কণ্ডম ক্ৰয়ৰ বাবেও ধন নাই পাকিস্তানীৰ হাতত! কেনেকৈ ৰোধ কৰিব জনসংখ্যা?
Pakistan on Condom Tax: পাকিস্তানত কণ্ডমৰ ওপৰত ১৮ শতাংশ জি এছ টি। শেহতীয়াকৈ পাকিস্তানৰ ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৱে এই জি এছ টি হাৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল যদিও আই এম এফে এই অনুৰোধ সম্পূৰ্ণৰূপে নাকচ কৰিছিল।

বিপদত পাকিস্তান, চুবুৰীয়া দেশখনে ধনৰ অভাৱত ক্ৰয় কৰিব পৰা নাই কণ্ডম। জন্মৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হোৱা পাকিস্তানৰ আৰ্থিক অৱস্থা শোচনীয়। চৰকাৰে ৰাজকোষৰ পৰা ধন খৰচ কৰিব লগা হৈছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়ে কণ্ডমৰ সাধাৰণ বিক্ৰী কৰ (জি এছ টি) হ্ৰাস কৰিবলৈ পাকিস্তানৰ অনুৰোধ নাকচ কৰিছে ।
পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই দেশত কণ্ডম (Condom) ক্ৰয় কৰিবলৈ চৰকাৰে কোষাগাৰৰ পৰা অতিৰিক্ত ধন খৰচ কৰিব লাগিব। অন্যথা দেশৰ জনসংখ্যা বৃদ্ধি পাব। পাকিস্তানত কণ্ডমৰ ওপৰত ১৮ শতাংশ জি এছ টি আৰোপ। শেহতীয়াকৈ পাকিস্তানৰ ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৱে এই জি এছ টি হাৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু আই এম এফে সেই অনুৰোধক পোনপটীয়াকৈ নাকচ কৰে। আই এম এফে কয় যে, এই বিষয়টো পৰৱৰ্তী বাজেটত আলোচনা হ’ব।
এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে কণ্ডমৰ দাম নিৰ্ণয় কৰিবলৈ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন কিয়? কাৰণ পাকিস্তান গভীৰ ঋণত পৰিছে। দেশৰ অৰ্থনীতি বচাবলৈ আই এম এফলৈ হাত আগবঢ়াইছে। আই এম এফেও কেইবাটাও চৰ্তৰ লগতে আৰ্থিক সাহায্য দিছে। কৰ, চৰকাৰী ব্যয়, ৰাজহৰ পৰা আৰম্ভ কৰি – এতিয়া সকলো কথাতে আই এম এফৰ মতামত ল’ব লাগিব।
শ্বেহবাজ শ্বৰীফৰ চৰকাৰে কণ্ডমৰ দৰে গৰ্ভনিৰোধক ঔষধৰ জি এছ টি ১৮ শতাংশ হ্ৰাস কৰিব বিচাৰিছিল। দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ লোৱা হৈছিল যদিও আই এম এফে সেই পদক্ষেপত চেচা পানী পেলায়। আই এম এফৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত পাকিস্তানে জি এছ টি হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। তেতিয়া ইয়াৰ ফলত দেশৰ আয় ৪০০ৰ পৰা ৬০ কোটি পাকিস্তানী টকা হ্ৰাস পালেহেঁতেন। এই লোকচান মানি ল’বলৈ অনিচ্ছুক আই এম এফে। সেয়ে পাকিস্তান চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰা হয়। চেনিটেৰী নেপকিন আৰু বেবী ডায়েপাৰৰ ওপৰত কৰ ৰেহাইৰ অনুৰোধো নাকচ কৰে।
বৰ্তমান পাকিস্তানত জন্মৰ হাৰ ২.৫৫ শতাংশ। প্ৰতি বছৰে জনসংখ্যা ৬০ লাখ বৃদ্ধি পাইছে। ইফালে পৰিয়ালৰ আয় কম। এতিয়া প্ৰশ্ন উছিছে ক’ৰ পৰা আহিব সন্তান লালন-পালনৰ খৰচ?
এই পৰ্যন্ত আই এম এফে ৩.৩ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য লাভ কৰিছে। আই এম এফে আৰু ১.২ বিলিয়ন ডলাৰৰ অনুমোদন জনাইছে। আই এম এফে দেশৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন চৰ্ত প্ৰদান কৰিছে। সেই চৰ্তসমূহ মানি চলিব লাগিব পাকিস্তানে।