তালিবানে ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰক্সি যুদ্ধ কৰি আছেঃ খোৱাজা আছিফ
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, তালিবানে ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰক্সি যুদ্ধ চলাই আছে।

খোৱাজা আছিফ
ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ ডাঙৰ অভিযোগ। তেওঁ কয় যে, আফগান তালিবানে ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰক্সি যুদ্ধ চলাই আছে। তালিবান আৰু পাকিস্তানৰ চৰকাৰৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেওঁ এই মন্তব্য কৰে। আফগানিস্তানৰ বহু সিদ্ধান্তৰ আঁৰত নতুন দিল্লীৰ হাত আছে বুলি আছিফে দাবী কৰে। লগতে কয় যে, আফগানিস্তান ভূমি ভাৰতে পাকিস্তানী কামত ব্যৱহাৰ কৰি আছে।
জিঅ’ নিউজৰ সৈতে হোৱা এক টেলিভিছন সাক্ষাৎকাৰত খোৱাজা আছিফে কয় যে, কাবুলে বৰ্তমান দিল্লীৰ হৈ প্ৰক্সি যুদ্ধ কৰি আছে। শেহতীয়াকৈ আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীৰ ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ এই ভ্ৰমণৰ এজেণ্ডাক লৈ প্ৰশ্ন উত্থাপন কৰে।
তেওঁ কয় যে, তালিবানৰ কিছুমান কাম চালে এনে লাগে যে তেওঁলোকে প্ৰত্যক্ষভাৱে ভাৰতৰ সমৰ্থনত এয়া কৰি আছে। পাকিস্তানে সদায় আফগানিস্তানত শাস্তি আৰু স্থিতিশীলতা বিচাৰিছিল, কিন্তু কিছুমান বিশেষ শক্তিয়ে দুয়োখন দেশৰ সম্পৰ্কত সমস্যা আনিছে।
৪৮ ঘণ্টীয়া অস্থায়ী শান্তি চুক্তি
বুধবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰে যে দুয়োখন দেশৰ মাজত ৪৮ ঘণ্টাৰ বাবে অস্থায়ী শান্তি চুক্তি কাৰ্যকৰী কৰা হৈছে। সীমান্তৰ উত্তেজনা অধিক বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে কাবুলৰ পৰা তালিবান চৰকাৰে কয় যে, আন পক্ষই শান্তি চুক্তি ভংগ নকৰিলে আফগানে সেনাই এই চুক্তি মানি চলিব।
উল্লেখ্য যে, যোৱা সময়চোৱাত পাকিস্তান আৰু আফগানিস্তানৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। প্ৰথমে পাকিস্তানে আফগানিস্তানত আক্ৰমণ চলাইছিল। পাছত ইয়াৰ প্ৰতিশোধ লৈছিল আফগানিস্তানে। য’ত ৫০ জনৰো অধিক পাকিস্তানী সেনাৰ মৃত্যু হৈছিল।
অন্য খবৰ পঢ়কঃ আমেৰিকাত কোনো ৰজা নাই! ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সাজু লাখ লাখ লোক…