প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে নেপালৰ সংসদ, ঘোষণা কৰিলে নিৰ্বাচনৰ দিন
সুশীলা কাৰ্কিৰ শপত গ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নতুন অন্তৱৰ্তীকালীন চৰকাৰক ছয় মাহৰ ভিতৰত নতুন সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি সদৰী কৰিছিল। ইয়াৰ পিছত নিশালৈ এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰা হয়।

সুশীলা কাৰ্কিৰ শপত গ্ৰহণ
প্ৰবল Gen-Z আন্দোলন আৰু এই আন্দোলনৰ ফলশ্ৰুতিত হোৱা ৰাজনৈতিক পট-পৰিৱৰ্তনৰ পিছত শুকুৰবাৰে নেপালত প্ৰায় অন্ত পৰিছে ৰাজনৈতিক অনিশ্চয়তা। শুকুৰবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুশীলা কাৰ্কিয়ে। অৱশ্যে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপেহে সুশীলা কাৰ্কিয়ে নেপালৰ প্ৰশাসনিক দায়িত্ব আগবঢ়াই নিব। নতুন স্থায়ী চৰকাৰ লাভৰ বাবে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব নেপালে। ইতিমধ্যে এই সন্দৰ্ভতো নিশ্চিতি প্ৰদান কৰিছে নেপালৰ ৰাষ্ট্ৰপতিয়ে।
শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৭৩ বছৰীয়া সুশীলা কাৰ্কিক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰায়। শপত গ্ৰহণৰ পিছতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নতুন অন্তৱৰ্তীকালীন চৰকাৰক ছয় মাহৰ ভিতৰত নতুন সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি সদৰী কৰিছিল। ইয়াৰ পিছত নিশালৈ এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰা হয়।
নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি পৌডেলে প্ৰতিনিধি সদন অৰ্থাৎ নেপালী সংসদ ভংগ কৰে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি ১২ ছেপ্টেম্বৰৰ নিশা ১১ বজাৰ পৰা সদন ভংগ কৰা হয়। জাননীখনত লগতে ৰাষ্ট্ৰপতিয়ে ২০২৬ চনৰ ২১ মাৰ্চ তাৰিখে নতুন সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন নিৰ্ধাৰণ কৰিছে বুলিও উল্লেখ কৰা হৈছে।
উল্লেখ্য যে শুকুৰবাৰে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিয়ে। নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ মুখ্য ন্যায়াধীশ, চৰকাৰী উচ্চপদস্থ বিষয়া, নিৰাপত্তাৰক্ষী মুৰব্বী আৰু কূটনৈতিক বিষয়াসকল উপস্থিত থাকে। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাবুৰাম ভট্টৰাই একমাত্ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হিচাপে উপস্থিত থাকে।
ইফালে কাৰ্কিৰ নিযুক্তিৰ পিছতে কাঠমাণ্ডুৰ মহাৰাজগঞ্জৰ শীতলনিভাছত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বাহিৰত Gen-Z আন্দোলনত অংশ লোৱা যুৱক-যুৱতীসকলে বিজয় উদযাপন কৰে। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্কিৰ শপতগ্ৰহণৰ লগে লগে নেপালত কেইবাদিনো ধৰি চলি থকা ৰাজনৈতিক অনিশ্চয়তাৰ অন্ত পৰে।
সুশীলা কাৰ্কিক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তিৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি পৌডেলে প্ৰধান ৰাজনৈতিক দলৰ নেতা, আইনী বিশেষজ্ঞ আৰু নাগৰিক সমাজৰ শীৰ্ষস্থানীয় ব্যক্তিসকলৰ সৈতেও পৃথক আলোচনাত মিলিত হয়। ইতিমধ্যেই কাৰ্কিৰ নিযুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল Gen-Z আন্দোলনৰ সৈতে জড়িত অধিকাংশ যুৱক-যুৱতীয়ে।