ট্ৰাম্পক সন্তুষ্ট কৰাৰ চেষ্টা! পিছে অসন্তুষ্ট নিজ দেশৰ জনতা…

বিগত সময়চোৱাত বহু কাষচাপি আহিছে আমেৰিকা আৰু পাকিস্তান। শেহতীয়াকৈ ছুইজাৰলেণ্ডত পুনৰ একেলগে দেখা যায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক। কিন্তু ইয়াৰ পাছতে সমস্যাত পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী।

ট্ৰাম্পক সন্তুষ্ট কৰাৰ চেষ্টা! পিছে অসন্তুষ্ট নিজ দেশৰ জনতা...

শ্বেহবাজ শ্বৰীফ

Updated On: 

23 Jan 2026 | 08:44 AM

বিগত সময়চোৱাত আমেৰিকা আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ যথেষ্ঠ উন্নত হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তি ব’ৰ্ডৰ চনদত স্বাক্ষৰ কৰিবলৈ ছুইজাৰলেণ্ডৰ ডাভোছত উপস্থিত হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱাৰ্ল্ড ইকনোমিক ফৰামত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু নেতাই অংশগ্ৰহণ কৰিছে। গতিকে ইয়াৰ মাজতে শ্বেহবাজৰ এয়া এক ডাঙৰ কূটনৈতিক পদক্ষেপ বুলি অভিহিত কৰে একাংশই। কিন্তু ইকনোমিক ফৰামৰ মঞ্চত হোৱা এই স্বাৰক্ষক লৈ ইছলামাবাদত এতিয়া ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে।

বিৰোধী দলে শ্বেহবাজৰ এই পদক্ষেপক নৈতিকভাৱে ভুল বুলি সমালোচনা কৰে। উল্লেখ কৰা প্ৰয়োজন যে, গাজা যুদ্ধ অন্ত পেলোৱাৰ বাবে ট্ৰাম্পে বোৰ্ড অফ পিছৰ ২০ দফীয়া পৰিকল্পনাৰ দ্বিতীয় পৰ্যায়ৰ অংশ অনানুষ্ঠানিকভাৱে উত্থাপন কৰিছিল। কিন্তু পাকিস্তানৰ বহু লোকে গাজা শান্তি চুক্তিৰ সৈতে একমত নহয়।

পাকিস্তানৰ বিৰোধিয়ে কি কয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে  চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। লগতে কৈছে, এনে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বাবে সম্পূৰ্ণ স্বচ্ছতা আৰু সাৰ্বজনীন পৰামৰ্শৰ প্ৰয়োজন। দলটোৱে বিচাৰে যে, সংসদীয় তদন্তৰ অধীনত আৰু ইমৰাণ খানক জড়িত কৰি দেশত সম্পূৰ্ণ আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ট্ৰাম্পৰ সৈতে এই চুক্তিক কৰিব নালাগে।

পাকিস্তানৰ বিৰোধিৰ সমৰ্থন পেলে ষ্টাইনী জনতাক

পাকিস্তানৰ বিৰোধিয়ে পেলেষ্টাইনৰ জনতাক সমৰ্থন কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰি কয় যে, গাজা বা পেলেষ্টাইনৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা কোনো পৰিকল্পনা তেওঁলোকে গ্ৰহণ নকৰে। প্ৰধানমন্ত্ৰীৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ পাছতে মাজলিছ ৱাহদাত-ই-মুছলিমৰ মুৰব্বী তথা ছিনেটত বিৰোধী দলৰ নেতা আল্লামা ৰাজা নাছিৰ আব্বাছেও এই সিদ্ধান্তক ভুল বুলি কৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পে আলটিমেটাম জাৰি কৰাৰ পাছত পাকিস্তানত এই সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ। য’ত কোৱা হৈছে,  তেওঁ পেলেষ্টাইনী সন্ত্ৰাসবাদী হামাছক অস্ত্ৰ সমৰ্পন কৰিবলৈ দাবী কৰিছিল, অন্যথা তেওঁলোকক নিৰ্মূল কৰা হ’ব।

 

 

অন্য খবৰ পঢ়কঃ ৮খন যুদ্ধ বন্ধ কৰাৰ পাছতো নোবেল নিদিলে, গতিকে এতিয়া…ন’ৰৱেৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ ট্ৰাম্পৰ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...