নূৰ ৱালি মেহছুদ কোন? যাক হত্যা কৰিবলৈ আফগানিস্তানত ভয়ংকৰ আক্ৰমণ চলালে পাকিস্তানে

Pakistan Attack on Kabul: ৪৮ লাখ জনসংখ্যাৰ কাবুল চহৰত পাকিস্তানে নূৰ ৱালি মেহছুদক হত্যা কৰিবলৈ আক্ৰমণ চলায়। এই ঘটনাত নিহত হয় প্ৰায় এক ডজন আফগান সাধাৰণ নাগৰিক। পাকিস্তানে নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা তেহৰিক-ই-তালিবানৰ মুৰব্বী আছিল নূৰ ৱালি।

নূৰ ৱালি মেহছুদ কোন? যাক হত্যা কৰিবলৈ আফগানিস্তানত ভয়ংকৰ আক্ৰমণ চলালে পাকিস্তানে

নূৰ ৱালি মেহছুদ কোন?

Published: 

10 Oct 2025 13:17 PM

আফগানিস্তানৰ ৰাজধানী কাবুলত পাকিস্তানৰ বিমান আক্ৰমণত নিহত হৈছে তালিবান নেতা নূৰ ৱালি মেহছুদ। সূত্ৰৰ উদ্ধৃতি দি আমু টিভিয়ে এই কথা প্ৰকাশ কৰিছে। পাকিস্তানে সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰা তেহৰিক-ই-তালিবানৰ মুৰব্বী আছিল নূৰ ৱালি। বহুদিনৰ পৰা পাকিস্তানৰ হিট লিষ্টত আছিল নূৰৰ নাম।

পাকিস্তানৰ লগতে আমেৰিকায়ো নূৰৰ হত্যাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে, কিয়নো কাবুলত আক্ৰমণ চলোৱাৰ পূৰ্বে পাকিস্তানে আমেৰিকাৰ অনুমতি লাভ কৰিছিল। নূৰক আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল আৰু তেওঁৰ ওপৰত ৫০ লাখ ডলাৰৰ বাউন্টি আৰোপ কৰা হৈছিল।

তেহৰিক-ই-তালিবানৰ মুৰব্বী নূৰ ৱালি মেহছুদ কোন আছিল?

মোল্লা ফজলুল্লাহ হত্যাৰ পিছত ২০১৮ চনত মুফতি নূৰ ৱালি মেহছুদে তেহৰিক-ই-তালিবানৰ কমাণ্ড লয়। সেই সময়ত আফগানিস্তান আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল। তালিবানৰ সহযোগত তেহৰিক-ই-তালিবানে আমেৰিকাৰ শক্তিৰ ভেটি কঁপাই তুলিছিল, শেষত আমেৰিকাই আফগানিস্তানৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল।

মেহছুদৰ কাৰ্যকালত তেহৰিক-ই-তালিবানে পাকিস্তানলৈ দুৰ্যোগ কঢ়িয়াই আনিছিল। এইবাৰ তেহৰিক-ই-তালিবানে ৭০০ৰো অধিক আক্ৰমণ সংঘটিত কৰি ২৭০ৰো অধিক জোৱানৰ প্ৰাণ লৈছিল।

তেহৰিক-ই-তালিবানৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত নূৰে নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইক হত্যা কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই মালালাক তালিবান সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনাজিৰ ভুট্টোৰ হত্যাকাণ্ডৰ সবিশেষ প্ৰকাশ কৰা প্ৰথমজন তালিবান সন্ত্ৰাসবাদী আছিল নূৰ। তেওঁ প্ৰথমে কৈছিল যে বেনাজিৰৰ হত্যাকাণ্ডত তালিবান সন্ত্ৰাসবাদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তালিবান-পাকিস্তান যুদ্ধৰ সূচনা হ’ব পাৰে

পাকিস্তানে নূৰ ৱালিক হত্যাৰ বাবে কৰা বিমান আক্ৰমণত ১২ জন লোকৰ মৃত্যু হয়। কাবুল আক্ৰমণক সাৰ্বভৌমত্ব উলংঘা বুলি অভিহিত কৰিছে তালিবানে। বিশ্বই এতিয়া তালিবানৰ প্ৰত্যুত্তৰৰ ওপৰত চকু ৰাখিছে।

ইতিমধ্যে তালিবানে পাকিস্তানক সকীয়াই দিছে যে তেওঁলোকৰ ভূখণ্ডত প্ৰৱেশ কৰিলে ভয়াৱহ পৰিণতি হ’ব পাৰে। কাবুল আক্ৰমণৰ পিছতে তালিবানে পাকিস্তানৰ বিৰুদ্ধে পূৰ্ণাংগ যুদ্ধ আৰম্ভ কৰিব পাৰে বুলি কোৱা হৈছে।

কি কি ৰোগত জিভা শুকাই যায়? এই লক্ষণবোৰ কেতিয়াও আওকাণ নকৰিব...
ছাল উজ্জ্বল কৰি তুলিব পাকঘৰৰ এইসমূহ মছলাই, এইদৰে ব্যৱহাৰ কৰিলেই পাব ফল
প্ৰাৰম্ভিক পৰ্যায়ত মগজুৰ টিউমাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে ?
মা কালীৰ বাহন কি আপুনি জানেনে?