বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰাৰ দাবী! ভাৰতক বিশেষ আহ্বান BLA ৰ…

বৰ্তমান সামাজিক মাধ্যমত 'Republic of balochistan' ট্ৰেণ্ড কৰি থকা দেখা গৈছে। পাকিস্তানৰ পৰা স্বাধীন হোৱাৰ দাবী কৰি মীৰ য়াৰ বেলুচে ভাৰত আৰু ৰাষ্ট্ৰসংঘক এক বিশেষ দাবী কৰিছে।

বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰাৰ দাবী! ভাৰতক বিশেষ আহ্বান BLA ৰ...

বেলুচিস্তান

Updated On: 

14 May 2025 | 05:20 PM

বিগত কেইবাটা দশক ধৰি বেলুচ লিবাৰেশ্যন আৰ্মী (BLA) য়ে পৃথক বেলুচিস্তানৰ দাবী জনাই আহিছে। ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বেলুচ আৰ্মীৰ এই সংঘৰ্ষই যেন নতুনকৈ প্ৰাণ পাই উঠে। বেলুচ নেতা মীৰ য়াৰ বেলুচে বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন ঘোষণাৰ দাবী কৰাৰ পাছতে সামাজিক মাধ্যমত “Republic of Balochistan announced” ট্ৰেণ্ডত থকা দেখা যায়। এই ঘোষণাৰ পাছতে বেলুচিস্তানে ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰসংঘক কিছুমান বিশেষ দাবী উত্থাপন কৰিছে।

বেলুচ কৰ্মী তথা লেখক মীৰ য়াৰ বেলুচে সামাজিক মাধ্যমত বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰাৰ দাবী কৰি লিখে যে, আমি আমাৰ স্বাধীনতা দাবী কৰিছো। আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ব্যৱস্থাক ধ্বংস কৰিব ওলাইছো। ভাৰত চৰকাৰে বেলুচিস্তানক দিল্লীত চৰকাৰী কাৰ্যালয় আৰু দূতবাস খোলাৰ অনুমতি দিব লাগে। লগতে কয় যে, বেলুচ স্বতন্ত্ৰ সেনাই ডেৰা বুগতীৰ গেছ ফিল্ডত আক্ৰমণ কৰিছে আৰু ই পাকিস্তানৰ সবাতোকৈ ডাঙৰ গেছ যোগানৰ কেন্দ্ৰস্থল।

ইয়াৰ লগতে বেলুচ নেতাগৰাকীয়ে ৰাষ্ট্ৰসংঘলৈ এক বিশেষ আহ্বান জনায়। তেওঁ কয় যে, ৰাষ্ট্ৰসংঘই শীঘ্ৰেই নিজৰ শান্তিবাহিনী বেলুচিস্তানলৈ প্ৰেৰণ কৰিব লাগে আৰু পাকিস্তানৰ সেনাক আমাৰ মাটি, সাগৰৰ লগতে আকাশমাৰ্গৰ পৰা বাহিৰ কৰিব লাগে। ইয়াৰোপৰি পাকিস্তানী সেনাৰ সকলো সম্পত্তি বেলুচিস্তানৰ হাতত গতাই দি অ-বেলুচ জোৱান, আই এছ আই আৰু প্ৰশাসনিক বিষয়াক বেলুচিস্তান ত্যাগ কৰিবলৈ কয়।

মীৰ য়াৰ বেলুচে কয় যে, শীঘ্ৰেই বেলুচিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব য’ত মহিলাসকলেও প্ৰতিনিধিত্ব কৰিব পাৰিব। ইয়াৰোপৰি তেওঁ কয় যে,অনতিপলমে স্বাধীন চৰকাৰৰ সমাৰোহ অনুষ্ঠিত হ’ব। ইতিমধ্যে ইয়াৰ বাবে বন্ধু দেশৰ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ জনোৱা হৈছে।

 

যোৱা কেইটামান দিনত সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে, বিস্ফোৰণৰ ফলত পাকিস্তানী সেনাৰ এখন বাহন উৰি গৈছে। ভাইৰেল ভিডিঅ’ৰ পাছতে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। তেওঁলোকে দাবী কৰে যে, এই ঘটনাৰ ফলত ১৪ জনকৈ পাকিস্তানী সেনা নিহত হৈছে।

ইয়াৰ মাজতে লণ্ডনত থকা ‘মুক্ত বেলুচিস্তান আন্দোলন’ৰ নেতা হিৰ্বয়াৰ মাৰীয়ে মুম্বাইৰ জিন্না হাউছক বেলুচিস্তান হাউছলৈ ৰূপান্তৰিত কৰাৰ দাবী জনায়। তেওঁ কয় যে, য’ৰ পৰা পাকিস্তানৰ প্ৰতিষ্ঠাপক জিন্নাই ভাৰত বিভাজনৰ পৰিকল্পনা কৰিছিল, তাৰ পৰাই বেলুচসকলে এতিয়া নিজৰ স্বাধীনতাৰ পৰিকল্পনা কৰিব। তেওঁ ৰাষ্ট্ৰসংঘৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয় যে ১৯৪৭ চনৰ পৰা বেলুচ বিষয়টোক আওকান কৰি অহা হৈছে।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ ৩ টা বস্তুৰ প্ৰয়োজন! ভাৰতৰ পৰা কি বিচাৰিছে বেলুচ আৰ্মীয়ে…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব