আমেৰিকাৰ সকীয়নিক আওকান! ৰাছিয়াত উপস্থিত এছ জয়শংকৰ, লক্ষ্য ১০০ আৰৱ ডলাৰ…
আমেৰিকাৰ অহৰহ হেঁচাৰ মাজতে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আৰু অধিক উন্নত হৈ পৰিছে। বৰ্তমান মস্কোত আছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। এই সময়চোৱাত দুই দেশৰ বাণিজ্য উন্নত কৰাত গুৰুত্ব দিয়া হৈছে।

ভাৰত-ৰাছিয়া
আমেৰিকাৰ সকীয়নিক গুৰুত্ব দিয়া নাই ভাৰতে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অহৰহ হেঁচাৰ পাছতো ভাৰত-ৰাছিয়াই সম্পৰ্ক উন্নত কৰাত যোৰ দিছে। এনে অৱস্থাত আগন্তুক ৫ বছৰত ভাৰত-ৰাছিয়াৰ বাণিজ্য প্ৰায় ৫০ শতাংশ বৃদ্ধি হৈ ১০০ আৰৱ ডলাৰ হ’ব। ইয়াৰ বাবে শুল্ক হ্ৰাস কৰাৰ লগতে অন্যান্য বাধাসমূহ আঁতৰ কৰাৰ চেষ্টা কৰা হ’ব। বুধবাৰে মস্কো ভ্ৰমণৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
তেওঁ কয় যে, দুই দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ বাবে শুল্ক আৰু সকলো বাধা দূৰ কৰিব লাগিব। বৰ্তমান সময়ত ৰাছিয়া ভাৰতৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ, আনহাতে ভাৰত ৰাছিয়াৰ দ্বিতীয় বৃহত্তম। জয়শংকৰৰ এই ভ্ৰমণ ব্ৰিকছৰ দেশসমূহৰ ক্ৰমবৰ্ধমান সহযোগিতাৰ এক অংশ।
আমেৰিকাক উত্তৰ
উল্লেখ্য যে, বিগত সময়চোৱাত ব্ৰিকছৰ আটাইকেইখন দেশে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আৰু বাণিজ্যিক ভাবুকিৰ সন্মুখীন হৈছে। ট্ৰাম্পৰ অহৰহ ভাবুকিৰ পাছতো তিনিদিনীয়া ভ্ৰমণসূচীৰে জয়শংকৰ ৰাছিয়াত উপস্থিত হৈছে। এই সময়চোৱাত দুই দেশৰ মাজত কোনো দ্বিপাক্ষিক আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে চলিত বৰ্ষৰ শেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰিব।
মস্কোত সংবাদ মাধ্যমত সম্বোধন কৰি জয়শংকৰে আমেৰিকাৰ নাম নোলোৱাকৈ কয় যে,বৰ্তমান বিশ্বব্যাপী অনিশ্চয়তাৰ মাজত নিৰ্ভৰযোগ্য আৰু সুস্থিৰ অংশীদাৰৰ প্ৰয়োজন। আমি সকলোৱে জানো যে বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতি ঠিক নহয়। ই জটিল। যাৰ বাবে এনে পৰিস্থিতিত আমাৰ নেতাসকলৰ মাজত যোগাযোগ চলি আছে।
ভাৰত-চীনৰ সম্পৰ্ক
ৰাছিয়াৰ সমান্তৰালকৈ ভাৰতে চীনৰ সৈতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰিছে। প্ৰায় ৭ বছৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন ভ্ৰমণ কৰিব য’ত তেওঁ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে বৈঠকত মিলিত হ’ব।
ইফালে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ট্ৰাম্প প্ৰশাসন ক্ষোভিত হৈ আছে। তেওঁলোকে দাবী কৰিছে যে ইয়াৰ দ্বাৰা পুটিনে যুদ্ধ কৰিবলৈ টকা লাভ কৰি আছে। যাৰ বাবে ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইমানেই নহয়, ট্ৰাম্পে ভাবুকি দিছে যে ভাৰতৰ লগত আৰু ডাঙৰ কিবা হব পাৰে।
ইয়াৰ বিপৰীতে ভাৰতে কয় যে, যৰ পৰা সবাতোকৈ কম দামত তেল লাভ কৰা যায় তাৰ পৰাই ক্ৰয় কৰিব। ৰাছিয়াৰ ৰেহাই মূল্য ভাৰতৰ ঘৰুৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ ডাঙৰ অস্ত্ৰ। জয়শংকৰে লগতে কয় যে, ভাৰত-ৰাছিয়াই বাণিজ্য আৰু অধিক বৃদ্ধি কৰিব লাগে। গতিকে ভাৰত-ৰাছিয়াৰ বৃদ্ধি হোৱা ঘনিষ্ঠতাৰ প্ৰতিক্ৰিয়া ট্ৰাম্পে কিদৰে কৰে সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ সাৰ, ধাতু আৰু মেচিন! ভাৰতৰ ৩টা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি চীনৰ…