নামাজৰ সময়তে ভয়াৱহ বিস্ফোৰণে কঁপালে মছজিদ; প্ৰাণ গ’ল ৮ জন জনৰ, আহত কেইবাজনো

মছজিদত চলি থকা নামাজৰ সময়তে এক পৰিকল্পিত বিস্ফোৰণে প্ৰাণ কাঢ়ি নিছে ৮ জন লোকৰ। আনহাতে বিস্ফোৰণৰ ফলত আন ১৮ জন লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা মতে মছজিদৰ ভিতৰতে পৰিকল্পিতভাৱে স্থাপন কৰা হৈছিল বিস্ফোৰক।

নামাজৰ সময়তে ভয়াৱহ বিস্ফোৰণে কঁপালে মছজিদ; প্ৰাণ গ’ল ৮ জন জনৰ, আহত কেইবাজনো

মছজিদত ভয়াৱহ বিস্ফোৰণ

Published: 

27 Dec 2025 07:13 AM

এক ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিছে মধ্য প্ৰাচ্যৰ দেশ ছিৰিয়া। দেশখনৰ হোমছ চহৰত এটা মছজিদক লক্ষ্য কৰি চলোৱা হ’ল এক ভয়াৱহ আক্ৰমণ। মছজিদত চলি থকা নামাজৰ সময়তে এক পৰিকল্পিত বিস্ফোৰণে প্ৰাণ কাঢ়ি নিছে ৮ জন লোকৰ। আনহাতে বিস্ফোৰণৰ ফলত আন ১৮ জন লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা মতে মছজিদৰ ভিতৰতে পৰিকল্পিতভাৱে স্থাপন কৰা হৈছিল বিস্ফোৰক।

বিদ্ৰোহী গোটৰ অধীনস্থ উত্তৰ গ্ৰাম্য অঞ্চলত নামাজৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ পিছতে মছজিদকে ধৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে নিৰাপত্তা বাহিনীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়া পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই আক্ৰমণক তীব্ৰ গৰিহণা জনাইছে।

ছিৰিয়াৰ আৰব নিউজ এজেঞ্চীয়ে প্ৰকাশ কৰা মতে, মধ্য ছিৰিয়াৰ হোমছৰ ৱাডি আল-দাহাব জিলাৰ ইমাম আলী ইবনে আবি তালিব মছজিদত সংঘটিত হৈছে এই সন্ত্ৰাসবাদী আক্ৰমণ। বিস্ফোৰণত এতিয়ালৈকে ৮ জন লোক নিহত হোৱাৰ তথ্য পোৱা গৈছে বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে। এই বিস্ফোৰণত ১৮ জন লোক আহত হোৱা বুলি সদৰী কৰা হৈছে।

মছজিদৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা

ছিৰিয়াৰ গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে নিৰাপত্তা বাহিনী আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণত আহতসকলক লগে লগে হোমছৰ কৰম আল লুজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত লগে লগে আভ্যন্তৰীণ নিৰাপত্তা ইউনিট মোতায়েন কৰা হয় বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

ইফালে মছজিদৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষই ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণত জড়িত আক্ৰমণকাৰীক চিনাক্তকৰণৰ বাবে প্ৰমাণ সংগ্ৰহ কৰি আছে কৰ্তৃপক্ষই। প্ৰাথমিক তদন্তৰ পৰা মছজিদৰ ভিতৰত স্থাপন কৰা বিস্ফোৰকৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

মন্ত্ৰালয়ে এই বিস্ফোৰণ মানৱীয় আৰু নৈতিক মূল্যবোধৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰিছে। এই আক্ৰমণৰ লগত জড়িতসকলক জবাবদিহি কৰা হ’ব বুলিও গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে। এক বিবৃতি যোগে মন্ত্ৰালয়ে নিৰাপত্তা শক্তিশালী কৰাৰ লগতে সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...