৮ লাখ ৯০ হাজাৰ ৰাছিয়ান সেনাৰ মৃত্যু! ইউক্ৰেইনে প্ৰতি ঘন্টাত হত্যা কৰিছে ৫৫ জনক…

ৰাছিয়াৰ সেনাৰ ওপৰত ইউক্ৰেইনে চলাইছে ধ্বংসলীলা। আমেৰিকাৰ পৰা তথ্য লাভৰ পাছতেই ইউক্ৰেইনে প্ৰতিঘন্টাত ৫৫ জন ৰাছিয়ান সেনাক হত্যা কৰি আছে। ইয়াৰ বিপৰীতে জেলৰ কয়দীকো ৰাছিয়াই যুদ্ধত ব্যৱহাৰ কৰিছে।

৮ লাখ ৯০ হাজাৰ ৰাছিয়ান সেনাৰ মৃত্যু! ইউক্ৰেইনে প্ৰতি ঘন্টাত হত্যা কৰিছে ৫৫ জনক...

ইউক্ৰেইন সেনা

Published: 

13 Mar 2025 | 03:26 PM

যুদ্ধ আৰু শান্তিৰ আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ পৰা সেউজ সংকেত পোৱাৰ পাছত ইউক্ৰেইনে ৰাছিয়া সেনাৰ ওপৰত চলাইছে বিধ্বংসী আক্ৰমণ। ভ্লাদিমিৰ পুটিনৰ সেনাই কুৰ্স্ক অঞ্চল পুনৰ দখলৰ চেষ্টা চলাই থকাৰ মাজতে এজনৰ পাছত আনজন ৰাছিয়ান সেনাক হত্যা কৰিলে ইউক্ৰেইনে। যোৱা ৭২ ঘন্টাত ৩,৯৩৯ জন ৰাছিয়ান সেনা নিহত হোৱাৰ খবৰ আহি পৰিছে। দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুসৰি ইউক্ৰেইনত ১১ মাৰ্চত ১৩০০ ৰাছিয়ান সৈনিক, ১২ মাৰ্চত ১৪৩০ জন আৰু ১৩ মাৰ্চত ১২০০ জন সৈনিকক হত্যা কৰা হৈছে। ইউক্ৰেইনৰ আক্ৰমণক যোৱা ৩ দিনত মুঠ ৩৯৩০ জন ৰাছিয়ান সৈনিক নিহত হৈছে।

যোৱা ১ মাৰ্চত হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল যাৰ পাছত আমেৰিকাই ইউক্ৰেইনত চোৰাংচোৱাৰ তথ্য দিবলৈ অস্বীকাৰ কৰিছিল। চোৰাংচোৱাৰ তথ্য অবিহনে ইউক্ৰেইন সেনাই যুদ্ধ কৰি আছিল যদিও বিশেষ সফলতা লাভ কৰিব পৰা নাছিল। কিন্তু আমেৰিকাৰ পৰা বিশেষ তথ্য লাভৰ পাছতেই ইউক্ৰেইনে এতিয়া আৰম্ভ কৰিছে তাণ্ডৱলীলা।

জানিব পৰা মতে, তথ্য লাভ কৰাৰ পাছতে ইউক্ৰেইনৰ সেনাই প্ৰতি ঘন্টাত ৫৫ জন জোৱানক হত্যা কৰিছে। চোৰাংচোৱাৰ তথ্য অবিহনে ইউক্ৰেইনে প্ৰতি ঘন্চাত ৪০ জনকৈ সেনা হত্যা কৰি আছিল। ইউক্ৰেইনৰ সেনাই দিয়া তথ্য অনুসৰি যোৱা ৩ দিনত ১৫খন ৰাছিয়াৰ টেংক ধ্বংস হৈছে। ৰাছিয়াৰ স্থল যুদ্ধ দুৰ্বল কৰাৰ বাবে জেলেনস্কিয়ে ৰাছিয়াৰ আৰ্টিলাৰী ব্যৱস্থা আৰু টেংক ধ্বংস কৰাত অধিক মনোনিৱেশ কৰিছে।

৮ লাখ ৯০ হাজাৰ সৈনিকৰ মৃত্যু

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা তথ্য মতে যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৰাছিয়াৰ প্ৰায় ৮ লাখ ৯০ হাজাৰ সেনাৰ মৃত্যু হৈছে। অৱশ্যে এই সন্দৰ্ভত ৰাছিয়াই কোনো বিবৃতি জাৰি কৰা নাই। জানিব পৰা মতে ৰাছিয়াই ব্যাক্তিগত আৰ্মী আৰু জেলত বন্ধ থকা কয়দীৰ দ্বাৰাও যুদ্ধ কৰি আছে। ৰাছিয়াৰ হৈ উত্তৰ কোৰিয়াৰ ২০ হাজাৰ সৈনিকো ফ্ৰণ্টত নিয়োজিত হৈ আছে। যুদ্ধৰ বাবে ৰাছিয়াৰ ১০২৯২ টা টেংক ধ্বংস হৈছে। লগতে ধ্বংস হৈছে ৩৭০খন বিমান আৰু ৩৩১খন হেলিকপ্টাৰ।

ইয়াৰ বিপৰীতে পুটিনৰ সেনাক পৰাস্ত কৰিবলৈ ইউক্ৰেইনৰ সেনাই গেৰিলা যুদ্ধ চলাই আছে। শেহতীয়াকৈ ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ সৈন্যৰ বাংকাৰত মৌ মাখি এৰি যোৱাৰ খবৰ আহিছিল। এই যুদ্ধ আৰু কি পৰ্যায়লৈ গতি কৰে সেয়া সময়ে ক’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...