অপাৰেচন সেন্দূৰৰ পিছতো শিক্ষা নল’লে পাকিস্তানী সেনাপ্ৰধান মুনিৰে, পুনৰ দিলে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি

পাকিস্তানক পাৰমাণৱিক অস্ত্ৰধাৰী দেশ বুলি উচ্চবাক্য কৰি মুনিৰে কয়, “যদি আমি অনুভৱ কৰোঁ যে আমি সংকটত পৰিছো, তেতিয়া আমি আধা বিশ্বক লগত লৈ যাম।”

অপাৰেচন সেন্দূৰৰ পিছতো শিক্ষা নল’লে পাকিস্তানী সেনাপ্ৰধান মুনিৰে, পুনৰ দিলে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি

পাক সেনা প্ৰধান অসীম মুনিৰ

Updated On: 

11 Aug 2025 08:21 AM

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অপাৰেচন সেন্দূৰৰ জড়িয়তে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিছিল ভাৰতে পোহৰলৈ অহা খবৰ অনুসৰি ভাৰতৰ এই শক্তিশালী অভিযানত বিপৰ্যস্ত হৈ পৰা পাকিস্তানে আনকি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বাবেও সাজু হৈছিল পাকিস্তানৰ এই ভাবুকিৰ উচিত প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে পাৰমাণৱিক অস্ত্ৰৰ ভাবুকিলৈ ভয় নকৰে বুলি সকীয়াই দিছিল পিছে অপাৰেচন সেন্দূৰে দেশখনৰ ককাল ভাঙিলেও শিক্ষা নললে পাকিস্তানৰ সেনাপ্ৰধান অসীম মুনিৰে

শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে পুনৰ দিছে পাৰমাণৱিক ভাবুকি। যদি ভৱিষ্যতে পাকিস্তানৰ প্ৰতি অস্তিত্বৰ ভাবুকি আহে, ইছলামাবাদে আধা বিশ্ব ধ্বংস কৰিব বুলি মন্তব্য কৰিছে মুনিৰে। টাম্পাত অনুষ্ঠিত এক অনুষ্ঠানত মুনিৰে এনে মন্তব্য কৰা বুলি খবৰ পোহৰলৈ আহিছে

দ্য প্ৰিণ্টৰ এক প্ৰতিবেদন মতে এই অনুষ্ঠানত মুনিৰে ভাৰতক পুনৰ পৰমাণু অস্ত্ৰৰ ভাবুকি দিছে পাকিস্তানক পাৰমাণৱিক অস্ত্ৰধাৰী দেশ বুলি উচ্চবাক্য কৰি মুনিৰে কয়, যদি আমি অনুভৱ কৰোঁ যে আমি সংকটত পৰিছো, তেতিয়া আমি আধা বিশ্বক লগত লৈ যাম।

ইফালে নিজ ভাষণত সিন্ধু জল চুক্তিৰ বিষয়েও উত্থাপন কৰে মুনিৰে ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ফলত জলসংকটে দেখা দিছে পাকিস্তানত মুনিৰৰ ভাবুকি, পাকিস্তানে এতিয়া ভাৰতে সিন্ধু নদীৰ ওপৰত মথাউৰি নিৰ্মাণ কৰালৈ অপেক্ষা কৰি আছে যেতিয়াই ভাৰতৰ মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব, পাকিস্তানে ১০টা ক্ষেপণাস্ত্ৰৰে এই মথাউৰি ধ্বংস কৰিব বুলি ভাবুকি দিয়ে মুনিৰে।

সিন্ধু নদী ভাৰতৰ পাৰিবাৰিক সম্পত্তি নহয় বুলি উল্লেখ কৰি মুনিৰে লগতে পাকিস্তানৰ হাতত ক্ষেপণাস্ত্ৰৰ অভাৱ নাই বুলিও আস্ফালন কৰেএই অনুষ্ঠানলৈ নিমন্ত্ৰিত লোকসকলক মোবাইল ফোন বা আন কোনো ডিজিটেল ডিভাইচ ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল বুলি প্ৰকাশ পাইছে কিন্তু নিজ ভাষণত মুনিৰে কেইবাবাৰো ভাৰতৰ সৈতে সংঘাতৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...