সংকটত বাংলাদেশ চৰকাৰঃ আমেৰিকাৰ পিছত এইবাৰ ছুইজাৰলেণ্ডেও আঁতৰালে সহায়ৰ হাত

পুনৰ এক বিপদৰ মাজত সোমাই পৰিছে বাংলাদেশৰ মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ। আমেৰিকাৰ পাচত এইবাৰ ছুইজাৰলেণ্ডেও আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশক। বিশ্বৰ উন্নত দেশৰ ভিতৰত অন্যতম ছুইজাৰলেণ্ড। এইবাৰ বাংলাদেশৰ মূৰৰ পৰা ছুইজাৰলেণ্ডেও আঁতৰালে সহায়ৰ হাত।

সংকটত বাংলাদেশ চৰকাৰঃ আমেৰিকাৰ পিছত এইবাৰ ছুইজাৰলেণ্ডেও আঁতৰালে সহায়ৰ হাত

সংকটত বাংলাদেশ চৰকাৰ

Published: 

31 Jan 2025 | 09:02 PM

পুনৰ এক বিপদৰ মাজত সোমাই পৰিছে বাংলাদেশৰ মঃ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ। আমেৰিকাৰ পাচত এইবাৰ ছুইজাৰলেণ্ডেও আৰ্থিক সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশক। বিশ্বৰ উন্নত দেশৰ ভিতৰত অন্যতম ছুইজাৰলেণ্ড। এইবাৰ বাংলাদেশৰ মূৰৰ পৰা ছুইজাৰলেণ্ডেও আঁতৰালে সহায়ৰ হাত। স্বাভাৱিকতেই ছুইজাৰলেণ্ডৰ এই সিদ্ধান্ত বাংলাদেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। পিছে কিয় এই সিদ্ধান্ত ল’লে ছুইজাৰলেণ্ডে?

দৰাচলতে হঠাৎ নহয়, বহু চিন্তা-চৰ্চা কৰিয়েই ছুইজাৰলেণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ডিচেম্বৰ মাহৰ পৰাই আৰ্থিক সহায়ৰ পুঁজি প্ৰদান কম কৰাৰ উদ্যোগ লৈছিল ছুইজাৰলেণ্ডৰ সংসদে। সেই সূত্ৰেই চলিত বৰ্ষত আন্তৰ্জাতিক সহযোগিতা বাজেটৰ পৰা ১২১ মিলিয়ন ডলাৰ কৰ্তন কৰিছে দেশখনে।

২০২৬ ৰ পৰা ২০২৮ চন পৰ্যন্ত আন্তৰ্জাতিক সহযোগিতা বাজেটৰ পৰা কৰ্তন কৰা হৈছে ৩৫৩ মিলিয়ন মাৰ্কিন ডলাৰ। এই আৱন্টন বন্ধ কৰাৰ লগে লগে সমস্যাৰ সন্মুখীন হৈছে কেবাখনো দেশ। তাৰ ভিতৰত অন্যতম বাংলাদেশ। ছুইজাৰলেণ্ডৰ ফেডাৰেল কাউঞ্চিলৰ সূত্ৰ মতে সংসদৰ এই সিদ্ধান্তই প্ৰভাৱিত কৰিব বাংলাদেশৰ লগতে আলবেৰিনা আৰু জাম্বিয়াকো।

তেওঁলোকৰ দাবী, সম্প্ৰতি ২০২৮ চন পৰ্যন্ত এই সাহায্য প্ৰদান কৰা হব যদিও তাৰ পাছত আৰু কোনো সহযোগিতা নাপাব এই দেশসমূহে। এই তিনিখন দেশৰ উপৰিও যুদ্ধবিধ্বস্ত ইউক্ৰেইনকো প্ৰতিবছৰে আৰ্থিক সাহায্য প্ৰদান কৰে ছুইজাৰলেণ্ডে। কিন্তু সম্প্ৰতি সংসদৰ এই সিদ্ধান্তৰ প্ৰভাৱ ইউক্ৰেইনত নপৰে বুলিও জনাইছে ফেডাৰেল কাউঞ্চিলে।

উল্লেখ্য যে ক্ষমতালৈ অহাৰ পাছতেই ইউনুছৰ মাত বন্ধ কৰি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। শপতগ্ৰহণৰ পাঁচ দিন পাছতেই বাংলাদেশসহ একাধিক ৰাষ্ট্ৰৰ বাবে সকলো ধৰণৰ সাহায্য বন্ধ কৰি দিলে ট্ৰাম্পে। ইয়াৰ লগতে ইউনাউটেড ষ্টেট এজেঞ্চী ইন্টাৰনেশ্যনেল ডেভেলপমেন্টৰ সমস্ত উন্নয়নমূলক কাম বাংলাদেশত বন্ধ কৰি দিয়া হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...