অৱশেষত আহি পালেঃ নোৱাৰিব খোজ কাঢ়িব, নাপাব গোন্ধ! এইসমূহ ৰোগত আক্ৰান্ত হ’ব পাৰে সুনীতা…

৯ মাহ প্ৰতীক্ষাৰ অন্তত মহাকাশৰ পৰা পৃথিৱী আহি পালে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম'ৰ। পৃথিৱীত উপস্থিত হোৱাৰ পাছতো তেওঁলোকে বিভিন্ন ৰোগৰ সন্মুখীন হ'ব পাৰে।

অৱশেষত আহি পালেঃ নোৱাৰিব খোজ কাঢ়িব, নাপাব গোন্ধ! এইসমূহ ৰোগত আক্ৰান্ত হব পাৰে সুনীতা...

সুনীতা উইলিয়ামছ

Published: 

19 Mar 2025 | 09:32 AM

প্ৰায় ৯ মাহৰ অন্তত আজি পুৱা পৃথিৱীপৃষ্ঠত উপস্থিত হ’ল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগীসকল। মাত্ৰ ৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা আৰু বুচ উইলমৰ ৯ মাহৰ বাবে মহাকাশত বন্দী হৈ পৰিছিল। দীৰ্ঘদিনৰ অপেক্ষা, বহু প্ৰচেষ্টাৰ অন্তত আজি পৃথিৱী পালে নাছাৰ মহাকাশচাৰীসকলে। কিন্তু পৃথিৱী পোৱাৰ পাছতো সহজ নহ’ব তেওঁলোকৰ জীৱন । কিছুদিনৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে দুয়ো।  দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত তেওঁলোকৰ শৰীৰত কিছুমান বিশেষ ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

যেতিয়া এজন মহাকাশচাৰী পৃথিৱীৰ পৰা বাহিৰলৈ যায় তেতিয়া তেওঁৰ শৰীৰত বহু পৰিবৰ্তন ঘটে। প্ৰায়ভাগ মহাকাশচাৰীয়ে ঘূৰি অহাৰ পাছত শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হয়। কাৰণ পৃথিৱী আৰু মহাকাশৰ মাজৰ মাধ্যাকৰ্ষণৰ পাৰ্থক্যই শৰীৰত গভীৰ প্ৰভাৱ পেলায়, যাৰ ফলত খোজ কঢ়া আৰু থিয় হোৱাত অসুবিধাৰ সৃষ্টি হয়। মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি অহাৰ পাছত যাতে সুস্থ হৈ থাকিব পাৰে তাৰ বাবে তেওঁলোকক বিশেষ খাদ্য আৰু ব্যায়াম দিয়া হয়। কিন্তু তাৰ পাছতো তেওঁলোকে স্বাস্থ্যজনিত কিছুমান সমস্যাৰ সন্মুখীন হয়।

তেজৰ অভাৱ

অট’ৱা বিশ্ববিদ্যালয়ে ১৪ জন মহাকাশচাৰীৰ ওপৰত গৱেষণা কৰিছিল। ইয়াৰ ভিতৰত আছিল ব্ৰিটেইনৰ টিম পেক, যিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ছমাহ কটাইছিল। মহাকাশৰ পৰা উভতি অহাৰ পাছত তেওঁৰ শৰীৰত ৰক্ত কনিকা যথেষ্ঠ হ্ৰাস পাইছিল। গৱেষণাৰ পৰা দেখা গৈছে যে মহাকাশ পোৱাৰ লগে লগে অধিক ৰক্তকণিকা নোহোৱা হৈ যায়, কিন্তু কিয় এনে হয় তাৰ উত্তৰ গৱেষকসকলে নাপালে। ইয়াৰ পাছত মহাকাশচাৰীসকল যেতিয়া পৃথিৱীলৈ উভতি আহিছিল তেতিয়া তেওঁলোকে অধিক দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিছিল।

মাংসপেশী আৰু হাড় দুৰ্বল

পৃথিৱীত আমাৰ মাধ্যাকৰ্ষণ শক্তি থাকে যাৰ ফলত পেশীবোৰ শক্তিশালী হৈ থাকে। কিন্তু মহাকাশত মাধ্যাকৰ্ষণ শক্তি নথকা বাবে পেশীবোৰৰ ব্যৱহাৰ কম হয় আৰু ই দুৰ্বল হৈ পৰে। ইয়াৰোপৰি মহাকাশত হাড়ৰ ওপৰত কোনো ওজন নপৰে, যৰ বাবে ইয়াৰ ঘনত্ব কমিবলৈ আৰম্ভ কৰে। বিজ্ঞানীসকলৰ মতে প্ৰতিমাহে হাড়ৰ ঘনত্ব ১% হ্ৰাস পায়। এনেস্থলত হাড়বোৰ দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত খোজকঢ়া, উঠা-বহা আদিত সমস্যাৰ সৃষ্টি হয়।

ইমিউনিটি চিষ্টেমত প্ৰভাৱ

মহাকাশত অধিক সময় কটালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে ৰেডিয়চনৰ বাবে কেন্সাৰ হোৱাৰ সম্ভাৱনাও বেছি। মহাকাশত শূন্য মাধ্যাকৰ্ষণ শক্তিৰ বাবে শৰীৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়। ইয়াৰোপৰি প্ৰযুক্তিৰে আগুৰা বস্তুৰ মাজত মহাকাশচাৰীসকলে জীয়াই থাকে, যাৰ ফলত তেওঁলোকৰ শৰীৰত বিকিৰণ বিয়পি পৰাৰ আশংকা বৃদ্ধি পায়। মহাকাশচাৰীসকল পৃথিৱীৰ পৰা উভতি অহাৰ পাছতে তেওঁলোকৰ শৰীৰ সাধাৰণ মানুহৰ দৰে কাম নকৰে। এনেবোৰ কাৰণতে কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

গোন্ধ লোৱাত সমস্যা

মহাকাশত তেজ ওপৰলৈ বৈ যাবলৈ আৰম্ভ কৰে, যাৰ ফলত মুখখন ফুলি উঠে আৰু নাক বন্ধ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ বাবেই গোন্ধ লোৱাৰ ক্ষমতা দুৰ্বল হ’বলৈ ধৰে। মহাকাশত তেজৰ সঞ্চালনৰো পৰিবৰ্তন হয়। এনে অৱস্থাত নাকৰ চাৰিওফালে তৰপ গঠন হ’বলৈ আৰম্ভ কৰে আৰু গোন্ধ লোৱাৰ ক্ষমতা ক্ৰমান্বয়ে কমিবলৈ ধৰে।

 

অন্য খবৰ পঢ়কঃ এটা দিনত ১৬ বাৰ সূৰ্যোদয়, ১৬ বাৰ সূৰ্যাস্ত! এইবাবে ভাগ্যবান সুনীতা উইলিয়ামছ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...