৈক এই ফটোখন সামাজিক মাধ্যমত লাখ লাখ লোকে লাই কৰিছে। আনকি ইলনে নিজেও ইয়াৰ ৰিয়েক্ট কৰিছে।
While sorting through photos, I came across computer aptitude test results of @elonmusk at 17. My genius boy. Proud mom. pic.twitter.com/1MeWDSQ6FZ
— Maye Musk (@mayemusk) May 18, 2025
পোষ্টটো সন্দৰ্ভত ইলন মাস্কে কয় যে, তেওঁ কৈছিল মই ইঞ্জিনিয়াৰিং এপ্টিটিউডৰ বাবে সৰ্বাধিক নম্বৰ লাভ কৰিছো। অৰ্থাৎ অন্য শব্দত ইয়াক ক’বলৈ হ’লে, ভৱিষ্যতৰ এআইয়ে ক’ব পাৰে যে ই মানুহৰ বাবে বেয়া নহয়।
এই পোষ্টটোত বহুতে ৰিয়েক্ট কৰাৰ লগতে মাস্কৰ প্ৰশংসা কৰিছে। একাংশই তেওঁৰ শলাগ লোৱাৰ লগতে একাংশই কৈছে যে এনে এজনক পুত্ৰ হিচাপে পোৱাৰ ক্ষেত্ৰত সকলোৱে গৌৰৱ অনুভৱ কৰিব। প্ৰায় সকলোৱে কৈছে যে, সঁচাকৈ অতি প্ৰভাৱশালী ইলন মাস্ক।
কি অধ্য়য়ন কৰিছিল ইলনে
টুইটাৰৰ লগতে ইলন মাস্ক স্পেচএক্সৰ মুৰব্বী। ফৰ্বছ ২০২৫ৰ প্ৰতিবেদন অনুসৰি ইলন মাস্ক ৪৩৩.৯ বিলিয়ন ডলাৰ (প্ৰায় ৩৬.০১ লাখ কোটি টকা) সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। ১৯৯০ চনত তেওঁ অন্টাৰিঅ’ৰ কিংষ্টনত থকা কুইনছ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল। ইয়াৰ ২ বছৰ পাছত তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰাই ৱাৰ্টন স্কুলৰ পৰা পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতিত ডাবল স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৯৫ চনত মাস্কে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত মেটেৰিয়েল চাইন্সত পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। কিন্তু সেই শিক্ষা সম্পূৰ্ণ নকৰি মাস্তে ইণ্টাৰনেট উদ্যোগত মনোনিবেশ কৰে আৰু অধ্যয়ন এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।