ভাৰতত থকা শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়, কেনেকৈ হাছিনাক গ্ৰেপ্তাৰ কৰিব বাংলাদেশে?

যিহেতু শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰা হৈছে, ইয়াৰ পিছত কি হ’ব? দৰাচলতে অভ্যুত্থানৰ পিছৰে পৰা শ্বেখ হাছিনা ভাৰতত আছে। ফলস্বৰূপে এই ক্ষেত্ৰত ভাৰতে মূল ভূমিকা পালন কৰিব। শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টাৰপ’লৰ জৰিয়তে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিব চৰকাৰে।

ভাৰতত থকা শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়, কেনেকৈ হাছিনাক গ্ৰেপ্তাৰ কৰিব বাংলাদেশে?

শ্বেখ হাছিনা

Published: 

17 Nov 2025 | 03:38 PM

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আদালতে শ্বেখ হাছিনা আৰু তেওঁৰ দুজন শীৰ্ষ সহায়ক- প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনক শাস্তি প্ৰদান কৰে। বৰ্তমান ভাৰতত আছে শ্বেখ হাছিনা। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতত থকাৰ সময়ত তেওঁক কেনেকৈ ফাঁচী দিয়া হ’ব?

যোৱা বছৰৰ জুলাই মাহত সংঘটিত হোৱা বিদ্ৰোহৰ বাবে হাছিনাক দোষী সাব্যস্ত কৰে আদালতে। জুলাই মাহৰ বিদ্ৰোহৰ সময়ত নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাৰ বাবে উচটনি দিয়াৰ অভিযোগ শ্বেখ হাছিনাৰ বিৰুদ্ধে। আদালতে ছটা ভাগত ৪৫৩ পৃষ্ঠাৰ ৰায়দান কৰে। আদালতে হাছিনাই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা বুলি ঘোষণা কৰে।

অসংখ্য অপৰাধৰ দোষী সাব্যস্ত কৰা হৈছে

ৰায়দানত কোৱা হৈছে যে ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা হাছিনাই একনায়কত্ববাদী হোৱাৰ দিশত আগবাঢ়িছিল। ২০২৪ চনৰ জানুৱাৰী মাহৰ নিৰ্বাচনত বিৰোধী দলক চেপি ধৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহিছিল তেতিয়া তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হৈছিল। আদালতে হাছিনাক অসংখ্য অপৰাধত দোষী সাব্যস্ত কৰি এই উল্লেখযোগ্য ৰায়দান কৰিছে।

গ্ৰেপ্তাৰ হ’ব নেকি শ্বেখ হাছিনা?

এতিয়া প্ৰশ্ন উত্থাপন হৈছে- যিহেতু শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰা হৈছে, ইয়াৰ পিছত কি হ’ব? দৰাচলতে অভ্যুত্থানৰ পিছৰে পৰা শ্বেখ হাছিনা ভাৰতত আছে। ফলস্বৰূপে এই ক্ষেত্ৰত ভাৰতে মূল ভূমিকা পালন কৰিব। শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টাৰপ’লৰ জৰিয়তে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিব চৰকাৰে।

ইন্টাৰপলৰ জৰিয়তে গ্ৰেপ্তাৰী পৰোৱানা

এতিয়া শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্টাৰপ’লৰ জৰিয়তে চৰকাৰে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিব। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী সংস্থা ইন্টাৰপল হৈছে বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংস্থা। ই ১৯৪খন সদস্য দেশৰ আৰক্ষী বাহিনীক আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগ কৰে। সেই দেশসমূহৰ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক থাকক বা নাথাকক, ইণ্টাৰপলে আৰক্ষীক একেলগে কাম কৰাত সহায় কৰে।

শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰে ইন্টাৰপলৰ সহায় বিচাৰিব, আৰু ইন্টাৰপলে শ্বেখ হাছিনাৰ বিৰুদ্ধে নিজাকৈ আন্তঃৰাষ্ট্ৰীয় জাননী জাৰি কৰিব। বাংলাদেশ চৰকাৰে শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিচ (আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰৰ পৰোৱানাৰ দৰে) জাৰি কৰিবলৈ ইন্টাৰপললৈ অনুৰোধ প্ৰেৰণ কৰিব।

ভাৰতক অৱগত কৰা হ’ব

বৰ্তমান ভাৰতত আছে শ্বেখ হাছিনা। গতিকে বাংলাদেশে আনুষ্ঠানিকভাৱে ভাৰতক জনাই দিব যে ইণ্টাৰপ’লৰ জাননী জাৰি কৰা হৈছে আৰু তেওঁলোকৰ সহযোগিতা বিচাৰিব যাতে হাছিনাক গ্ৰেপ্তাৰ কৰি বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যায়।

ভাৰতে মূল ভূমিকা পালন কৰিব

এই সন্ধিক্ষণত ভাৰতে এই বিষয়ত মূল ভূমিকা পালন কৰিব। যদি বাংলাদেশ চৰকাৰৰ ৱাৰেণ্টৰ বিষয়ে অৱগত হোৱাৰ পিছত ভাৰতে ঘোষণা কৰে যে হাছিনাক গ্ৰেপ্তাৰ নকৰে বা বাংলাদেশক গতাই নিদিয়ে, তেন্তে বাংলাদেশে বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ যাব পাৰে। তাত তেওঁলোকে ভাৰতৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...