পাকিস্তানৰ ‘হেৰুওৱা ভাতৃ‘ বাংলাদেশ! পাক উপ-প্ৰধানমন্ত্ৰীয়ে দিলে সম্পৰ্কৰ নতুন নাম

অতীত পাহৰি এতিয়া পাকিস্তানৰ সৈতে সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী বাংলাদেশৰ শাসকীয় ইউনুছ প্ৰশাসন। বাংলাদেশে তুলি দিয়া এই সুযোগ হেৰুৱাব নিবিচাৰে পাকিস্তানেও আৰু এই সুযোগৰে সদ্ব্যৱহাৰ কৰি পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে এতিয়া পাকিস্তান-বাংলাদেশৰ সম্পৰ্কৰ সূত্ৰ বিচাৰি উলিয়াইছে।

পাকিস্তানৰ ‘হেৰুওৱা ভাতৃ‘ বাংলাদেশ! পাক উপ-প্ৰধানমন্ত্ৰীয়ে দিলে সম্পৰ্কৰ নতুন নাম

পাকিস্তানৰ হেৰুওৱা ভাতৃ বাংলাদেশ!

Published: 

03 Jan 2025 | 06:47 PM

বিংশ শতিকাৰ ষাঠি-সত্তৰৰ দশকত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ ৰূপত চৰ্চিত হৈছিল পূব বংগ আৰু পশ্চিম পাকিস্তানৰ দ্বন্দ। পশ্চিম পাকিস্তানৰ ৰাজনৈতিক শোষণৰ বিৰুদ্ধে প্ৰবল ৰূপত বিদ্ৰোহী হৈ পৰা পূব বংগৰ জনসাধাৰণে গঢ়ি তুলিছিল ব্যাপক আন্দোলন। এনে ব্যাপক গণ আন্দোলনে ৰক্তাক্ত সংগ্ৰামৰ ৰূপ লৈছিল আৰু তাৰ ফলশ্ৰুতিতে পূব বংগই স্বাধীনতা লাভ কৰি বাংলাদেশ নামেৰে এক নতুন পৰিচয় লাভ কৰিছিল। পূব বংগৰ স্বাধীনতাৰ পিছত পশ্চিম পাকিস্তান হৈ পৰিছিল আজিৰ পাকিস্তান। অৰ্থাৎ বাংলাদেশৰ ইতিহাসেই হৈছে পাকিস্তান বিৰোধী স্থিতিৰ ইতিহাস।

পিছে এই অতীত পাহৰি এতিয়া পাকিস্তানৰ সৈতে সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহী বাংলাদেশৰ শাসকীয় ইউনুছ প্ৰশাসন। বাংলাদেশে তুলি দিয়া এই সুযোগ হেৰুৱাব নিবিচাৰে পাকিস্তানেও আৰু এই সুযোগৰে সদ্ব্যৱহাৰ কৰি পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে এতিয়া পাকিস্তান-বাংলাদেশৰ সম্পৰ্কৰ সূত্ৰ বিচাৰি উলিয়াইছে। ইছহাক দাৰে বাংলাদেশক পাকিস্তানৰ হেৰুওৱা ভাতৃ আখ্যা দিছে।

বিগত বৰ্ষৰ ৫ আগষ্টত সংৰক্ষণ সংস্কাৰ আন্দোলনৰ পৰিণতিত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল শ্বেখ হাছিনাই। ইয়াৰ ৩ দিন পাছত অৰ্থনীতিৰ নোবেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। অন্তৱৰ্তীকালীন চৰকাৰৰ পাঁচ মাহৰ ভিতৰতে উত্তপ্ত হৈ পৰিছে বাংলাদেশ। হিন্দুকে ধৰি সংখ্যালঘু লোকসকল এতিয়া দেশখনত ভাবুকিৰ সন্মুখীন হৈছে।

এনে ৰাজনৈতিক পৰিস্থিতিত ইউনুছে পাকিস্তানৰ সৈতে বন্ধুত্ব বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। কিছুদিন পূৰ্বে ইউনুছে ডি-৮ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইজিপ্ত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হৈছিল মহম্মদ ইউনুছ। বৈঠকত ইউনুছে পাকিস্তানে ১৯৭১ চনত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ তিক্ততাক পাহৰি যাব লাগে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়।

প্ৰকাশিত খবৰ অনুসৰি ইছলামাবাদৰ সৈতে সুসম্পৰ্ক গঢ়িবলৈ ঢাকা আগ্ৰহী বুলিও ইউনুছে জানিবলৈ দিছিল। ইউনুছৰ এই আহ্বানৰ পিছতে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ‘পাকিস্তান ভাতৃ বাংলাদেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আশাবাদী’ বুলি উল্লেখ কৰিছিল। আনকি, শ্বাহবাজে ইউনুছক পাকিস্তান ভ্ৰমণলৈ নিমন্ত্ৰণ জনাইছিল। তেওঁৰ এই মন্তব্যৰ কিছুদিন পাছতে এইবাৰ পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰীৰ কণ্ঠতো প্ৰকাশ পাইছে বাংলাদেশ প্ৰীতি।

উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰৰ মন্তব্য, “বাংলাদেশ আমাৰ হেৰাই যোৱা ভাতৃ। পাকিস্তানে তেওঁলোকক সকলো ধৰণে সমৰ্থন কৰিব।” ইছলামাবাদত এখন সংবাদমেলত তেওঁ এই মন্তব্য কৰে। ঢাকা ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত মত প্ৰকাশ কৰি পাকিস্তানী মন্ত্ৰীগৰাকীয়ে বাংলাদেশক সহযোগিতাৰ মূল অংশীদাৰ বুলি অভিহিত কৰে। উল্লেখ্য যে শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত ঢাকা-ইছলামাবাদৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে।

দুয়োখন দেশৰ মাজত ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ সাগৰীয় যোগাযোগ স্থাপন কৰা হৈছে। একে সময়তে পাকিস্তানৰ সৈতে বাংলাদেশৰ সামগ্ৰী পৰিদৰ্শনৰ ওপৰত থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ পাকিস্তানৰ দক্ষিণ বন্দৰ চহৰ কৰাচীৰ পৰা এখন মালবাহী জাহাজে পোনে পোনে চট্টগ্ৰাম বন্দৰত লংগৰ পেলাইছিল। এনে শেহতীয়া ঘটনাৰাজিৰ পিছত এতিয়া বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিত পাকিস্তানৰ প্ৰৰোচনা আছে বুলিও অভিযোগ উত্থাপন হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...