আমেৰিকাৰ নিৰ্দেশত পাকিস্তানে কৰিছিল সন্ত্ৰাসবাদী আক্ৰমণ: শ্বেখ হাছিনা

দ্য প্ৰিন্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাছিনাই কয় যে, যোৱা বছৰৰ জুলাই-আগষ্ট মাহত সংঘটিত হোৱা পৰিঘটনাসমূহ তেওঁক ক্ষমতাৰ পৰা অপসাৰণৰ লক্ষ্যৰে বিদেশী ষড়যন্ত্ৰৰ অংশ। শ্বেখ হাছিনাই কয়, "ইয়াক বিপ্লৱ বুলি নক'ব! এইটো আছিল বাংলাদেশৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ, যিটো আমেৰিকাই পৰিকল্পনা বনাই পাকিস্তানৰ দ্বাৰা বাস্তৱ ৰূপ দি  ছাত্ৰ বিদ্ৰোহ হিচাপে উপস্থাপন কৰিছিল।

আমেৰিকাৰ নিৰ্দেশত পাকিস্তানে কৰিছিল সন্ত্ৰাসবাদী আক্ৰমণ: শ্বেখ হাছিনা

মুখ খুলিলে হাছিনাই

Updated On: 

02 Nov 2025 15:58 PM

বাংলাদেশ এৰি যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দেশত ছাত্ৰ আন্দোলনৰ পিছত সংঘটিত হোৱা অভ্যুত্থানৰ পিছতে শ্বেখ হাছিনাই এক বিবৃতি প্ৰকাশ কৰিছে। শ্বেখ হাছিনাই কয় যে, তেওঁৰ বিৰুদ্ধে ছাত্ৰ আন্দোলন আমেৰিকাৰ দ্বাৰা পৰিচালিত আৰু পাকিস্তানে বাস্তৱ ৰূপ দিয়া এক সন্ত্ৰাসবাদী আক্ৰমণ।

দ্য প্ৰিন্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাছিনাই কয় যে, যোৱা বছৰৰ জুলাই-আগষ্ট মাহত সংঘটিত হোৱা পৰিঘটনাসমূহ তেওঁক ক্ষমতাৰ পৰা অপসাৰণৰ লক্ষ্যৰে বিদেশী ষড়যন্ত্ৰৰ অংশ। শ্বেখ হাছিনাই কয়, “ইয়াক বিপ্লৱ বুলি নক’ব! এইটো আছিল বাংলাদেশৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ, যিটো আমেৰিকাই পৰিকল্পনা বনাই পাকিস্তানৰ দ্বাৰা বাস্তৱ ৰূপ দি  ছাত্ৰ বিদ্ৰোহ হিচাপে উপস্থাপন কৰিছিল। মোক ক্ষমতাৰ পৰা আঁতৰাবলৈ কৰা হৈছিল এই কাম।” তেওঁ কয়,  ” যি হত্যাকাণ্ডৰ বাবে মোৰ চৰকাৰৰ ওপৰত দোষাৰোপ কৰা হৈছে, সেইবোৰ আৰক্ষীয়ে নহয়, সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল, যিবোৰ মোৰ বিৰুদ্ধে জনসাধাৰণক উচটনি দিবলৈ ৰচনা কৰা হৈছিল।”

মহম্মদ ইউনুছৰ বিৰুদ্ধে অভিযোগ

হাচিনাই পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰে যে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে আমেৰিকানসকলৰ নিৰ্দেশত তেওঁক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁ দাবী কৰিছিল যে আমেৰিকানসকলে বংগোপসাগৰৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দ্বীপ ছেইণ্ট মাৰ্টিনছৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰে।

হাচিনাই ক’লে, “আপুনি জানেনে এই সকলোবোৰৰ আঁৰৰ আচল ব্যক্তি কোন? ইউনুছ। আমেৰিকানসকলে মোৰ পৰা ছেইণ্ট মাৰ্টিন দ্বীপ বিচাৰিছিল। মই যদি মান্তি হ’লোহেঁতেন তেন্তে তেওঁলোকে মোক ক্ষমতাৰ পৰা আঁতৰাই নিদিলেহেঁতেন। কিন্তু মই মোৰ দেশ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিলোঁ।”

তেওঁ আৰু কয়, “আমেৰিকানসকলৰ নিৰ্দেশত ইউনুছে যোৱা বছৰৰ জুলাই-আগষ্ট মাহত বাংলাদেশত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, পুঁজি আৰু কাৰ্যকৰী কৰিছিল। তেওঁ এজন বিশ্বাসঘাতক যিয়ে নিজৰ উচ্চাকাংক্ষাৰ বাবে নিজৰ দেশক ধ্বংস কৰিছিল।”

পাকিস্তানক লক্ষ্য কৰি

হাচিনাই লগতে অভিযোগ কৰে যে পাকিস্তানৰ মৌলবাদী শক্তিসমূহে বাংলাদেশৰ উগ্ৰপন্থী নেটৱৰ্কক দীৰ্ঘদিন ধৰি সমৰ্থন কৰি আহিছে— যিটো হস্তক্ষেপৰ আৰ্হি ১৯৭১ চনৰ পৰাই অব্যাহত আছে।

আৱামি লীগৰ সমস্যা বৃদ্ধি

হাছিনাই দেশ এৰি যোৱাৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে আৱামি লীগৰ কাম-কাজ বন্ধ কৰি দিয়ে, আৰু মে’ মাহত নিৰ্বাচন আয়োগে দলটোৰ পঞ্জীয়ন বাতিল কৰে। আৱামি লীগ—বাংলাদেশৰ অন্যতম পুৰণি ৰাজনৈতিক দল, যাৰ জনসমৰ্থন পাৰিবাৰিক পৰম্পৰাত শিপাই আছে—এতিয়া প্ৰতিবাদকাৰীৰ মৃত্যুৰ সৈতে জড়িত হত্যাৰ অভিযোগত হাছিনাৰ বিৰুদ্ধে নিজেই অভিযোগ উত্থাপন কৰাকে ধৰি অসংখ্য আইনী যুদ্ধৰ সন্মুখীন হৈছে।

উল্লেখ্যে যে, ধাৰাবাহিক প্ৰতিবাদত ১৪০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছত যোৱা বছৰৰ ৫ আগষ্টত হাছিনাই বাংলাদেশ এৰি যাবলৈ বাধ্য হৈছিল। প্ৰথম অৱস্থাত চাকৰি কোটা নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ ৰূপত এই প্ৰতিবাদ আৰম্ভ হৈছিল যদিও অতি সোনকালেই তেওঁৰ পদত্যাগৰ দাবীত দেশজোৰা আন্দোলনলৈ পৰিণত হয়।

১৫ বছৰতকৈ অধিক সময় বাংলাদেশত ক্ষমতা দখল কৰি থকা হাছিনাই সেনা প্ৰধান ৱাকাৰ-উজ-জামানৰ পৰামৰ্শমতে দেশ এৰি থৈ যায় যেতিয়া প্ৰতিবাদকাৰীয়ে তেওঁৰ ঢাকা বাসগৃহত আগবাঢ়িছিল। তেতিয়াৰ পৰাই দিল্লীৰ চৰকাৰী সংৰক্ষিত আৱাসগৃহত বাস কৰা বুলি জানিব পৰা গৈছে।

একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...