গভীৰ নিশা ১১৬ জন অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোট ভাৰতক গতাই দি’লে আমেৰিকাই !

আমেৰিকাই বিতাড়ন কৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোট শনিবাৰে গভীৰ নিশা অমৃতসৰ বিমান বন্দৰত উপস্থিত হয় । প্ৰথম অৱস্থাত দ্বিতীয় গোটত ১১৯ জন অনুপ্ৰৱেশকাৰী আছিল বুলি খবৰ প্ৰকাশ পাইছিল যদিও ১১৬ জনহে বিতাড়ন কৰিছে আমেৰিকাই ।

গভীৰ নিশা ১১৬ জন অনুপ্ৰৱেশকাৰীৰ দ্বিতীয়টো গোট ভাৰতক গতাই দিলে আমেৰিকাই !

অনৃতসৰ পালেহি ভাৰতীয় প্ৰব্ৰজনকাৰীৰ দ্বিতীয়টো গোট

Updated On: 

16 Feb 2025 | 07:52 AM

১১৬ জন ভাৰতীয় প্ৰব্ৰজনকাৰীক লৈ গভীৰ নিশা অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে আমেৰিকাৰ দ্বিতীয়খন সামৰিক পৰিবহণ বিমান । অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অংশ হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে বিতাড়ন কৰা ভাৰতীয়ৰ প্ৰব্ৰজনকাৰীৰ এয়া দ্বিতীয়টো গোট। খবৰ অনুসৰি, অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা বিমানখন নিশা ১০ বজাত অৱতৰণ কৰিব বুলি আশা কৰা হৈছিল যদিও নিশা প্ৰায় ১১:৩০ বজাত বিমানবন্দৰত অৱতৰণ কৰে।

উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট বিতাড়িত কৰিছিল আমেৰিকাই । মনকৰিবলগীয়া যে, পূৰ্বে দ্বিতীয় বিমানখনত ১১৯ জন প্ৰব্ৰজনকাৰী আহিছে বুলি খবৰ ওলাইছিল যদিও যাত্ৰীৰ তালিকা অনুসৰি দ্বিতীয় গোটত বিতাড়িত লোকৰ সংখ্যা ১১৬ জন।

সূত্ৰ অনুসৰি বিতাড়িত লোকসকলৰ ভিতৰত আছে পঞ্জাৱৰ ৬৫ জন, হাৰিয়ানাৰ ৩৩ জন, গুজৰাটৰ ৮ জন, উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ ২ জনকৈ আৰু হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ লোক । সূত্ৰ অনুসৰি, বিতাড়িত লোকসকলৰ অধিকাংশই ১৮ৰ পৰা ৩০ বছৰ বয়সৰ লোক। যোৱা নিশাই একাংশ বিতাড়িত লোকৰ পৰিয়ালে তেওঁলোকক গ্ৰহণ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয়।

চৰকাৰী সূত্ৰই জনোৱা মতে, ১৫৭ জন বিতাড়িত লোকক লৈ তৃতীয়খন বিমান ১৬ ফেব্ৰুৱাৰী অৰ্থাৎ আজি ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৫ ফেব্ৰুৱাৰীত ১০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ প্ৰথমখন আমেৰিকাৰ সামৰিক বিমান অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। ইয়াৰে ৩৩ জনকৈ হাৰিয়ানা আৰু গুজৰাটৰ, ৩০ জন পঞ্জাৱৰ আছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব