৭.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ম্যানমাৰ-বাংলাদেশঃ মেঘালয়তো অনুভূত হ’ল জোকাৰণি
বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত। অৰ্থাৎ ঢাকাৰ পৰা ৫৯৭ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

প্ৰতিনিধিত্বমূলক ছবি
এক প্ৰবল ভূমিকম্পই জোকাৰি তুলিছে ম্যানমাৰ আৰু বাংলাদেশ। ম্যানমাৰত সৃষ্টি হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ঢাকা আৰু চট্টগামকে ধৰি বাংলাদেশৰ কিছু কিছু অংশ কঁপাই তোলে। বাংলাদেশৰ লগতে অসমৰ চুবুৰীয়া মেঘালয়ত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। অৱশ্যে এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো লোক ক্ষতিৰ খবৰ পোৱা নাই। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ মাণ্ডালয়ত।
অৰ্থাৎ ঢাকাৰ পৰা ৫৯৭ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ ভূমিকম্প পৰ্যবেক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ৰুবায়ত কবীৰৰ উদ্ধৃতিৰে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য।
আনহাতে ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভে (USGS)ৰ তথ্য অনুসৰি ম্যানমাৰৰ ছাগাইঙৰ পৰা ১৬ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিমে ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ভূমিকম্পৰ কঁপনি মেঘালয়তো অনুভূত হয় বুলি খবৰ প্ৰকাশ পাইছে।
লক্ষণীয়ভাৱে সমগ্ৰ উত্তৰ-পূবক ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে গণ্য কৰা হয়। সময়ে সময়ে হোৱা সৰুৰ পৰা মধ্যমীয়া ভূমিকম্পৰ বাবে কৰ্তৃপক্ষই নিয়মিত এই অঞ্চলত সতৰ্কবাণী জাৰি কৰি আহিছে। যোৱা সপ্তাহতো অসমত ৰিখটাৰ স্কেলৰ ৫.৯ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই জোকাৰণি তুলিছিল। ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত ভূমিকম্পৰ কম্পন অনুভৱ হৈছিল।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। অৱশ্যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন আৰু পৰৱৰ্তী সময়ত হ’ব পৰা যিকোনো পৰিস্থিতিৰ নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।