আকৌ দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা, নিহত ২৮ জন…

দেওবাৰে দক্ষিণ কোৰিয়াৰ এটা বিমানবন্দৰত যান্ত্ৰিক বিজুতিৰ বাবে ৰাণৱেৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এখন বিমানে এখন ৱালত খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত ২৮ জনকৈ লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

আকৌ দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা, নিহত ২৮ জন...

বিমান দুৰ্ঘটনা

Updated On: 

29 Dec 2024 08:15 AM

ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াত । সূত্ৰ খবৰ অনুসৰি, দেওবাৰে দক্ষিণ কোৰিয়াৰ এটা বিমানবন্দৰত যান্ত্ৰিক বিজুতিৰ বাবে ৰাণৱেৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এখন বিমানে এখন ৱালত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত ২৮ জনকৈ লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুৰ্ঘটনাটো অতি ভয়াবহ হৈ পৰে ।

জৰুৰীকালীন কাৰ্যালয়ে জনোৱা মতে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলে কোনো ধৰণৰ পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । লগতে বিমানখনত লগা জুই নিৰ্বাপিত কৰাৰ বাবে চেষ্টা কৰে । দক্ষিণৰ মুয়ান চহৰৰ বিমানবন্দৰত জেজু এয়াৰৰ যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাত পতিত হৈছে । জানিব পৰা মতে, প্ৰায় ১৮০ জন লোকৰ সৈতে বিমানখন বেংককৰ পৰা উভতি আহিছিল।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, এই দুৰ্ঘটনাত কমেও ২৮ জন লোকৰ মৃত্যু হৈছে। মুয়ান অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ক্ষয়ক্ষতি পৰিমাণ এতিয়াও নিশ্চিত কৰিব পৰা নাই। জানিব পৰা মতে, বিমানখনে ৰাণৱেৰ পৰা আঁতৰি গৈ ৱালত খুন্দা মাৰে । এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তদন্ত অব্য়াহত আছে ।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহত আজাৰবাইজাৰ পৰা ৰাছিয়ালৈ গৈ থকা এখন বিমান কাজাখস্তানত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত পতিত হোৱা বিমানখনত ৬৭ জন যাত্ৰী আছিল যদিও ইয়াৰ ৪২ জন লোকৰ মৃত্য়ু হোৱাৰ খবৰ প্ৰকাশ পাইছিল । যাত্ৰী সকলৰ ভিতৰত ২৫ জন যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।

Related Stories
চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?