PTI সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো…

পাকিস্তানৰ পিটিআই নেতা ফাৱাদ চৌধুৰীয়ে আৰক্ষীৰ গুলীচালনাত বহু সমৰ্থকৰ মৃত্যুৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে পাকিস্তানত সামৰিক আইনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। 

PTI সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো...

ৰেলী

Published: 

08 Sep 2024 | 10:26 PM

পাকিস্তানৰ ইছলামবাদত ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফৰ কৰ্মী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে পাকিস্তান আৰক্ষীয়ে দলৰ সমৰ্থকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে। তথ্য অনুসৰি জানিব পৰা মতে, দলটোৰ কাৰ্যকৰ্তাসকলে আৰক্ষীৰ ওপৰত ডাঙৰ ডাঙৰ শিলগুটি নিক্ষেপ কৰিছিল য’ত প্ৰায় ৮ জন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষী অধীক্ষক এগৰাকীও এই ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছে।

ইছলামবাদৰ উপ আয়ুক্তই তেহৰিক-ই-ইনছাফৰ আয়োজকসকলক যিকোনো পৰিস্থিতিত এই সমাৱেশৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছিল। কিন্তু ইয়াৰ পাছত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে আৰু শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে দলটোৰ কাৰ্যকৰ্তাসকলৰ ওপৰত কন্দুৱা গেছ আৰু গুলীচালনা কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা আগষ্ট মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। খানৰ মুক্তিৰ দাবীত আজি দলৰ একাংশ সমৰ্থকে এক সমাৱেশ অনুষ্ঠিত কৰিছিল। এই সমাৱেশৰ বাবে আৰক্ষীয়ে দলটোৰ কাৰ্যকৰ্তা তথা সমৰ্থকসকলক সন্ধিয়া ৭ বজালৈ সময় দিছিল। কিন্তু ৭ বজাৰ পাছতো ভিৰ কমা নাছিল।  যাৰ বাবে পাছলৈ পৰিস্থিতি ভয়াবহ হৈ পৰিছিল।

সমাৱেশৰ সময় শেষ হোৱাৰ লগে লগে আৰক্ষীয়ে আয়োজক আৰু কৰ্মীসকলক আঁতৰি যাবলৈ কয় কিন্তু তেতিয়াই সংঘৰ্ষ আৰম্ভ হয়।  এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বৰ্তমান ইছলামবাগলৈ যোৱা সকলো পথ বন্ধ কৰি দিছে প্ৰশাসনে।  ইফালে পাকিস্তানৰ পিটিআই নেতা ফাৱাদ চৌধুৰীয়ে আৰক্ষীৰ গুলীচালনাত বহু সমৰ্থকৰ মৃত্যুৰ দাবী উত্থাপন কৰিছে। তেওঁ কয় যে পাকিস্তানত সামৰিক আইনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।  ৰেলীলৈ অহা লোকসকলৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে বুলিও অভিযোগ উত্থাপন হৈছে। ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...