কূটনীতিৰ জৰিয়তে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ চেষ্টা ভাৰতৰ ! ৰাছিয়ালৈ যাব অজিত ডোভাল !

সূত্ৰ অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোন যোগে কথা পতাৰ পাছতে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক মস্কোলৈ পঠোৱাৰ সিদ্ধান্ত লয় প্রধানমন্ত্রী মোদীয়ে ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰিব অজিত ডোভালে।

কূটনীতিৰ জৰিয়তে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ চেষ্টা ভাৰতৰ ! ৰাছিয়ালৈ যাব অজিত ডোভাল !

অজিত ডোভাল

Updated On: 

08 Sep 2024 | 01:23 PM

ভাৰতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰিব নে ! এই যুদ্ধ বন্ধ কৰিবৰ বাবে ভাৰতে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সাজু হৈছে । সূত্ৰ খবৰ অনুসৰি,ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ এই সপ্তাহত মস্কোলৈ যাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইন ভ্ৰমণ কৰিছিল । ইউক্ৰেইন ভ্ৰমণৰ পৰা উভতি অহাৰ পাছতে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল। শেহতীয়াকৈ পুটিনে ইউক্ৰেইনৰ সৈতে হোৱা বিবাদ নিষ্পত্তিৰ বাবে ভাৰতক মধ্যস্থতাকাৰী হিচাপে উল্লেখ কৰিছিল ।

সূত্ৰ অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোন যোগে কথা পতাৰ পাছতে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক মস্কোলৈ পঠোৱাৰ সিদ্ধান্ত লয় প্রধানমন্ত্রী মোদীয়ে ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰিব অজিত ডোভালে।

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ইউক্ৰেইনৰ সৈতে হোৱা সংঘাত সমাধানৰ ক্ষেত্ৰত চীন, ভাৰত আৰু ব্ৰাজিলে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। ইটালীৰ ৰাষ্ট্ৰপতি জৰ্জিয়া মেলোনিয়ে শনিবাৰে কয় যে, ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ ক্ষেত্ৰত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মন্ত্ৰালয়ে কৈছিল, “প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰিছিল। ফোনত হোৱা বাৰ্তালাপত তেওঁ আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ ওপৰত জোৰ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...