চাউলেৰে বন্ধুত্ব! পদ্মাৰ পাৰত ভোক দূৰ কৰিব পাকিস্তানৰ চাউলে

দেশৰ অন্যতম আগশাৰীৰ বাতৰি কাকত ‘দ্য ড’ন’ৰ প্রতিবেদন অনুসৰি যোৱা ২০ নৱেম্বৰত পাকিস্তানৰ বাণিজ্য মন্ত্রণালয়ে নিবিদা জাননী জাৰি কৰে ৷ ইয়াত কোৱা হৈছিল যে এই জাননী জাৰি কৰাৰ পাছত ২৮ নৱেম্বৰলৈকে নিবিদা দাখিল কৰিব পাৰিব বিভিন্ন কোম্পানীয়ে ৷

চাউলেৰে বন্ধুত্ব! পদ্মাৰ পাৰত ভোক দূৰ কৰিব পাকিস্তানৰ চাউলে

মঃ ইউনুচ আৰু শ্বেহবাজ শ্বৰিফ

Published: 

29 Nov 2025 | 02:11 PM

ইছলামবাদে পূৰণ কৰিব ঢাকাৰ ভোক। এইবাৰ পাকিস্তানৰ পৰা পদ্ম নদীৰ পাৰৰ দেশখনলৈ নিয়া হ’ব এক লাখ টন চাউল। তাৰ বাবে ইতিমধ্যে নিবিদা আহ্বান জনাইছে পাকিস্তানে। শ্বেহবাজ শ্বৰীফৰ চৰকাৰৰ অধীনত ‘দ্য ট্ৰেডিং কৰ্প’ৰেশ্যন অৱ পাকিস্তানে’ বাংলাদেশলৈ ৰপ্তানিৰ উদ্দেশ্যে চাউল ক্ৰয়ৰ বাবে আহ্বান জনাইছে নিবিদা।

দেশৰ অন্যতম আগশাৰীৰ বাতৰি কাকত ‘দ্য ড’ন’ৰ প্রতিবেদন অনুসৰি যোৱা ২০ নৱেম্বৰত পাকিস্তানৰ বাণিজ্য মন্ত্রণালয়ে নিবিদা জাননী জাৰি কৰে ৷ ইয়াত কোৱা হৈছিল যে এই জাননী জাৰি কৰাৰ পাছত ২৮ নৱেম্বৰলৈকে নিবিদা দাখিল কৰিব পাৰিব বিভিন্ন কোম্পানীয়ে ৷

বাংলাদেশৰ বজাৰত চাউলৰ দাম নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে মহম্মদ ইউনুচ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। ঘৰুৱা বজাৰত চাউলৰ মূল্য হ্ৰাস কৰাৰ বাবে চাউল আমদানি কৰিবলৈও তেওঁলোকৰ হৈ কেইবাখনো নিবিদা আহ্বান কৰিছে বাংলাদেশে। একে সময়তে পাকিস্তানেও আন এখন নিবিদা আহ্বান কৰে।

শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা পাকিস্তান আৰু বাংলাদেশৰ মাজত ঘনিষ্ঠতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা দুয়োখন দেশে চৰকাৰী পৰ্যায়ৰ আলোচনাৰ জৰিয়তে আমদানি-ৰপ্তানি আৰম্ভ কৰিছে। আনকি নৱেম্বৰ মাহতো ৫৩ বছৰৰ পাছত পাকিস্তানৰ কৰাচী বন্দৰ হৈ বাংলাদেশত এখন সামগ্ৰী ভৰ্তি জাহাজ ৰৈছিল। সেই মুহূৰ্তৰ পৰাই ‘হেৰুৱা’ বন্ধুত্বক পুনৰ আঁকোৱালিবলৈ যেন ইউনুছৰ অন্তৰখন বহল হৈ পৰিল। তাৰ পাছত নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আন এখন জাহাজে কৰাচীৰ পৰা বাংলাদেশৰ চট্টগ্ৰাম বন্দৰলৈ মুঠ ৬৯৯টা কণ্টেইনাৰ বোজাই কৰি যাত্ৰা কৰে। এইবাৰ এই বন্ধুত্বক নতুন মাত্ৰা দিব চাউলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...