ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে উত্তৰ-পূব ভাৰত দখল কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ

এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ ।

ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে উত্তৰ-পূব ভাৰত দখল কৰাৰ হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ

প্ৰাক্তন সেনা প্ৰধানৰ এই মন্তব্যই ইউনুছ চৰকাৰত অস্বস্তি বৃদ্ধি কৰে

manas-borah
Updated On: 

03 May 2025 14:18 PM

কঁকাল থৰক-বৰক হ’লেও উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্য়ৰ মোহ এৰা নাই বাংলাদেশে । এফালে ৰাজনৈতিক অস্থিৰতা, আনফালে অৰ্থনৈতিকভাৱে বিধ্বস্ত বাংলাদেশত এতিয়াও অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই আছে । ইয়াৰ মাজতে দেশখনৰ প্ৰাক্তন সেনা বিষয়া দম্ভালিয়ে হাঁহিয়াতৰ পাত্ৰ কৰিছে বাংলাদেশক ।

কিয়নো এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ । তেওঁ হৈছে বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেল আলম ফজলুৰ ৰহমান ।

বাংলাদেশৰ প্ৰাক্তন এইগৰাকী মেজৰ জেনেৰেলে সকীয়াই দিছে যে, ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ মুহূৰ্তত বাংলাদেশে সেই সুযোগ লৈ উত্তৰ-পূবৰ সাতখন ৰাজ্য আক্ৰমণ কৰি দখল কৰিব । বাংলাদেশে প্ৰয়োজন হ’লে চীনৰ সহায় বিচাৰিব বুলি ছচিয়েল মিডিয়াত লিখিছে এইগৰাকী ফজলুৰ ৰহমানে ।

পহলগামত পাকিস্তানী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সৰ্বনিম্ন স্তৰত আছে । প্ৰতিশোধ ল’বলৈ সাজু হৈছে ভাৰত । শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত অবিৰতভাৱে চলি আছে যুদ্ধ বিমানৰ অনুশীলন ।

ইতিমধ্যে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ভৰ্তি ভাৰতীয় নৌসেনাৰ কেইবাখনো যুদ্ধ জাহাজ আৰব সাগৰত অৱস্থান গ্ৰহণ কৰিছে । ৰাজস্থানতো দিনে নিশাই অনুশীলন চলাই আছে টেংক বাহিনীয়ে ।

এই উত্তেজনাৰ মাজতে বাংলাদেশী সেনাৰ ভিতৰৰ পৰা ধাৰাবাহিকভাৱে উচটনিমূলক মন্তব্যৰ পোহৰলৈ আহিছে । এইগৰাকী ফজলুৰ ৰহমান কেৱল এজন প্ৰাক্তন মেজৰ জেনেৰেল নহয় । যোৱা বছৰ ইউনুছ চৰকাৰে তেওঁক অতি গুৰুত্বপূৰ্ণ পদবী দিছিল । বৰ্তমানৰ ব’ৰ্ড অৱ গাৰ্ডছ বাংলাদেশৰ প্ৰাক্তন মুৰব্বী ৰহমান এতিয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে গঠন কৰা ৭ জনীয়া কমিটীৰ মুৰব্বী । এই কমিটীয়ে পিলখানা হত্যাকাণ্ডৰ তদন্ত চলাই আছে ।

অৱশ্যে বাংলাদেশ চৰকাৰে তেওঁৰ এই মন্তব্যক অস্বীকাৰ কৰিছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব ছফিকুল আলমে স্পষ্টকৈ উল্লেখ কৰিছে যে, ফজলুৰ ৰহমানৰ বক্তব্যৰ বাবে চৰকাৰ দায়ী নহয় । এয়া তেওঁৰ ব্যক্তিগত মন্তব্য । বাংলাদেশ চৰকাৰে এনে অৰ্থহীন বক্তব্যক সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিছে ছফিকুল আলমে ।

কোৱা হৈছে যে, শেহতীয়াকৈ মহম্মদ ইউনুছৰ চীন ভ্ৰমণৰ পৰা এনে মন্তব্য প্ৰকাশ কৰিবলৈ সাহস পাইছে ফজলুৰ ৰহমানে । কাৰণ ইউনুছে নিজেই বেইজিংলৈ গৈ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য ‘স্থলভূমিত আবদ্ধ’ বুলি মন্তব্য কৰি ভাৰতক ক্ষুব্ধ কৰি তুলিছিল । গতিকে এনে মন্তব্যৰ প্ৰতিক্ৰিয়া ভাৰতে কেনেদৰে কৰিব সেয়া হ’ব লক্ষণীয় ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক