সলনি নহয় শ্বেখ হাছিনাৰ ঠিকনা! প্ৰত্যাৰ্পণৰ দাবীৰ মাজত চৰকাৰৰ ল’লে ডাঙৰ সিদ্ধান্ত

শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয়ে পোহৰলৈ আহিছে ডাঙৰ খবৰ। বৰ্তমান ভাৰতত থাকিব শ্বেখ হাছিনা। ৫ আগষ্টত ঢাকা ত্যাগ কৰিছিল শ্বেখ হাছিনাই। বাংলাদেশ চৰকাৰে শেহতীয়াকৈ শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ দাবী জনাইছিল।

সলনি নহয় শ্বেখ হাছিনাৰ ঠিকনা! প্ৰত্যাৰ্পণৰ দাবীৰ মাজত চৰকাৰৰ ললে ডাঙৰ সিদ্ধান্ত

ভাৰততে থাকিব শ্বেখ হাছিনা!

Updated On: 

08 Jan 2025 | 05:00 PM

প্ৰত্যাৰ্পণ কৰা নহ’ব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। এক পৰোক্ষ বাৰ্তাযোগে এই বিষয়ত বাংলাদেশ চৰকাৰক স্থিতি স্পষ্ট কৰিলে ভাৰত চৰকাৰে।  ভাৰত চৰকাৰে শ্বেখ হাছিনাৰ পাছপোৰ্ট বাতিল হোৱাৰ পাছতো বৃদ্ধি কৰিছে ভিছাৰ ম্যাদ। গৃহ মন্ত্ৰালয়ে ভাৰতত থাকিবলৈ বৃদ্ধি কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভিছা।

৫ আগষ্টত ঢাকা ত্যাগ কৰিছিল শ্বেখ হাছিনাই ।  এনে এক সময়ত ভাৰতে তেওঁৰ ভিছা সম্প্ৰসাৰিত কৰিছে, যি সময়ত বাংলাদেশলৈ হাছিনা প্ৰত্যাৰ্পণৰ বিষয়টো যথেষ্ট চৰ্চিত হৈ আছে। বাংলাদেশ চৰকাৰে শেহতীয়াকৈ শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ দাবী জনাইছিল। এনে পৰিস্থিতিত, ভাৰতে লোৱা এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। মহম্মদ ইউনুছৰ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পাছপোৰ্ট প্ৰত্যাহাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছে।

ভাৰতে বাংলাদেশক দিলে প্ৰত্যুত্তৰ

প্ৰত্যাৰ্পণৰ দাবীৰ মাজতে, ভাৰতে শ্বেখ হাছিনাৰ ভিছা সম্প্ৰসাৰণ কৰি বাংলাদেশ চৰকাৰক উপযুক্ত প্ৰত্যুত্তৰ দিছে। লগতে এইটোও স্পষ্ট কৰি দিছে যে তেওঁক বৰ্তমানৰ বাবে প্ৰত্যাৰ্পণ কৰা নহ’ব। উল্লেখ্য যে, বাংলাদেশ চৰকাৰে ডিচেম্বৰত ভাৰতলৈ এখন টোকা প্ৰেৰণ কৰিছিল। য’ত তেওঁক বাংলাদেশলৈ প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিছিল। এতিয়া ভাৰতৰ সিদ্ধান্তৰ পাছত এই ক্ষেত্ৰত বাংলাদেশৰ দ্বাৰা কি পদক্ষেপ লোৱা লয় ইয়াৰ ওপৰতো দৃষ্টি ৰাখিছে ভাৰতে।

শ্বেখ হাছিনাৰ ভিছা সম্প্ৰসাৰণৰ পিছত, তেওঁ বৰ্তমানৰ বাবে ভাৰতৰ ৰাজধানী দিল্লীত থাকিব। শ্বেখ হাছিনা বাংলাদেশ পৰা অহাৰ পিছত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ চলাই আছে মহম্মদ ইউনুছে। ৭৭ বছৰ বয়সত শ্বেখ হাছিনাই দীৰ্ঘদিন ধৰি দেশজুৰি চলি থকা প্ৰতিবাদৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহিবলৈ বাধ্য হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...