ভাৰতৰ ডাঙৰ পৰিকল্পনা! পুটিনৰ ভাৰতে ভ্ৰমণে টোপনি কাঢ়িছে পাকিস্তানৰ…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ ওপৰত দৃষ্টি বিশ্বৰ বহুকেইখন দেশৰ আছে। কিন্তু এই সময়চোৱাত শংকিত হৈ পৰিছে পাকিস্তান। ৰাছিয়া আৰু ভাৰতৰ ঘনিষ্ঠতা, হ'বলগীয়া চুক্তিক লৈ চিন্তিত হৈ পৰিছে দেশখন।

ভাৰতৰ ডাঙৰ পৰিকল্পনা! পুটিনৰ ভাৰতে ভ্ৰমণে টোপনি কাঢ়িছে পাকিস্তানৰ...

ৰাছিয়া-পাকিস্তান

Published: 

04 Dec 2025 | 03:21 PM

চাৰি বছৰৰ পাছত দিল্লীলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৪-৫ ডিচেম্বৰত পুটিনৰ দুদিনীয়া ভ্ৰমণসমূচীৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। পিছে পুটিনৰ এই ভ্ৰমণে এতিয়া টোপনি কাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। ভাৰত-ৰাছিয়াৰ বন্ধুত্বই পাকিস্তানক এতিয়া চিন্তাত পেলাইছে।

পুটিনৰ এই ভ্ৰমণে পাকিস্তানক চিন্তাত পেলোৱাৰ মূল কাৰণ হ’ল কেইখনমান চুক্তি। যদি সেইসমূহ চুক্তি স্বাক্ষৰ হয় তেন্তে এয়া পাকিস্তানৰ সেনা মুৰব্বী অসীম মুনিৰৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিব পাৰে। পাকিস্তানী সংবাদ মাধ্যমতো দেশখনৰ চিন্তা প্ৰায় স্পষ্ট হৈ পৰিছে।

 কি কয় পাকিস্তানী সংবাদ মাধ্যমে

১) কমৰ চিমা (জ্যেষ্ঠ সাংবাদিক) –  জ্য়েষ্ঠ সাংবাদিকগৰাকীয়ে পুটিনৰ ভ্ৰমণ কূটনৈতিক বুলি কয়। লগতে কয় যে, ই ভাৰত-ৰাছিয়াৰ সম্পৰ্ক উন্নত কৰিব। ইয়াৰোপৰি কৌশলগত অংশীদাৰিত্ব, প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ আদিত আলোচনা হ’ব পাৰে বুলি কয়।

২) মুবাশ্বেৰ লুকমান (জ্যেষ্ঠ সাংবাদিক) – এইগৰাকী পাকিস্তানী সাংবাদিকে কয় যে, ভাৰতে এছ-৫০০ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে। ই এফ-৩৫ক অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে।ক্ষেপণাস্ত্ৰ আমদানি কৰা হৈছে। ইয়াৰোপৰি বিভিন্ন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে। ভাৰতে বিচাৰে পাকিস্তান বৰ্তমান আফগানিস্তানত ব্যস্ত হৈ থাকক, ইয়াৰ মাজত কিন্তু তেওঁলোকে পাকিস্তান আক্ৰমণ কৰিব বিচাৰিছে।

এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ এক বক্তব্য ভাইৰেল হৈ পৰিছে। এটা টিভি চেনেলৰ সৈতে হোৱা কথা-বতৰাত এই পাকিস্তানী সাংবাদিকগৰাকীয়ে কৈছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কূটনৈতিক। ই আফগানিস্তানক সহায় কৰিব। ইয়াৰোপৰি ভাৰতে কিবা ডাঙৰ পৰিকল্পনা কৰি আছে।

কিয় শংকিত পাকিস্তান

ভাৰত-ৰাছিয়াৰ মাজত হ’বলগীয়া প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ চুক্তি আদিক লৈ পাকিস্তান ইতিমধ্যে চিন্তিত। ইয়াৰোপৰি মোদী আৰু পুটিনৰ আলোচনাত পাকিস্তান, সন্ত্ৰাসবাদ, আফগানিস্তান, বেলুচিস্তানৰ কথা উত্থাপন হ’ব পাৰে বুলি দেশখনে ভয় খাইছে। কিয়নো বেলুচিস্তানে দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে সংঘৰ্ষ কৰি আহিছে। কোৱা হয়, বেলুচিস্তানত ভাৰতেও সহায় কৰি আহিছে।  ইয়াৰোপৰি যদি পুটিনে তালিবানক সমৰ্থন কৰে তেন্তে ই পাকিস্তানৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব। কিয়নো বৰ্তমান আফগানিস্তান আৰু বেলুচিস্তান পাকিস্তানৰ এক ডাঙৰ সংকট।

 

অন্য খবৰ পঢ়কঃ নিশ্চিত! ২০৩০ চনৰ ভিতৰত হ’ব পাৰে পাৰমাণৱিক যুদ্ধ, ইলন মাস্কৰ ভৱিষ্যদ্বাণী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...