“যুদ্ধৰ বাবে সাজু”, পাকিস্তানক স্পষ্ট কৰি দিলে আফগানিস্তানে !

তালিবান প্ৰশাসনৰ বিষয়াসকলে কয় যে, ইছলামাবাদে যেনেকৈ বাৰে বাৰে নিজৰ কথাত পিছুৱাই গৈছে, যেনেকৈ কাবুলৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰিছে। তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাৰ প্ৰচেষ্টা সত্ত্বেও পাকিস্তান নিজেই নিজৰ বাধা হৈ পৰিছে।

যুদ্ধৰ বাবে সাজু, পাকিস্তানক স্পষ্ট কৰি দিলে আফগানিস্তানে !
Published: 

09 Nov 2025 | 12:16 PM

আৰু নহয় কোনো ধৰণৰ শান্তিৰ আলোচনা ! পাকিস্তানৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামিব নেকি আফগানিস্তান? ইয়াৰে যেন ইংগিত দিছে তালিবানে। ইস্তানবুলত আফগানিস্তান-পাকিস্তান শান্তি আলোচনাত কোনো সমাধান নোহোৱাৰ পাছতে যুদ্ধংদেহি তালিবান শাসিত আফগানিস্তান। তালিবান প্ৰশাসনৰ বিষয়াসকলে কয় যে, ইছলামাবাদে যেনেকৈ বাৰে বাৰে নিজৰ কথাত পিছুৱাই গৈছে, যেনেকৈ কাবুলৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰিছে। তুৰস্ক আৰু কাটাৰৰ মধ্যস্থতাৰ প্ৰচেষ্টা সত্ত্বেও পাকিস্তান নিজেই নিজৰ বাধা হৈ পৰিছে।

সঘনাই ৰং সলনি কৰা পাকিস্তানক এক শক্তিশালী বাৰ্তা দিছে আফগানিস্তানে। তালিবান চৰকাৰৰ প্ৰতিনিধি জাবিহুল্লাহ মুজাহিদে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আলোচনাৰ মধ্যস্থতা কৰাৰ বাবে তুৰস্ক আৰু কাটাৰ, দুখন দেশক ধন্যবাদ। আফগান প্ৰতিনিধিয়ে ৬-৭ নৱেম্বৰত আলোচনাত আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰিছিল। আশাত কৰা হৈছিল যে, পাকিস্তানে বিষয়টোক গুৰুত্বসহকাৰে আৰু গঠনমূলকভাৱে চাব। কিন্তু পাকিস্তানে পুনৰবাৰ নিজৰ দায়িত্বহীন আৰু অসহযোগী মনোভাৱ দেখুৱাইছে। ই নিৰাপত্তাৰ সকলো দায়িত্ব আফগান চৰকাৰৰ কান্ধত তুলি দিব বিচাৰিলে। একে সময়তে আফগানিস্তান বা নিজৰ দেশৰ নিৰাপত্তাৰ কোনো দায়িত্ব লোৱাৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই।”

পাকিস্তানৰ এই আচৰণক আফগানিস্তানে তীব্ৰ সমালোচনা কৰিছে। একে সময়তে স্পষ্টকৈ উল্লেখ কৰিছে যে, আন কোনো দেশৰ বিৰুদ্ধে সন্ত্ৰাসবাদ চলাবলৈ আফগানিস্তানৰ মাটি ব্যৱহাৰ কৰিবলৈ নিদিয়ে। তেওঁলোকে নিজৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে আন কোনো দেশক কাম কৰিবলৈ নিদিয়ে। যদি কোনো আক্ৰমণৰ আচৰণ দেখা যায় তেন্তে ইয়াক উপযুক্ত উত্তৰ দিয়া হ’ব বুলি স্পষ্ট কৰি দিছে আফগানিস্তানে।

পাকিস্তানৰ মুছলমানৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি তালিবানে স্পষ্ট কৰি দিছে যে, তেওঁলোকে সীমা পৰ্যন্ত সহযোগিতা আগবঢ়াব। ইফালে আফগানিস্তানৰ জনজাতি পৰিক্ৰমা আৰু সীমান্ত অঞ্চলৰ মন্ত্ৰী নুৰুল্লাহ নুৰীয়ে স্পষ্টকৈ কৈছে যে, পাকিস্তানে আফগানসকলৰ ধৈৰ্য্যৰ পৰীক্ষা কৰা উচিত নহয়। তেওঁলোকে নিজৰ (পাকিস্তান) দেশৰ প্ৰযুক্তিৰ প্ৰতি অত্যধিক আত্মবিশ্বাসী হোৱা উচিত নহয়। যদি দুয়োখন দেশৰ মাজত যুদ্ধ হয়, তেন্তে আফগানিস্তানৰ ডেকা-বুঢ়ালৈকে সকলোৱে যুঁজিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...